চাণক্য
অৱয়ব

চাণক্য (খ্ৰীষ্টপূৰ্ব ৩৭০-২৮৩) প্ৰাচীন ভাৰতৰ এজন আদৰ্শ গুৰু (শিক্ষক), দাৰ্শনিক আৰু ৰাজ-উপদেষ্টা আছিল। তেওঁক কৌটিল্য অথবা বিষ্ণুগুপ্ত নামেৰেও অভিহিত কৰা হয়। তেওঁ প্ৰাচীন ভাৰতৰ ৰাষ্ট্ৰবিজ্ঞানৰ গুৰুত্বপূৰ্ণ গ্ৰন্থ অৰ্থশাস্ত্ৰ ৰচনা কৰিছিল। তেখেতক ভাৰতৰ ৰাজনীতি বিজ্ঞান আৰু অৰ্থনীতিৰ জনক, আৰু তেওঁৰ কৰ্মৰাজিক ধ্ৰুপদী অৰ্থনীতিৰ পথপ্ৰৱৰ্তক বুলি বিবেচনা কৰা হয়।
উদ্ধৃতি
[সম্পাদনা কৰক | উৎস সম্পাদনা]- মানুহ কৰ্মৰ দ্বাৰাহে মহান হয়, জন্মৰ দ্বাৰা নহয়।[উৎসৰ প্ৰয়োজন]
- শিক্ষাৰ অৰ্থ হ’ল দেশৰ বাবে ব্যক্তিক প্ৰশিক্ষণ দিয়া আৰু জাতিক ভাল পাবলৈ শিকোৱা৷[উৎসৰ প্ৰয়োজন]
- নিজৰ কাৰ্য সিদ্ধি কৰিব বিচৰাসকলে নক্ষত্ৰৰে ভাগ্য পৰীক্ষা নকৰে। (न त्वरितस्य नक्षत्रपरीक्षा।)[১]
- ভাগ্যৰ ভৰষাত থকাসকলৰ কেতিয়াও কাৰ্যসিদ্ধি নহয়। (न दैवप्रमाणानां कार्यसिद्धिः।)[১]
- অধম লোকে ধন বিচাৰে, মধ্যম লোকে ধন আৰু মান দুয়োটা বিচাৰে, কিন্তু উত্তম লোকে কেৱল মান বিচাৰে। মানেই হৈছে মহৎ ধন।(अधमा धनमिच्छन्ति धनं मानं च मध्यमाः। उत्तमा मानमिच्छन्ति मानो हि महतां धनम्॥)[১]
- পৃথিৱীৰ তিনিটা ৰত্ন হৈছে অন্ন, পানী আৰু ভাল বচন। মূৰ্খসকলে শিলাখণ্ডকে ৰত্ন জ্ঞান কৰে। (पृथिव्यां त्रीणी रत्नानि जलमन्नं सुभाषितम्। मूढैः पाषाणखण्डेषु रत्नसंज्ञा विधीयते॥)[১]
- সকলো যজ্ঞ, দান, বলি আদি নষ্ট হৈ যায়, কিন্তু পাত্ৰক দিয়া দান আৰু অভয়দানৰ ফল কেতিয়াও নষ্ট হৈ নাযায়। (क्षीयन्ते सर्वदानानि यज्ञहोमबलि क्रियाः। न क्षीयते पात्रादानम भयं सर्वदेहिनाम्॥)[১]
- চৰিত্ৰবান লোকৰ পক্ষে পৃথিৱীত অসাধ্য একো নাই।[২]
- স্বদেশ আৰু স্বজাতিৰ সেৱাৰ বাবে লাভ কৰা অভিজ্ঞতা আৰু প্ৰশিক্ষণকে শিক্ষা বুলি কোৱা হয়৷[৩]
- ৰজাৰ সন্মান ৰাজ্যতহে, কিন্তু এজন শিক্ষিত লোকৰ সন্মান সকলোতে৷[৩]
- পানীৰ তলত চৰি ফুৰা মাছে পানী খালে যিদৰে ধৰিব নোৱাৰে, ঠিক তেনেদৰে ৰজাৰ কাৰ্যবাহী বিষয়াকো টকা আত্মসাৎ কৰিলে ধৰিব নোৱাৰি৷[৪]
- অজ্ঞতা আৰু শৃংখলাৰ অভাৱেই মানুহৰ দুখ-কষ্টৰ কাৰণ।
- যিজন ৰজাই শত্ৰুৰ গতিবিধি সম্পৰ্কে ধাৰণা কৰিব নোৱাৰে আৰু কেৱল অভিযোগ কৰে যে, তেওঁক পিঠিৰ ফালৰ পৰা ছুৰিকাঘাত কৰা হৈছে, তেওঁক সিংহাসনচ্যুত কৰা উচিত।[৫]
- অভ্যাসহীন বিদ্যা, অজীৰ্ণত ভোজন, দৰিদ্ৰই সভাত কালাতিপাত কৰা আৰু বৃদ্ধৰ তৰুণী ভাৰ্যা বিষতুল্য।[৫]
- ঋণ, অগ্নি আৰু ব্যাধিৰ অৱশেষ ৰাখিব নালাগে, কাৰণ সিবোৰ আকৌ বাঢ়ি যাব পাৰে।[৫]
- মূৰ্খ শিষ্যক কেতিয়াও উপদেশ দিব নালাগে। দুষ্ট নাৰীক ভৰণ-পোষণ দিব নালাগে আৰু দুখী (পদে পদে কৰুণা বিচৰা) মানুহৰ সংগত থাকিব নালাগে।[৬]
- বিপদ-আপদৰ পৰা ৰক্ষা পাবলৈ মানুহে উপাৰ্জনৰ কিছু অংশ নিশ্চয় সঞ্চয় কৰিব লাগে। কিন্তু যদি নিজৰ পত্নীৰ ওপৰত বিপদৰ ছাঁ দেখা যায় তেতিয়া সেই সঞ্চিত ধন খৰছ কৰিও তেওঁৰ প্ৰাণ ৰক্ষা কৰা উচিত আৰু কেনেবাকৈ যদি মানুহজনৰ নিজৰ জীৱনলৈকে সংকট নামি আহে, তেনে পৰিস্থিতিত সেই ধনতো বাদেই প্ৰয়োজনত নিজৰ পত্নীৰ বলিদান দি হ’লেও আত্মৰক্ষা কৰিব লাগে।[৬]
- যিখন দেশত মানুহে সন্মান নাপায়, আত্মসংস্থাপনেৰে জীৱিকা আৰ্জনৰ পথো সহজে পোৱা নাযায়; য’ত সম-বুদ্ধি-বৃত্তিৰ বন্ধু-বান্ধৱ নাই, আনকি শিক্ষালাভৰ সুবিধাও নাই, তেনে দেশত কেতিয়াও থাকিব নালাগে।[৬]
- যি স্থানত সংস্থাপনৰ সুবিধা নাথাকে, য’ৰ বাসিন্দাসকলৰ মনত ঈশ্বৰ আৰু পৰজনমৰ ভয় নাথাকে অথবা বেয়া কাম কৰিবলৈয়ো লাজ নাথাকে, পৰস্পৰৰ প্ৰতি মৰম-চেনেহ অথবা বিপদ-আপদত ইজনে-সিজনক সহায় কৰাৰ মানসিকতা নাথাকে, তেনে স্থানত কেতিয়াও ঘৰ সাজিব নালাগে।[৬]
- ভৃত্য কিমান বিশ্বাসী তাৰ প্ৰমাণ পোৱা যায় তেওঁৰ ওপৰত কামৰ দায়িত্ব দিয়াৰ পাছত। আত্মীয়ৰ পৰিচয় পোৱা যায় কোনো আসক্তিত ৰত হ’লে, হঠাতে উদ্ভৱ হোৱা বিপদকালত মিত্ৰৰ আৰু ধনৰ অভাৱৰ সময়খিনিত ভাৰ্যাৰ আন্তৰিকতাৰ প্ৰমাণ পোৱা যায়।[৬]
উত্স
[সম্পাদনা কৰক | উৎস সম্পাদনা]- ↑ ১.০ ১.১ ১.২ ১.৩ ১.৪ अश्विनी पाराशर। चाणक्य नीति, २०२०, नई दिल्ली। डायमंड पाॅकेट बुक्स (प्रा.) लि.। ISBN: 81-7182-625-3।
- ↑ শ্ৰীদূৰ্গাশঙ্কৰ দেৱ শৰ্ম্মা (১৯৮৮)। উদ্ধৃতি। ওৰিয়েণ্টেল বুক কোম্পানী।
- ↑ ৩.০ ৩.১ (সম্পা)দ্বিজেন সিং (২০১৬)। জ্ঞানজ্যোতি। জ্ঞানজ্যোতি ২০১৬ সম্পাদনা সমিতি।
- ↑ মহৎ লোকৰ বাণী, অপূৰ্ব তালুকদাৰ, নিষ্ঠা প্ৰকাশন, ২০১৬,পৃ: নং; ৫৩
- ↑ ৫.০ ৫.১ ৫.২ চাণক্যৰ বচন. আহৰণ কৰা হৈছে: 29 জানুৱাৰী 2025.
- ↑ ৬.০ ৬.১ ৬.২ ৬.৩ ৬.৪ ভৰালী, সংগীতা (অনুবাদক) (২০১৭)। চাণক্যৰ নীতিশাস্ত্ৰ। অসম বুক ট্ৰাষ্ট, পৃষ্ঠা:৩৪,৩৫,৩৬,৩৭।