সমললৈ যাওক

জে. ৰবাৰ্ট অপেনহাইমাৰ

ৱিকিউদ্ধৃতিৰ পৰা
জে. ৰবাৰ্ট অপেনহাইমাৰৰ প্ৰতিকৃতি

ৰবাৰ্ট অপেনহাইমাৰ (ইংৰাজী: J. Robert Oppenheimer, ২২ এপ্ৰিল, ১৯০৪ – ১৮ ফেব্ৰুৱাৰী, ১৯৬৭) আছিল এজন আমেৰিকান তাত্ত্বিক পদাৰ্থবিজ্ঞানী। বাৰ্কলেৰ কেলিফৰ্ণিয়া বিশ্ববিদ্যালয়ৰ পদাৰ্থ বিজ্ঞানৰ অধ্যাপক অপেনহাইমাৰ যুদ্ধকালীন লছ আলামোছ পৰীক্ষাগাৰৰ মুৰব্বী আছিল আৰু মানহাটান প্ৰকল্পত ভূমিকা লোৱাৰ বাবে তেওঁক প্ৰায়ে "পৰমাণু বোমাৰ পিতৃ" হিচাপে কৃতিত্ব দিয়া হয়।

  • নৈতিকতা অবিহনে জ্ঞান আহৰণ কৰিব নোৱাৰি।[উৎসৰ প্ৰয়োজন]
  • আশাবাদীজনে ভাৱে যে আমাৰ জগতখন সকলো সম্ভাৱ্য জগতসমূহৰ ভিতৰত শ্ৰেষ্ঠ। আনহাতে নিৰাশাবাদীজনে ভয় কৰে যে এইটোৱেই সত্য।[উৎসৰ প্ৰয়োজন]
  • এতিয়া মই পৰিণত হ’লোঁ সৰ্ব জগতৰ সংহাৰকৰ্তা মৃত্যুত।[]
    • ১৯৪৫ চনত Trinity Testৰ পিছত, ভগৱদ গীতা (অধ্যায় ১১, শ্লোক ৩২)ৰ ইংৰাজী অনুবাদৰ পৰা উদ্ধৃত|
*স্থূল অৰ্থত... পদাৰ্থবিজ্ঞানীসকলে পাপৰ জ্ঞান লাভ কৰিছে।[] 
  • বিজ্ঞানী আৰু কৰ্মযোগী দুয়ো সদায় ৰহস্যৰ সীমান্তত আৰু তাৰ দ্বাৰা বেষ্টিত হৈ বাস কৰে[]


  • অনুসন্ধানৰ স্বাধীনতাৰ ওপৰত কোনো বাধা থাকিব নালাগে।[]
    • — বিজ্ঞানৰ নীতি সম্পৰ্কে


  • নতুন বস্তুৰ প্ৰথম পৰীক্ষাত সতৰ্ক হোৱা উচিত।[]
    • — বৈজ্ঞানিক সতর্কতা সম্পৰ্কে


  • কোনো মানুহে তেওঁ কিমান কম জানে তাক নজনাকৈ আমাৰ বিশ্ববিদ্যালয়ৰ পৰা ওলাই যাব নালাগে[]
    • — শিক্ষা সম্পৰ্কে মতামত
  • আমি জানিছিলোঁ যে পৃথিৱী আগৰ দৰে হৈ নাথাকিব।[]
    • — Trinity Testৰ স্মৃতি (1965 সাক্ষাৎকাৰ)


  • কিছুমান মানুহে হাঁহিছিল, কিছুমানে কান্দিছিল; অধিকাংশ মানুহ নিস্তব্ধ আছিল।[]
    • — Trinity Testৰ বৰ্ণনা
  1. Bhagavad Gita, Chapter 11, Verse 32; NBC Interview (1965)
  2. Bulletin of the Atomic Scientists (1947)
  3. Oppenheimer, J. R. (1954)
  4. Oppenheimer, Science and the Common Understanding (1954)
  5. Oppenheimer writings and lectures (1950s)
  6. Oppenheimer, educational addresses (1950s)
  7. NBC Television Interview (1965)
  8. NBC Television Interview (1965)