সমললৈ যাওক

ছাত্ৰ-ছাত্ৰীৰ গাইড

ৱিকিউদ্ধৃতিৰ পৰা

ছাত্ৰ-ছাত্ৰীৰ গাইড হৈছে অভিজিত শৰ্মা বৰুৱাই ৰচনা কৰা এখন শিশু-কিশোৰৰ উপযোগী গ্ৰন্থ।[]

  1. সৰ্বোত্তম বন্ধু হ'ল এনে এজন বন্ধু, যি তোমাক তোমাৰ প্ৰয়োজনীয় সময়ত বিভিন্ন দিশ বা উপায় তোমাৰ আগত দাঙি ধৰে, কিন্তু তাৰে কোনো এটা উপায় গ্ৰহণ কৰিবলৈ তোমাক জোৰ নকৰে। অৰ্থাৎ, তোমাৰ ৰুচি-অভিৰুচি, পচন্দৰ ওপৰত সেয়া এৰি দিয়ে। কিতাপে ঠিক এইটো কামকে কৰে বাবে কিতাপক 'সৰ্বোত্তম বন্ধু' বুলি অভিহিত কৰা হয়।[]
  2. সফল অধ্যয়নৰ ক্ষেত্ৰত আটাইতকৈ প্ৰয়োজনীয় কথাটো হ'ল - অধ্যয়নৰ ইচ্ছা। সেয়াই যদি নাথাকে, তেন্তে তোমাক কোনেও একো সহায় কৰিব নোৱাৰে। []
  3. ধৰা, তুমি এজন মানুহক বহু দিনৰ মূৰত লগ পালা। মানুহজন চিনাকি চিনাকি লাগিছে, কিন্তু কোন আছিল, সেয়া সঠিককৈ মনত পৰা নাই। এয়া তেনেই স্বাভাৱিক। কিন্তু সদায় লগ পাই থকা বন্ধুজনক? তেওঁৰ ক্ষেত্ৰত কি এনে ভুল হ'ব? সেয়া সম্ভৱেই নহয়। গতিকে কি বুজিলা? পঢ়াৰ ক্ষেত্ৰতো তুমি এবাৰ পঢ়িলেই সেয়া যথেষ্ট নহয়। তুমি সঘনাই সেয়া আওৰালেহে সি মনত ৰৈ যাব। []
  4. সহায়ক পুথি সদায় সহায়ক পুথিহে। সি তোমাক সহায় কৰিব, কিন্তু কেতিয়াও তোমাৰ বাবে একমাত্ৰ পঠনীয় পুথি হ'ব নোৱাৰে। []
  5. তুমি শিকিবলৈ ভাল পোৱাটো বা তোমাৰ ভিতৰত শিকাৰ আগ্ৰহ সৃষ্টি হোৱাটো বৰ গুৰুত্বপূৰ্ণ কথা। বিজ্ঞান হ'ল এই ক্ষেত্ৰত এক আকৰ্ষণীয় আৰু উপযুক্ত মাধ্যম। []
  6. কিতাপ পঢ়া মানুহৰ বাবে জীৱনটো কেতিয়াও বিৰক্তিকৰ নহয়। তেওঁৰ যদি অফুৰন্ত আজৰি সময়ো থাকে, তেন্তে তেওঁ বিৰক্ত হ'ব নালাগে। কিতাপেই তেওঁক উচিত আৰু মন ভাল লগা সংগ দিব। []
  7. বয়ঃসন্ধিৰ বাবেই যে ল'ৰা-ছোৱালীয়ে কিছু অস্বাভাৱিক আচৰণ দেখুৱাইছে, সেয়া মাক-দেউতাক বা অভিভাৱকে বুজি পাব লাগিব আৰু যিমান পাৰি সহমৰ্মিতা, সহযোগিতা আৰু মৰমেৰে তেওঁলোকক সেই কাল অতিক্ৰম কৰোৱাৰ চেষ্টা কৰিব লাগিব। দৰকাৰ হ'লে অভিজ্ঞ লোকৰ সহায়-পৰামৰ্শও ল'ব লাগিব। []
  8. আত্মবিশ্বাসৰ 'আত্ম' শব্দটো মন কৰিবা। মানে এই বিশ্বাসৰ ওপৰত আনৰ কোনো হাত নাই। তাক তুমি নিজেই আনিব লাগিব। আনে তোমাক সাহস দিব পাৰে; ভাল, বা কামত অহা উপদেশ দিব পাৰে, কিন্তু আত্মবিশ্বাস আনি দিব নোৱাৰে। []
  9. কেতিয়াবা তোমাৰ ভুলো হ'ব পাৰে। তুমি সেই ভুল মানি লৈ নিজকে নিজে ক্ষমা কৰিব লাগিব। ক্ষমা মানে কিন্তু পাহৰি যোৱা নহয়! তুমি নিজকে এই কাৰণেহে ক্ষমা কৰিছা যাতে তুমি আকৌ আগুৱাই যাব পাৰা; সেই ভুল পুনৰাবৃত্তি কৰিবৰ বাবে বা তাক পাহৰিবৰ বাবে তুমি নিজকে নিজে ক্ষমা কৰা নাই![১০]
  10. মানুহৰ মাজত কুঅভ্যাস আৰু সুঅভ্যাস দুয়োটা থাকে। সেয়া একো অস্বাভাৱিক কথা নহয়। তোমাৰ কাম হ'ল - তোমাৰ সুঅভ্যাস আৰু কুঅভ্যাসবোৰ চিনি লোৱা আৰু কুঅভ্যাসবোৰ লাহে লাহে এৰিবলৈ চেষ্টা কৰা আৰু সুঅভ্যাসবোৰ লাহে লাহে বঢ়াবলৈ যত্ন কৰা। [১১]
  11. বন্ধু অৱশ্যে ঠিক পাতো বুলিও পাতিব নোৱাৰি। বন্ধুত্ব আপোনাআপুনি হৈ যায়। সেয়া নিজৰ ৰুচি-অভিৰুচিৰ ওপৰত নিৰ্ভৰ কৰি হয়। [১২]
  12. কোনো শিশুৱে জন্মতেই আগ্ৰহ লৈ নাহে। আগ্ৰহ সৃষ্টি হয় পাছত। যেতিয়া শিশুৱে কোনো কাম বাৰে বাৰে দেখে, আৰু তাৰে কোনো কাম তেওঁৰ ভাল লাগে, তেতিয়া তেওঁ তাৰ প্ৰতি আগ্ৰহী হৈ উঠে। [১৩]
  13. যেনেকৈ বিশ্বাস অবিহনে প্ৰকৃত চিকিৎসা নহয়, তেনেকৈ শ্ৰদ্ধা অবিহনে প্ৰকৃত শিক্ষা নহয়। [১৪]
  14. তুমি নিজে যেতিয়া শয়নে-সপোনে সুনিৰ্দিষ্ট লক্ষ্যৰ কথাকে চিন্তা কৰি থাকা, তেন্তে তোমাৰ অৱচেতন শক্তিয়ে, আৰু লগতে তোমাৰ আবেগ-অনুভূতিয়েও সেয়া অনুভৱ কৰিব আৰু তোমাক সহায় কৰিব।[১৫]
  15. তুমি বেছিভাগ সফল খেলুৱৈৰ ক্ষেত্ৰতে মন কৰিবা যে যিসকল খেলুৱৈয়ে মানসিক চাপ হজম কৰি শান্ত মস্তিষ্কৰে খেলিব পাৰে, তেওঁলোকেই সফল হয়। [১৬]
  16. সঠিক সময়ত সঠিকভাবে সলনি হ'লেহে জীৱনত সুখী আৰু সফল হোৱা যায়। এনে পৰিৱৰ্তন মানৱ জীৱনৰ বাবে বৰ প্ৰয়োজনীয়‌। [১৭]
  17. আমাৰ বিফল ছাত্ৰ-ছাত্ৰীসকলৰ ক্ষেত্ৰত দেখা যায় যে মেধা বা যোগ্যতাৰ অভাৱৰ বাবে নহয়, সঠিক সময়ত সঠিক দায়িত্ব নোলোৱা বা নিজকে উপযুক্তভাবে পৰিবৰ্তন কৰি নোলোৱা কামবোৰেহে তেওঁলোকক বিফলতাৰ ফালে আগবঢ়াই লৈ যায়। প্ৰত্যেক ছাত্ৰ-ছাত্ৰীৰ জীৱনত কেইটামান বৰ গুৰুত্বপূৰ্ণ বছৰ থাকে। সেই বছৰকেইটাত নিজকে সঠিকভাবে সলনি কৰি প্ৰয়োজনীয় কষ্ট কৰিলে পাছৰ সমগ্ৰ জীৱনটোৱেই বেছ মসৃণ হৈ পৰে। [১৮]
  18. আমাৰ অমূল্য মানৱ জীৱনটো এক বজাৰহে নেকি যে আমি সদায় লাভলৈহে চকু দিম আৰু কেৱল লাভৰ চিন্তাত আমাৰ মানৱীয় গুণ-বৈশিষ্ট্যবোৰ হেৰুৱাই পেলাম? [১৯]
  19. যিকোনো যুদ্ধত সদায়েই দুটা পক্ষ থাকে। বিজয়ী আৰু পৰাজিত। এটা পক্ষ জিকে, আনটো পৰাজিত হয়। কিন্তু জীৱন যুদ্ধত তেনে কোনো বিপৰীত পক্ষ নাই। ইয়াত সকলো বিজয়ী হ'ব পাৰে। বা কোনো পৰাজিত নহ'ব পাৰে। জীৱনত সকলো সফল হ'ব পাৰে আৰু কোনো বিফল নহ'ব পাৰে। [২০]
  20. গড়ৰ খৰ্গ যে আচলতে ঘনীভূত চুলিৰ দৰে গঠন, তাৰ কোনো মাংগলিক বা ঔষধি প্ৰভাৱ থাকিব নোৱাৰে, সেয়া আমি বুজিও নুবুজোঁ। সম্পূৰ্ণ এটা খৰ্গ নাকৰ আগত লৈও গঁড়ৰ সৌভাগ্য নহ'ল, বৰং নিৰ্মম হত্যাৰ বলি হ'বলগীয়া হ'ল; গতিকে তাৰ এটা সৰু টুকুৰা লৈ মানুহৰ কি সৌভাগ্য হ'ব?[২১]
  1. শৰ্মা বৰুৱা, অভিজিত (নৱেম্বৰ,২০১৯)। ছাত্ৰ-ছাত্ৰীৰ গাইড। সঞ্জীৱন। ISBN: 978-93-88456-02-9
  2. পৃষ্ঠা ১০
  3. পৃষ্ঠা ১৯
  4. পৃষ্ঠা ২০
  5. পৃষ্ঠা ২৫
  6. পৃষ্ঠা ৩৪
  7. পৃষ্ঠা ৫৯
  8. পৃষ্ঠা ৬৬
  9. পৃষ্ঠা ৭০
  10. পৃষ্ঠা ৭১
  11. পৃষ্ঠা ৭৫
  12. পৃষ্ঠা ৭৬
  13. পৃষ্ঠা ৭৯
  14. পৃষ্ঠা ৮৩
  15. পৃষ্ঠা ৯০
  16. পৃষ্ঠা ৯৪
  17. পৃষ্ঠা ৯৬
  18. পৃষ্ঠা ৯৭
  19. পৃষ্ঠা ১০১
  20. পৃষ্ঠা ১০৭
  21. পৃষ্ঠা ১১৯