চাৰিশাল গোসাঁনীৰ তেজ (গ্ৰন্থ)
অৱয়ব
চাৰিশাল গোসাঁনীৰ তেজ তুলিকা শইকীয়াৰ একমাত্ৰ প্ৰকাশিত উপন্যাস। এই উপন্যাসখনত প্ৰধানতঃ সাধনী-নীতিপালৰ কাহিনীৰ লগতে সেই সময়ৰ সাধাৰণ শ্ৰমজীৱী মানুহৰ জীৱনৰ এখনি জীয়া ছবি ঔপন্যাসিকে অংকন কৰিছে। এই উপন্যাসখনৰ প্ৰথম প্ৰকাশ হয় ২০১৩ চনৰ নৱেম্বৰ মাহত, প্ৰকাশ কৰে আখৰ প্ৰকাশে। উপন্যাসখনৰ তৃতীয় সংস্কৰণটো ২০২১ চনৰ ফেব্ৰুৱাৰী মাহত গুৱাহাটীৰ বান্ধৱ প্ৰকাশৰ দ্বাৰা প্ৰকাশ কৰা হয়। এই উপন্যাসখনৰ বাবে ২০১৪ চনত তুলিকা শইকীয়ালৈ মুনীন বৰকটকী সাহিত্য বঁটা আগবঢ়োৱা হয়।[১]
উদ্ধৃতি
[সম্পাদনা কৰক | উৎস সম্পাদনা]- এই নীতিপাল এতিয়া কেৱল সাধনীৰে নহয়, এই ৰাজ্যৰো সৰ্বস্ব। পিতাকে তাইৰ হাতত অৰ্পণ কৰা সোণৰ মেকুৰী আৰু ঢাল-তৰোৱাল ৰক্ষা কৰা এতিয়া তাইৰ প্ৰথম দায়িত্ব। নীতিপালৰ পত্নী হৈ, চুতীয়া ৰাজ্যৰ ৰাণী হৈ সাধনীয়ে এই সম্পদ আৰু ৰাজ্যৰ মৰ্যাদা ৰক্ষা কৰিব লাগিব। এয়া নিয়তিৰ বিধান। এয়াই পিতৃ-মাতৃৰ ইচ্ছা, এয়াই কেঁচাইখাঁতী গোসাঁনীৰো ইচ্ছা।[২]
- কিন্তু এতিয়া সেই আসনত বহি আছে মন্ত্ৰীতকৈও বহুগুণে হীন এটি গৰখীয়া ল'ৰা। যি নিতায়ে মন্ত্ৰীৰ চকুলৈ চোৱাও অপৰাধ, যি নিতাই মন্ত্ৰী ডাঙৰীয়া অহা-যোৱা পথত ৰৈ থকাও অপৰাধ- সেই নিতাইৰ ওচৰত তেওঁ মূৰ দোঁৱাই কেনেকৈ?[৩]
- ৰজা হৈছে মস্তক, মন্ত্ৰীসকল হৈছে নয়নযুগল, ৰাজভড়াল হৈছে মুখ, সৈন্যবাহিনী হৈছে মন, প্ৰতিৰক্ষাৰ কাৰণে থকা দুৰ্গবোৰ হৈছে বাহু আৰু প্ৰজাগণ হৈছে পদযুগল।[৪]
- এই ৰাজ্যৰ খাতিৰত পুৰণি হৈ যোৱা পাহৰি যাব লাগিব। ৰজা সবাৰে উৰ্দ্ধত। নিজে মূৰ তুলি থাকিবলৈ হ'লে সকলোৰে। মূৰ তল কৰি ৰাখিব লাগিব। নহ'লে নিজৰ মূৰেই খহি পৰিব। শা সকলোৰে মনত সমীহ ভাৱ জগাই ৰাখিব নোৱাৰিলে ক্ষমতাৰ? বাঘজৰী মুঠিমাৰি ধৰি থকা টান হ'ব।[৫]
- জন্মতে সকলো নিৰ্ণয় হৈ গৈছে- কাৰ কি কাম, কাৰ জীৱন কেনে হ'ব। কাৰোবাৰ জন্ম হৈছে আনক শাসন কৰিবলৈ, কাৰোবাৰ জন্ম হৈছে আনৰ কাৰণে জীৱন দিবলৈ। ইয়াত আপোনাৰ মোৰ হাত নাই।[৬]
- দগধা বগাৰ ঘোঁৰা আহি বিলৰ পাৰত ৰোৱাৰ লগে লগে আটাইবোৰ মানুহ বিলৰ পৰা উঠি আহিল। গোটেই মাছখিনি দগধা বৰাই ভালকৈ চাই ল'লে। আটাইতকৈ ডাঙৰ ৰৌ মাছটো, চিতল এটা আৰু ৰাঘ বৰালি এটা যাব ৰজাৰ ঘৰলৈ। শ'ল মাছো বাৰক জুৰুলা ভাল পাই ৰজাই। ভাগ একোটা মন্ত্ৰী-ডাঙৰীয়াসকলৰ ঘৰলৈকো কোনোবাদিনা যাব। নিজৰ কাৰণে সৰহকৈ নিবিচাৰে তেওঁ। ভাল চাই চিতল নৰ মনোমোহা এটা, পকা তেঁতেলীৰে সৈতে খাবলৈ বৰালি এটা আৰু মাণ্ডৰ খলিহনা যি হয়।[৭]
উৎস
[সম্পাদনা কৰক | উৎস সম্পাদনা]- ↑ শইকীয়া, তুলিকা (নৱেম্বৰ, ২০১৩)| চাৰিশাল গোসাঁনীৰ তেজ| আখৰ প্ৰকাশন
- ↑ শইকীয়া, তুলিকা (নৱেম্বৰ, ২০১৩) | চাৰিশাল গোসাঁনীৰ তেজ | আখৰ প্ৰকাশন, পৃষ্ঠা-৪৩
- ↑ শইকীয়া, তুলিকা (নৱেম্বৰ,২০১৩) | চাৰিশাল গোসাঁনীৰ তেজ | আখৰ প্ৰকাশন, পৃষ্ঠা-৬৭
- ↑ শইকীয়া, তুলিকা (নৱেম্বৰ, ২০১৩) | চাৰিশাল গোসাঁনীৰ তেজ | আখৰ প্ৰকাশন, পৃষ্ঠা-৬৯
- ↑ শইকীয়া, তুলিকা (নৱেম্বৰ, ২০১৩) | চাৰিশাল গোসাঁনীৰ তেজ | আখৰ প্ৰকাশন, পৃষ্ঠা-৯৫
- ↑ শইকীয়া, তুলিকা (নৱেম্বৰ, ২০১৩) | চাৰিশাল গোসাঁনীৰ তেজ| আখৰ প্ৰকাশন, পৃষ্ঠা-৯৭
- ↑ শইকীয়া, তুলিকা (নৱেম্বৰ, ২০১৩) | চাৰিশাল গোসাঁনীৰ তেজ | আখৰ প্ৰকাশন, পৃষ্ঠা-১০৬