সমললৈ যাওক

জন এফ. কেনেডী

ৱিকিউদ্ধৃতিৰ পৰা
অ'ভেল কাৰ্যালয়ত জন এফ কেনেডীৰ আলোকচিত্ৰ

জন ফিট্‌জগেৰল্ড কেনেডী ছিনিয়ৰ (ইংৰাজী: John F. Kennedy, ২৯ মে' ১৯১৭ – ২২ নৱেম্বৰ ১৯৬৩) আছিল এগৰাকী আমেৰিকান ৰাজনীতিবিদ। তেওঁ আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৩৫ তম ৰাষ্ট্ৰপতি হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। উল্লেখযোগ্য যে, কেনেডী আমেৰিকা যুক্তৰাষ্ট্ৰত নিৰ্বাচনৰ জৰিয়তে ৰাষ্ট্ৰপতিৰ পদত অধিষ্ঠিত হোৱা কনিষ্ঠতম ৰাষ্ট্ৰপতি।

  1. ভূগোলে আমাক প্ৰতিৱেশী কৰি তুলিছে। ইতিহাসে আমাৰ মাজত বন্ধুত্ব গঢ়ি তুলিছে। অৰ্থনীতিয়ে আমাক অংশীদাৰ কৰি তুলিছে। আৰু প্ৰয়োজনীয়তাই আমাক মিত্ৰ কৰি তুলিছে। যিসকলক প্ৰকৃতিয়ে এনেদৰে একত্ৰিত কৰিছে, তেওঁলোকক কোনেও পৰস্পৰ বিচ্ছিন্ন কৰিব নিদিবা। আমাক যিয়ে একত্ৰিত কৰে সেয়া আমাক বিভাজিত কৰাতকৈ বহুত ডাঙৰ।[১]
  2. যদি অধিকতৰ ৰাজনীতিবিদে কবিতা জানিলেহেঁতেন, আৰু অধিকতৰ কবিয়ে ৰাজনীতি জানিলেহেঁতেন, তেন্তে মই নিশ্চিত যে পৃথিৱীখন বাস কৰিবলৈ অলপ ভাল ঠাই হ’লহেঁতেন৷[২]
  1. Canada Remembers President John F. Kennedy. প্ৰকাশক: Global Affairs Canada (November 22, 2013). আহৰণ কৰা হৈছে: July 4, 2022.
  2. Remarks at Harvard University, Cambridge, Massachusetts (14 June 1956); Box 895, Senate Speech Files, John F. Kennedy Papers, Pre-Presidential Papers, John F. Kennedy Presidential Library
:w:
:w:
ৱিকিপিডিয়াত সম্বন্ধিত পৃষ্ঠা: