সমললৈ যাওক

জেন গুডঅল

ৱিকিউদ্ধৃতিৰ পৰা
এতিয়া বিশেষকৈ যেতিয়া মতামতবোৰ অধিক মেৰুকৃত হৈ পৰিছে, তেনে এক প্ৰেক্ষাপটত আমি ৰাজনৈতিক, ধৰ্মীয় আৰু জাতীয় সীমাৰ সিপাৰে ইজনে সিজনক বুজিবলৈ কাম কৰিব লাগিব।

ডেম জেন মৰিছ গুডঅল(ইংৰাজী: Dame Jane Morris Goodall) DBE (/ˈɡʊdɔːl/; জন্মতে ভালেৰি জেন মৰিছ-গুডঅল, ৩ এপ্ৰিল ১৯৩৪), পূৰ্বতে বেৰোনেছ জেন ভেন লাৱিক-গুডঅল, হৈছে এগৰাকী ইংৰাজ প্ৰাইমেটোলজিষ্ট আৰু নৃতত্ত্ববিদ৷ সাধাৰণ চিম্পাঞ্জীৰ এগৰাকী নেতৃস্থানীয় বিশেষজ্ঞ হিচাপে গুডঅল পৰিচিত৷ বনৰীয়া চিম্পাঞ্জীৰ সামাজিক আৰু পাৰিবাৰিক দিশৰ অধ্যয়নৰ লগত তেখেত ৬০ বছৰৰ জড়িত হৈ আছিল৷ টাঞ্জানিয়াত থকা গম্বে ষ্ট্ৰিম ৰাষ্ট্ৰীয় উদ্যানলৈ গুডঅল ১৯৬০ চনতে পোনপ্ৰথমবাৰৰ বাবে গৈছিল আৰু চিম্পাঞ্জীৰ মাজত মানৱ-সদৃশ আচৰণ প্ৰত্যক্ষ কৰিছিল৷ ইয়াৰ লগতে তেখেতে গম্বে চিম্পাঞ্জীৰ মাজত সশস্ত সংঘাতো দেখা পাইছিল৷ তেখেত "জেন গুডঅল প্ৰতিষ্ঠান" আৰু "ৰুটছ এণ্ড শ্বুটছ" কাৰ্যসূচীৰ প্ৰতিষ্ঠাপক৷ বন্যপ্ৰাণীৰ কল্যাণ-সম্বন্ধীয় আৰু সংৰক্ষণৰ লগত জড়িত দিশত তেখেতে ব্যাপকভাৱে কাম কৰিছে৷ ১৯৯৬ চনত প্ৰতিষ্ঠা হোৱা "ননহিউমেন ৰাইটছ্ প্ৰজেক্ট"ৰ পৰিষদত তেখেতে ইয়াৰ প্ৰতিষ্ঠাকালৰ পৰাই কাম কৰি আছে৷ [5][6] ২০০২ চনৰ এপ্ৰিলত জেন গুডঅলক ৰাষ্ট্ৰসংঘই শান্তিৰ দূত আখ্যা দিয়ে৷ গুডঅল বিশ্ব ভৱিষ্যত পৰিষদৰ এগৰাকী সন্মানীয় সদস্য৷

  • মাত্ৰ মনত ৰাখিব — যদি আপুনি সঁচাকৈয়ে আৰু প্ৰকৃততে জীৱ-জন্তুৰ সৈতে কাম কৰিবলৈ দৃঢ়প্ৰতিজ্ঞ, তেন্তে কেতিয়াবা, এতিয়াই হওক বা পিছত, আপুনি সেই কাম কৰাৰ উপায় বিচাৰি পাব। কিন্তু আপুনি ইয়াক বিচাৰিব লাগিব আপ্ৰাণভাৱে৷ আপুনি কঠোৰ পৰিশ্ৰম কৰিব লাগিব, আপুনি এটা সুযোগৰ সুবিধা ল’ব লাগিব — আৰু কোনোপধ্যেই হাৰ মানিব নোৱাৰিব।
    • My Life with the Chimpanzees (১৯৯৬), পৃ. ১১৩
  • অ-মানৱ হোৱাৰ স্বত্ত্বেও মানুহৰ দৰে ইমানবোৰ বৈশিষ্ট্য থকা এই সত্তাবোৰক আমি কি শব্দৰে সংজ্ঞায়িত কৰিম? আমি তেওঁলোকৰ লগত কেনে ব্যৱহাৰ কৰা উচিত? নিশ্চয় আমি আন মানুহৰ প্ৰতি যিদৰে বিবেচনা আৰু দয়াৰে ব্যৱহাৰ কৰা উচিত; যেনেকৈ আমি মানৱ অধিকাৰক স্বীকৃতি দিওঁ, তেনেকৈয়ে আমি মহাকপিকুলৰ অধিকাৰকো স্বীকৃতি দিব লাগিব৷ হয়নে? হয়।
    • "Chimpanzees - Bridging the Gap", in Paola Cavalieri, Peter Singer, The Great Ape Project: Equality Beyond Humanity (১৯৯৬), পৃ. ১৪
অ-মানৱ হোৱাৰ স্বত্ত্বেও মানুহৰ দৰে ইমানবোৰ বৈশিষ্ট্য থকা এই সত্তাবোৰক আমি কি শব্দৰে সংজ্ঞায়িত কৰিম?
  • বুজি পালেহে আমি গুৰুত্ব দিব পাৰিম। আমি যত্ন ল’লেহে আমি সহায় কৰিব পাৰিম। আমি সহায় কৰিলেহে তেওঁলোক পৰিত্ৰাণ পাব।
    • Reported in Patti Denys, Mary Holmes, Animal Magnetism: At Home With Celebrities & Their Animal Companions (১৯৯৮), পৃ. ১০৬
  • প্ৰতিজন ব্যক্তিয়েই গুৰুত্বপূৰ্ণ। প্ৰতিজন ব্যক্তিৰে ভূমিকা আছে। প্ৰতিজন ব্যক্তিয়ে এটা পাৰ্থক্যৰ সূচনা কৰে।
    • With Love (১৯৯৯)
  • মোৰ মিছন হৈছে এনে এখন পৃথিৱী সৃষ্টি কৰা য’ত আমি প্ৰকৃতিৰ লগত মিলাপ্ৰীতিৰে জীয়াই থাকিব পাৰোঁ। সেইটো মই অকলে কৰিব পাৰোঁনে? নোৱাৰোঁ৷ কিন্তু আমাৰ মাজত সেই কাম কৰিব পৰা ডেকা-গাভৰুৰ এটা সেনাবাহিনী আছে। গতিকে মই ধৰি লৈছোঁ মোৰ মিছন হ’ল মোৰ নিজৰ প্ৰচেষ্টাৰ জৰিয়তে যিমান পাৰোঁ, সিমান সেই যুৱক-যুৱতীসকলৰ ওচৰলৈ যোৱা।
  • আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ’ল আপুনি কি কৰে-সেই বিষয়ে প্ৰকৃততে চিন্তা কৰা। সচেতন হ’বলৈ আপুনি যি কৰে, পৰিৱেশ আৰু সমাজত আপুনি কৰা কামবোৰৰ কি প্ৰভাৱ পৰিব সেই বিষয়ে চিন্তা কৰাটোৱেই গুৰুত্বপূৰ্ণ কথা। সেইটোৱেই মূল কথা আৰু সেইটোৱেই বাকী সকলো কথাৰ অন্তৰ্নিহিত কথা।
    • Going Blue: A Teen Guide to Saving Our Oceans, Lakes, Rivers, & Wetlands (2010) by Cathryn Berger Kaye and Philippe Cousteau, পৃ. ১৪ত উদ্ধৃত
বুজি পালেহে আমি গুৰুত্ব দিব পাৰিম। আমি যত্ন ল’লেহে আমি সহায় কৰিব পাৰিম। আমি সহায় কৰিলেহে তেওঁলোক পৰিত্ৰাণ পাব।
প্ৰতিজন ব্যক্তিয়েই গুৰুত্বপূৰ্ণ। প্ৰতিজন ব্যক্তিৰ ভূমিকা আছে। প্ৰতিজন ব্যক্তিয়ে এটা পাৰ্থক্য লৈ আহে।