গ্যেটে
অৱয়ব

জোহান উলফ্গাং ভন গ্যেটে (ইংৰাজী: Johann Wolfgang von Goethe) (২৮ আগষ্ট ১৭৪৯ – ২২ মাৰ্চ ১৮৩২) এগৰাকী জাৰ্মান বহুগণিতবিদ আৰু লেখক, যাক সামগ্ৰিকভাৱে জাৰ্মান ভাষাৰ সৰ্বশ্ৰেষ্ঠ আৰু প্ৰভাৱশালী লেখক হিচাপে গণ্য কৰা হয়। তেওঁৰ ৰচনাই ১৮ শতিকাৰ শেষৰ ফালৰ পৰা বৰ্তমানলৈকে পশ্চিমীয়া সাহিত্য, ৰাজনৈতিক আৰু দাৰ্শনিক চিন্তাধাৰাত গভীৰ আৰু ব্যাপক প্ৰভাৱ পেলাইছে।[১][২] তেওঁ এগৰাকী কবি, নাট্যকাৰ, ঔপন্যাসিক, বিজ্ঞানী, ৰাষ্ট্ৰনেতা, নাট্য পৰিচালক আৰু সমালোচক;[১] তেওঁৰ ৰচনাসমূহৰ ভিতৰত নাটক, কবিতা আৰু নান্দনিক সমালোচনাৰ লগতে উদ্ভিদ বিজ্ঞান, শৰীৰবিজ্ঞান আৰু ৰঙৰ ওপৰত লিখা গ্ৰন্থও অন্তৰ্ভুক্ত।
উদ্ধৃতিসমূহ
[সম্পাদনা কৰক | উৎস সম্পাদনা]- ধন ব্যয় কৰাত ফুটি ওলায় মানুহৰ জীৱনবোধৰ পৰিচয়।
- অবিমিশ্ৰ প্ৰেমৰ আনন্দ যি পাইছে একমাত্ৰ তেৱেঁই সুখী। কাৰণ প্ৰেম আৰু ঘৃণা দুয়োকে এদিন সমাধিয়ে গ্ৰাস কৰি পেলাব।[৩]
- নিজৰ চকুত যদি সূৰ্য্যৰ জ্যোতি নাথাকে, তেন্তে সেই চকুৰে সূৰ্য্যক দেখা নাযায়। আমাৰ নিজৰ মাজতে যদি দেৱতাসুলভ শক্তি নাথাকে, তেন্তে দেৱতাসুলভ বাস্তৱে আমাক কেনেকৈ আনন্দ দিব পাৰিব?[৪]
- আচৰণ হ'ল এখন দাপোণ,তাত মানুহৰ ৰূপটো প্ৰতিবিম্বিত হৈ উঠে।[৫]
- মানুহৰ প্ৰতিভাৰ বিকাশ হয় নিৰ্জনতাত; কিন্তু চৰিত্ৰ গঠন হয় মানুহৰ হেঁচা-ঠেলাৰ মাজত।[৬]
- কোনোবা মানুহ যেতিয়া আমাৰ ওচৰলৈ আলহী হৈ আহে, আমি তেওঁক ভালকৈ জানিব নোৱাৰো, তেওঁৰ আচল স্বৰূপটো জানিবলৈ হ’লে আমি তেওঁৰ ওচৰলৈ যাব লাগিব৷[৭]
- যেনে মানুহ তেনে ঈশ্বৰ, সেইকাৰণেই ঈশ্বৰ পৰিহাসৰ বস্তু হৈ পৰে৷[৮]
- মুখৰ কথা ভাল, কিন্তু সবাতোকৈ ভাল নহয়৷ শ্ৰেষ্ঠক কথাৰে বুজাব নোৱাৰি৷ আমি যি ভাব মনত লৈ কাম কৰো সেয়ে হৈছে আচল কথা৷[৭]
- এজন কবিয়ে,- প্ৰকৃততে যদি তেওঁ কবি হয়, - কেতিয়াও কোনো নশ্বৰ মানুহক তোষামোদ কৰি কবিতা নিলিখে, তেওঁ সাধাৰণ বা অসাধাৰণ, সম্ৰাট বা অঘৰী যিয়েই নহওক কিয়৷[৭]
- জ্ঞানগৰ্ভ কথাসমূহ ইতিমধ্যে হেজাৰজনৰ মনত উদ্ৰেক হৈছে, কিন্তু সেই চিন্তাসমূহক আমাৰ নিজৰ কৰি ল’বলৈ আন্তৰিকতাৰে আকৌ এবাৰ ভাবিব লাগিব, যাতে সেইবোৰ আমাৰ ব্যক্তিগত অভিজ্ঞতাৰ মাজত সোমাই পৰে৷[৭]
- সংসাৰ ধুমুহাতে গঠিত হয় চৰিত্ৰ৷[৭]
- যিকোনো এটা কাম কৰাৰ সপক্ষে বা বিপক্ষে হাজাৰটা যুক্তি থাকিব পাৰে৷ তৰ্কৰ নিপুণতা ফুটি উঠিব দুয়োটা পক্ষৰ যুক্তিবোৰ ভালকৈ উপস্থাপন কৰিবলৈ জনাৰ মাজত, কিন্তু জীৱনৰ নিপুণতা ফুটি উঠিব সেই যুক্তিবোৰৰ নিৰান্নব্বৈ শতাংশকেই নাকচ কৰিব পৰাৰ মাজত৷[৭]
- তিৰোতাৰ লগত সামাজিক সম্পৰ্কই হ’ল সদাচাৰৰ মূলমন্ত্ৰ৷[৭]
- ততালিকে সংগ্ৰহ কৰা ধন শেষ হৈ যায়, কিন্তু ধীৰে ধীৰে সংগ্ৰহ কৰা ধন দুগুণকৈ বাঢ়ি যায়৷[৭]
- যি মানুহে নিজকে শাসন কৰিব নোৱাৰে, তেওঁ চিৰকাল দাস হৈ ৰ’ব।[উৎসৰ প্ৰয়োজন]
- আৰ্চীখনলৈ চকু পকাই নাচাবাচোন! বেচেৰা আৰ্চীখনে তোমাৰ কি জগৰ লগালে?[উৎসৰ প্ৰয়োজন]
- মানুহৰ প্ৰতিভা বিকশিত হয় নিৰ্জনতাত, কিন্তু চৰিত্ৰ গঠিত হয় জনতাৰ হেঁচা-ঠেলাৰ মাজত।[উৎসৰ প্ৰয়োজন]
- পৃথিৱীৰ লগত কোনো সম্পৰ্ক নৰখাকৈ জীয়াই থকাৰ আটাইতকৈ ডাঙৰ উপায় হ’ল শিল্প-কলা; পৃথিৱীৰ লগত ঘনিষ্ঠতম সম্পৰ্ক স্থাপন কৰাৰ আটাইতকৈ ডাঙৰ উপায় হ’ল শিল্প-কলা।[উৎসৰ প্ৰয়োজন]
- সংখ্যাগৰিষ্ঠতকৈ অধিক ঘৃণনীয় বস্তু আৰু নাই৷ মাত্ৰ কেইজনমান শক্তিশালী নেতাই সংখ্যাগৰিষ্ঠক বাট দেখুৱায়৷ বহুতো মূৰ্খ মেৰুদণ্ডহীন মানুহে তেওঁলোকক অনুসৰণ কৰে আৰু জনতাই কি কৰিছে একো নজনাকৈয়ে পিছে পিছে ঘূৰি ফুৰে৷[৭]
- যিজনে নিজকে নিয়ন্ত্ৰণ কৰিব নোৱাৰে তেওঁ সদায়ে দাস হৈ থাকে৷[৯]
- অৱসৰ কালত প্ৰতিভাৰ বিকাশ হয়,চৰিত্ৰ গঠিত হয় সংসাৰৰ ধুমুহাত।[১০]
- যিজনে নিজকে জ্ঞানীলোক বুলি ভাবে তেওঁতকৈ মূৰ্খলোক পৃথিৱীত দ্বিতীয়জন নাই।[১০]
- কি কৰিব লাগে আৰু কেনেকৈ কৰিব লাগে,তাকে নজনাকৈ অনন্ত কাল জীয়াই থাকিলেও জীৱনৰ লক্ষ্যত উপনীত হ'ব নোৱাৰে।[১০]
- সৰু বুলি কাকো অৱহেলা নকৰিবা। তুমি সৰু বুলি ভবা বস্তু এটাই তোমাক কেতিয়াবা বিৰাট সত্যৰ সন্ধান দিব পাৰে।[১০]
উৎস
[সম্পাদনা কৰক | উৎস সম্পাদনা]- ↑ ১.০ ১.১ সাঁচ:Britannica.
- ↑ Johann Wolfgang von Goethe — Biography. প্ৰকাশক: knarf.english.upenn.edu.
- ↑ নিয়মীয়া বাৰ্তা, ১৩ আগষ্ট, ২০২১
- ↑ ধুমুহাৰ স’তে বহু যুগৰে নাচোন; এই সময়ত; পংকজ জ্যোতি মহন্ত
- ↑ নিয়মীয়া বাৰ্তা, ১৮ মে',২০২১
- ↑ নিয়মীয়া বাৰ্তা, ২১ মে', ২০২১
- ↑ ৭.০ ৭.১ ৭.২ ৭.৩ ৭.৪ ৭.৫ ৭.৬ ৭.৭ ৭.৮ বৰা, ৰক্তাভ জ্যোতি (২০০৩)। উদ্ধৃতি অভিধান। বাণী মন্দিৰ, পৃষ্ঠা:৩৭, ৬৫, ১০৮, ১১১, ১২৮, ১৫১।
- ↑ উদ্ধৃতি অভিধান, ৰক্তাভ জ্যোতি বৰা, পৃ:নং; ৪৯ বাণী মন্দিৰ, ২০০৩
- ↑ "দিগ দৰ্শন". দৈনিক অগ্ৰদূত (১০৯). ২৪ জানুৱাৰী ২০২৬.
- ↑ ১০.০ ১০.১ ১০.২ ১০.৩ মহৎ লোকৰ বাণী, কুবেৰ পাব্লিকেচন
বাহ্যিক সংযোগ
[সম্পাদনা কৰক | উৎস সম্পাদনা]- Goethe Extensive Biography - by Worldroots.com
- Weimar Classics Foundation (includes the National Goethe Museum and the Goethe and Schiller Archive)
- সাঁচ:Gutenberg author (English translations and German originals)
- Johann Wolfgang von Goethe's works at Projekt Gutenberg-DE (in German)
- Poems of J. W. Goethe as HTML/PDF, Directories, Dictionary (in German)
- Goethe and giving style to one's character
- Exploratory Experimentation: Goethe, Land, and Color Theory
- Large Image - famous painting of Goethe in high resolution.
- Another famous painting
- List of Goethe quotes (English translations and German originals)

