সমললৈ যাওক

জেমছ এলেন

ৱিকিউদ্ধৃতিৰ পৰা
জেমছ এলেন

জেমছ এলেন (ইংৰাজী: James Allen, ২৮ নৱেম্বৰ ১৮৬৪ – ২৪ জানুৱাৰী ১৯১২) আছিল এজন ব্ৰিটিছ দাৰ্শনিক লেখক যি তেওঁৰ প্ৰেৰণাদায়ক গ্ৰন্থ আৰু কবিতাৰ বাবে আৰু আত্মসহায়ক আন্দোলনৰ পথ প্ৰদৰ্শক হিচাপে পৰিচিত আছিল। ১৯০৩ চনত প্ৰকাশ পোৱাৰ পৰাই তেওঁৰ আটাইতকৈ পৰিচিত গ্ৰন্থ এজ এ মেন থিংকেথ বহুলভাৱে প্ৰকাশিত হৈ আহিছে। ই প্ৰেৰণাদায়ক আৰু আত্মসহায়ক লেখকসকলৰ বাবে প্ৰেৰণাৰ উৎস হৈ পৰিছে।

  1. অতি সাধাৰণ যেন লগা দৈনন্দিন জীৱনৰ সৰু সৰু ঘটনাৰাজিয়েই জ্ঞানৰ প্ৰকৃত উৎস৷[১]
  2. আক্ষৰিক অৰ্থতেই এগৰাকী মানুহ হৈছে- "তেওঁ কৰা চিন্তাসমূহ", তেওঁৰ চৰিত্ৰ হৈছে তেওঁৰ সকলো চিন্তাধাৰাৰ সমষ্টি।[২]
  3. কৰ্ম হৈছে চিন্তাৰ কলি। আনন্দ আৰু যাতনা ইয়াৰ ফল।
  4. এজন ব্যক্তিৰ জীৱনৰ বাহ্যিক অৱস্থাবোৰ তেওঁৰ ভিতৰৰ অৱস্থাৰ সৈতে সদায় সমন্বয়ত থকা দেখা যায়...মানুহে যিটো বিচাৰে তাক আকৰ্ষণ নকৰে; বৰঞ্চ তেওঁলোক নিজে যি, সেয়াহে আকৰ্ষণ কৰে।
  5. এজন ব্যক্তি কেৱল তেওঁ বাছি লোৱা চিন্তাৰ দ্বাৰাহে সীমাবদ্ধ হৈ থাকে।
  6. মানুহ যিমানেই শান্ত হৈ পৰে সিমানেই তেওঁৰ সফলতা, প্ৰভাৱ, ভালৰ বাবে শক্তি বৃদ্ধি পায়। মানসিক প্ৰশান্তি প্ৰজ্ঞাৰ অন্যতম সুন্দৰ মণি।
  7. মানুহৰ মনক বাগিচা এখনৰ লগত তুলনা কৰিব পাৰি, যিখন বাগিচাত সুপৰিকল্পিতভাৱে খেতি কৰিব পাৰি বা মুক্তভাৱে বৃদ্ধি পাবলৈ এৰি দিব পাৰি। কিন্তু খেতি কৰা হওক বা অৱহেলিত হওক; ই বৃদ্ধি পাবই । যদি তাত কোনো উপযোগী বীজ সিঁচা নহয়, তেন্তে তাত প্ৰচুৰ পৰিমাণে অসাৰ অপতৃণৰ বীজ পৰিব, আৰু একেধৰণৰ বীজ উৎপাদন কৰি থাকিব।[২]
  8. মানুহে নিজৰ পৰিস্থিতি উন্নত কৰিবলৈ ব্যাকুল হৈ থাকে, কিন্তু নিজকে উন্নত কৰিবলৈ ইচ্ছুক নহয়।
  9. মানুহে নিজৰ পৰিস্থিতি প্ৰত্যক্ষভাৱে বাছি ল’ব নোৱাৰে, কিন্তু তেওঁ নিজৰ চিন্তাধাৰা বাছি ল’ব পাৰে। আৰু এইদৰে পৰোক্ষভাৱে, কিন্তু নিশ্চিতভাৱে, তেওঁ নিজৰ পৰিস্থিতি গঢ় দিয়ে।[২]
  10. যন্ত্ৰণা সদায় কোনোবা নহয় কোনোবা দিশত কৰা ভুল চিন্তাৰ প্ৰভাৱ। ই এটা ইংগিত যে ব্যক্তিগৰাকীয়ে নিজৰ সৈতে, নিজৰ সত্তাৰ নিয়মৰ সৈতে সমন্বয় হেৰুৱাই পেলাইছে।
  11. কোনো মানুহ আনৰ দ্বাৰা বাধাগ্ৰস্ত নহয়; তেওঁ কেৱল নিজেই নিজক বাধা দিয়ে। কোনো মানুহে আনৰ কাৰণে কষ্ট নাপায়; তেওঁ কেৱল নিজৰ বাবেই কষ্ট পায়।
  12. শাৰীৰিকভাৱে দুৰ্বল মানুহে যেনেকৈ সাৱধানে আৰু ধৈৰ্য্যসহকাৰে প্ৰশিক্ষণ লৈ নিজকে শক্তিশালী কৰি তুলিব পাৰে, তেনেদৰে দুৰ্বল চিন্তাৰ মানুহে সঠিক চিন্তাৰ অনুশীলন কৰি তেওঁলোকক শক্তিশালী কৰি তুলিব পাৰে।
  1. এলেন, জেমছ (৬ আগষ্ট ২০২১). বাণী. নিয়মীয়া বাৰ্তা. আহৰণ কৰা হৈছে: ১০ ছেপ্টেম্বৰ ২০২১.
  2. ২.০ ২.১ ২.২ James Allen (1903)। As a Man Thinketh।
:w:
:w:
ৱিকিপিডিয়াত সম্বন্ধিত পৃষ্ঠা: