জাকিৰ হুছেইন (সংগীতজ্ঞ)
জাকিৰ হুছেইন আল্লাৰাখা কুৰেশ্বি, (৯ মাৰ্চ ১৯৫১ - ১৫ ডিচেম্বৰ ২০২৪) এগৰাকী ভাৰতীয় তবলা বাদক, সুৰকাৰ, পাৰ্কাচনিষ্ট, সংগীত প্ৰযোজক আৰু চলচ্চিত্ৰ অভিনেতা। তেওঁ তবলা বাদক আল্লা ৰাখাৰ জ্যেষ্ঠ পুত্ৰ। তেওঁ সৰ্বকালৰ অন্যতম শ্ৰেষ্ঠ তবলাবাদক হিচাপে সৰ্বজনস্বীকৃত। তেওঁ ভাৰত চৰকাৰৰ দ্বাৰা ১৯৮৮ চনত পদ্মশ্ৰী, ২০০২ চনত পদ্মভূষণ আৰু ২০২৩ চনত পদ্ম বিভূষণ বঁটাৰে সন্মানিত। ২০০৯ চনৰ ৮ ফেব্ৰুৱাৰীত হুছেইনে তেওঁৰ গ্ল'বেল ড্ৰাম প্ৰজেক্টৰ বাবে শ্ৰেষ্ঠ সমসাময়িক বিশ্ব সংগীত এলবামৰ গ্ৰেমী বঁটা শিতানত ৫১ সংখ্যক গ্ৰেমী বঁটা লাভ কৰে। এই এলবামটোত তেওঁক সহযোগ কৰিছিল মিকি হাৰ্ট আৰু জিঅ’ভানি হিডালগ’ই। তেওঁ ১৯৯০ চনত ভাৰত চৰকাৰৰ সংগীত নাটক অকাডেমী বঁটা আৰু ২০১৮ চনত সংগীত নাটক একাডেমী ফেলোশ্বিপেৰেও সন্মানিত হৈছে। হুছেইনক ১৯৯৯ চনত আমেৰিকা যুক্তৰাষ্ট্ৰত পৰম্পৰাগত শিল্পী আৰু সংগীতজ্ঞসকলক দিয়া সৰ্বোচ্চ বঁটা নেচনেল হেৰিটেজ ফেলোশ্বিপেৰে সন্মানিত কৰা হয়। তেওঁ সাতটা গ্ৰেমী বঁটাৰ বাবে মনোনয়ন লাভ কৰিছিল আৰু চাৰিটা জয় কৰিছিল। ২০২৪ চনৰ ফেব্ৰুৱাৰী মাহত তেওঁ তিনিটা গ্ৰেমী বঁটা লাভ কৰিছিল।
উদ্ধৃতি
[সম্পাদনা কৰক | উৎস সম্পাদনা]- মোক ঘৰলৈ আনি যেতিয়া মোৰ দেউতাৰ কোলাত গতাই দিয়া হ’ল, পৰম্পৰামতে পিতৃয়ে কেঁচুৱাটোৰ কাণত এটা প্ৰাৰ্থনা গাই, কেঁচুৱাটোক আদৰণি জনাই আৰু কিছু ভাল কথা ক’ব লাগে। গতিকে তেওঁ মোক কোলাত লৈ মোৰ কাণত ওঁঠ দুটা থৈ মোৰ কাণত তবলাৰ ছন্দবোৰ আবৃত্তি কৰে। মা আচৰিত হৈ পৰিছিল। তেওঁ কৈছিল, কি কৰি আছা? তুমি কোৱাৰ কথা, জানেনে, ই প্ৰাৰ্থনা, ছন্দ নহয়। আৰু তেওঁ ক’লে, “এইবোৰ মোৰ প্ৰাৰ্থনা। মই এইদৰেই প্ৰাৰ্থনা কৰোঁ। তেওঁ ক’লে, মই দেৱী সৰস্বতী আৰু ভগৱান গণেশৰ উপাসক।’’ এইজন আছিল এজন ইছলাম ধৰ্মৰ ভক্তই কোৱা কথা। তেওঁ ক’লে যে, এইটো তেওঁৰ শিক্ষকৰ পৰা পোৱা জ্ঞান আৰু পুত্ৰক দিব বিচাৰিছে।[১]
- সাধাৰণতে কাৰোবাৰ লগত কাম কৰাৰ আগতে তেওঁলোকৰ ক্ষেত্ৰ পৰ্যবেক্ষণ কৰো; অৰ্থাৎ মই তেওঁলোকৰ কনচাৰ্টৰ বাদ্য পৰিৱেশন শুনিবলৈ যাওঁ, তেওঁলোকৰ সংগীত, টেপ, যিয়েই নহওক কিয়, শুনিবলৈ যাওঁ, যাতে তেওঁলোকৰ লগত বহিলে তেওঁলোকৰ স্বভাৱ কি আৰু তেওঁলোকে কেনেধৰণৰ সংগীতৰ আৰ্হি বজাই ভাল পায়, মোৰ এটা মোটামুটি ধাৰণা হয়। অকলে, মই জাহাজৰ কেপ্তেইন, আৰু মই কি কৰিম সেইটো সিদ্ধান্ত লওঁ আৰু শ্ব’টোৰ গতি নিৰ্ধাৰণ কৰোঁ।
- The ring from Lata was like a blessing from Saraswati. প্ৰকাশক: Rediff.com. আহৰণ কৰা হৈছে: 12 December 2013.
- মই ভাবো যে দীৰ্ঘকালীনভাৱে বাণিজ্যিকীকৰণে সংগীতৰ অখণ্ডতাত কোনো প্ৰভাৱ পেলাব নোৱাৰে। সংগীত বা আন প্ৰতিটো উদ্যোগতে আপোনাৰ ভাল বেয়া সদায় থাকিব। ইয়াতো একেই কথা।[২]
মন্তব্য
[সম্পাদনা কৰক | উৎস সম্পাদনা]উৎস
[সম্পাদনা কৰক | উৎস সম্পাদনা]- ↑ ভাইৰেল ইণ্টাৰভিউ উইথ জাকিৰ হুছেইন. আহৰণ কৰা হৈছে: 17 ডিচেম্বৰ 2024.
- ↑ ring from lata. আহৰণ কৰা হৈছে: 22 ডিচেম্বৰ 2024.