জয়ন্ত বিষ্ণু নাৰ্লিকাৰ
অৱয়ব
জয়ন্ত বিষ্ণু নাৰ্লিকাৰ (জন্ম ১৯ জুলাই ১৯৩৮) এগৰাকী ভাৰতীয় জ্যোতিৰ্পদাৰ্থবিজ্ঞানী। তেওঁ ইণ্টাৰ ইউনিভাৰ্ছিটী চেণ্টাৰ ফৰ এষ্ট্ৰ’নমি এণ্ড এষ্ট্ৰ’ফিজিক্সৰ (IUCAA) এমেৰিটাছ অধ্যাপক।[১] জ্যোতিৰ্বিজ্ঞানী ফ্ৰেড হইলৰ সৈতে জয়ন্ত নাৰ্লিকাৰে মহাকৰ্ষণৰ এটি নতুন তত্ত্বৰ আৱিষ্কাৰ কৰিছিল যাক হইল-নাৰ্লিকাৰ তত্ত্ব বুলি কোৱা হয়।
উদ্ধৃতিসমূহ
[সম্পাদনা কৰক | উৎস সম্পাদনা]- বেনাৰস বিশ্ববিদ্যালয়ৰ পৰা স্নাতক (BSc) ডিগ্ৰী লৈ ১৯ বছৰ বয়সত মই কেম্ব্ৰিজলৈ যাওঁ। সেই সময়ত এনেকুৱা এটা ধাৰণা প্ৰচলন আছিল যে উচ্চ শিক্ষাৰ বাবে ইংলেণ্ড নাইবা আমেৰিকালৈ যাবই লাগিব, কাৰণ ইউৰোপ যদিও শিক্ষাত আগবঢ়া, তাত ভাষাৰ ব্যৱধান আহি পৰে। ইংলেণ্ড বা আমেৰিকাত সেই অসুবিধা নহয়।[২]
- কেম্ব্ৰিজত কম সময়তে বহুখিনি কথা পঢ়ুওঁৱা হৈছিল। ইয়াত এবছৰত যিমান পঢ়া হয় তাত ২৪টা লেকচাৰতে সিমানখিনি পঢ়াই দিয়ে। ইয়াত ধীৰে যোৱাৰ প্ৰৱণতা এটা আছে। গতিকে সেই সুৰুঙা দূৰ কৰিবলৈ নিজৰ ফালৰপৰা কষ্ট কৰিবলগা হয় আৰু কেতিয়াবা অগ্ৰজৰ পৰা সহায় ল’বলগীয়া হয়।[২]
- মোৰ সকলোতকৈ ভাল লাগিছিল এইটো কথাই যে এই বৰেণ্যলোকসকলে কেতিয়াও পাঠদান কৰিবলগীয়া কাৰণে গৱেষণাত ব্যাঘাত জন্মা বুলি কোৱা নাছিল। বৰ যত্ন কৰি পঢ়াইছিল তেওঁলোকে। আমাৰ ভাৰতত মই বহু প্ৰতিষ্ঠানত দেখিছোঁ বিজ্ঞানীসকলে গৱেষণাত ব্যাঘাত জন্মে বুলি পাঠদান কৰাৰ পৰা বিৰত থাকে। কিন্তু সেইটো মিছা, আনক বুজাওঁতে বৰং নিজৰ লাভহে হয়।[২]
- অক্সফ’ৰ্ডৰ পৰা স্নাতক লৈ তেওঁ কেম্ব্ৰিজলৈ আহিছিল। ৫-৬ সপ্তাহৰ সেই জহকালিৰ শিবিৰৰ অন্তত ছাত্ৰবিলাকে এখন টেবুল-টেনিছ প্ৰতিযোগিতা আয়োজন কৰিছিল। তাৰ ফাইনেলত মই হকিঙৰ মুখামুখি হৈছিলোঁ। মই তেওঁক হৰুৱাইছিলোঁ; তেওঁৰ শৰীৰ তেতিয়া সম্পূৰ্ণৰূপে সুস্থ, সেইটোৱেই মই ক’ব বিচাৰিছোঁ। তেওঁ টেবুল-টেনিছ খেলিব পাৰিছিল আৰু ফাইনেল পাইছিলগৈ। খেলাত সিমান ভাল নাছিল, কিন্তু সেইখিনি পাৰিছিল। টেবুল-টেনিছ খেলাৰ উপৰি বন্ধৰ দিনবোৰত তেওঁ দীঘলীয়া সময়ৰ কাৰণে খোজ কাঢ়িছিল। তেওঁ কেম্ব্ৰিজলৈ অহাৰ পাছত, আমি কিছু সংখ্যকে মন কৰিছিলোঁ, তেওঁ কথাবিলাক অলপ খোকোজা লগাৰ নিচিনাকৈ কয়, আৰু কিছুমান উচ্চাৰণ সঠিককৈ কৰিব নোৱাৰে। প্ৰথমে অমি প্ৰায়সকলে ভাবিছিলোঁ, তেওঁ অক্সফ’ৰ্ডৰ পৰা অহা বুলি দেখুৱাবলৈ চাগৈ তেনেকৈ কথা কয়! কিন্তু পিছত গম পালোঁ, তেওঁৰ বেমাৰৰ বাবে তেনেকুৱা হৈছিল। লাহে লাহে তেওঁক লাখুটি লৈ খোজ কঢ়া আৰু পাছলৈ হুইল চেয়াৰত চলা ফুৰা কৰা দেখা পাইছিলোঁ। (ষ্টিফেন হকিঙৰ সান্নিধ্য সম্পৰ্কে)[২]
- মই যিটো দেখিছোঁ, আমাৰ সমাজৰ প্ৰতিটো স্তৰত, অশিক্ষিতসকলৰ দৰেই শিক্ষিতসকলো বিভিন্ন ধৰণৰ অন্ধবিশ্বাসেৰে প্ৰভাৱিত হৈ থাকে। মাথোঁ, শিক্ষিতসকলৰ অন্ধবিশ্বাস অশিক্ষিতসকলতকৈ কিছু আধুনিক। সেইবাবে কু-সংস্কাৰপূৰ্ণ বিশ্বাসৰ ঠাইত আমি বাস্তৱ-সন্মত শিক্ষা দিব লাগিব। অন্ধবিশ্বাসী লোকসকলক বুজাই দিব লাগিব যে সেই ধাৰণাসমূহ শুদ্ধ নহয় আৰু সেইসমূহ ভুল বুলি পৰীক্ষামূলকভাৱে প্ৰমাণ কৰিব পাৰি।[২]
- নিজৰ মতামত আনৰ ওপৰত জাপি দিয়াৰ সলনি আমি তেওঁক নিজৰ বিচাৰ-বিবেচনাৰে কথা এটাৰ সত্যাসত্য চালি-জাৰি চাবলৈ শিকাব লাগিব। বিজ্ঞানক জনপ্ৰিয় কৰি তোলাৰ মাজত বিভিন্ন পৰিঘটনাবোৰ উদাহৰণৰ সহায়ত বিস্তৃতভাবে ব্যখ্যা কৰা আৰু লগতে তেওঁলোকৰ জ্ঞানৰ পৰিসৰ বৃদ্ধি কৰিবলৈ বিজ্ঞানৰ নতুন আৱিষ্কাৰবোৰৰ বিষয়ে সাধাৰণ ৰাইজক অৱগত কৰোৱা, ইত্যাদি পৰে।[২]
- পশ্চিমীয়া দেশবোৰতো দেখা যায়, গৱেষণাক কেৰিয়াৰ হিচাপে লোৱাজনে মেনেজমেণ্ট কৰ্মী এজনতকৈ কম উপাৰ্জন কৰে। কিন্তু পশ্চিমীয়া দেশবোৰৰ বিশ্ববিদ্যালয়বোৰ বহু উন্নত আৰু সেইবোৰে ছাত্ৰ-ছাত্ৰীক আকৰ্ষণ কৰাত সফল হয়। আমাৰ তাতো তেনে হ’ব পাৰে, কিন্তু কাৰ্যত সেইটো দেখা নাযায়। IISERবোৰ (Indian Institutes of Science Education and Research) হোৱাৰ পিছত এইক্ষেত্ৰত কিছু শুধৰণী আহিছে। IITবোৰে ব্যৱহাৰ্যিক বিজ্ঞানত যি কাম কৰি আছে, IISERবোৰেও বিশুদ্ধ বিজ্ঞানত একে কামেই কৰি আছে।[২]
- বিদ্যালয়বোৰত চৰকাৰে কৰিবলগীয়া এতিয়াও বহুখিনি আছে। মানুহে ভাল মানৰ শিক্ষাৰ বাবে হাজাৰ টকা খৰচ কৰা ব্যক্তিগত বিদ্যালয়বোৰৰ কথা বাদ দিলে চৰকাৰী বিদ্যালয়বোৰত তোমালোকে দেখিবা, ল’ৰা-ছোৱালী অনুপাতে শ্ৰেণীকোঠা আৰু শিক্ষকৰ নাটনি। থকা কেইজনেও ওপৰঞ্চি বোজাৰ কাৰণে বিষয়বোৰ ভালদৰে পঢ়াই যাবলৈ সময় নাপায়। শিক্ষাৰ প্ৰতি আগ্ৰহী ল’ৰা-ছোৱালীয়ে ইয়াৰ পৰা কিমানখিনি লাভ পাব? মোৰ পত্নী মহাৰাষ্ট্ৰৰ কিছুমান বিদ্যালয়ৰ লগত জড়িত হৈ আছে। তেওঁ এই আচল ছবিখন খুব ভালদৰে দেখিছে।[২]
- মই ভাবোঁ ই অতি প্ৰয়োজনীয়। মই প্ৰায়ে কিছুমান অহৌবলিয়া মানুহৰ পৰা চিঠি পাওঁ। তেওঁলোকে বুজাবলৈ খুব চেষ্টা কৰে, তেওঁলোকৰ সূত্ৰটো আইনষ্টাইন বা নিউটনতকৈ কিয় ভাল। কেতিয়াবা তেওঁলোকে ৰাষ্ট্ৰপতি বা প্ৰধানমন্ত্ৰীলৈ লিখে, তেওঁলোকে আকৌ বিজ্ঞান আৰু কাৰিকৰী দপ্তৰলৈও পঠিয়াই দিয়ে। এই অনুষ্ঠানবোৰে তেতিয়া আমাৰ পৰা মতামত বিচাৰে। মোৰ উত্তৰত সাধাৰণতে মই কওঁ যে যেতিয়ালৈ তেওঁলোকে ইয়াক গণিতিকভাৱে প্ৰমাণ কৰি নেদেখুৱায়, অৰ্থাৎ পদাৰ্থ বিজ্ঞানৰ ভাষাত প্ৰকাশ নকৰে, মই বুজিবলৈ টান পাওঁ। বুজি নাপাওঁ বুলি ক’লেতো আৰু কোনেও তৰ্ক কৰিব নোৱাৰে, সেই ব্যক্তিজনক ভুল বুলি ক’লেহে তেওঁ জ্বলি-পকি উঠিব। (পদাৰ্থবিজ্ঞানত গণিতৰ প্ৰয়োজনীয়তা সম্পৰ্কে)[২]
- এটা সময় আছিল, তেতিয়া মই এই উদ্বোধনী অনুষ্ঠানবোৰত ভাগ লৈছিলোঁ। কেম্ব্ৰিজৰ পৰা ঘূৰি আহি ১৯৬৮ চনত পুণে বিশ্ববিদ্যালয়ৰ পদাৰ্থবিজ্ঞানৰ মুৰব্বীয়ে মোক অনুৰোধ কৰিলে নতুন টেলিস্কোপ এটা মই হেনো মুকলি কৰিব লাগে। মই গ’লোঁ। অনুষ্ঠানটোৰ বাতৰি বিতংকৈ খবৰ-কাকতত ওলাল। এখনে সম্পাদকীয়ত লিখিলে “টেলিস্কোপ মুকলি কৰিবলৈ নাৰ্লিকাৰক মতাতো তেওঁৰ সময়ৰ অপচয়”। কথাখিনিয়ে মোক ভবাই তুলিলে। তেতিয়াৰ পৰা মই একো উদ্বোধনী অনুষ্ঠানত ভাগ লোৱা নাই। ইয়াৰ পৰা কিমান সময় বাচিছে মই গণনা কৰিও উলিয়াইছোঁ। সাধাৰণতে এনেকুৱা অনুষ্ঠানত একোটাত ৫-৬ জন লোকে মঞ্চত উঠি ঘূৰাই-পকাই একেখিনি কথাকে কৈ থাকে। আৰু তাৰপিছত একেই ফিটাকটা। কোনোৱে জানিব নিবিচাৰে ইয়াৰ পিছৰ পৰ্যায়তনো কি হ’ব। গতিকে এনে এখন অনুষ্ঠানত নাই বুলিও মোৰ দুই-তিনি ঘণ্টামানকৈ সময় বাচি গৈছে।[২]
তথ্যসূত্ৰ
[সম্পাদনা কৰক | উৎস সম্পাদনা]- ↑ "Astrophysicist Jayant Narlikar Turns 80: 'Despite excellent work at many labs, a Nobel Prize in science eludes India since 1930'", The Indian Express, 20 July 2018. (in en)
- ↑ ২.০০ ২.০১ ২.০২ ২.০৩ ২.০৪ ২.০৫ ২.০৬ ২.০৭ ২.০৮ ২.০৯ প্ৰফেচৰ জয়ন্ত বিষ্ণু নাৰ্লিকাৰৰ সৈতে এটি আছুতীয়া সাক্ষাৎকাৰ. সাক্ষাৎকাৰ. প্ৰকাশক: গণিতচ'ৰা (৫ আগষ্ট ২০১৪). আহৰণ কৰা হৈছে: ২৫ মে' ২০২৪.