গড়গাঁও

ৱিকিউদ্ধৃতিৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
গড়গাঁৱৰ কাৰেংঘৰৰ ভিতৰচৰা

গড়গাঁও আহোম ৰাজ্যৰ ৰাজধানী আছিল। ১৫৪০ চনত স্বৰ্গদেউ চুক্লেংমুঙে গড়গাঁৱত আহোম ৰাজ্যৰ ৰাজধানী স্থাপন কৰিছিল।[১] বৰ্তমান এই স্থান অসমৰ শিৱসাগৰ জিলাত অৱস্থিত। গড়গাঁও শিৱসাগৰ চহৰৰ পৰা ১৩ কিলোমিটাৰ নিলগত অৱস্থিত। ১৫৪০ চনতে স্বৰ্গদেউ চুক্লেংমুঙে গঁড়গাঁৱত কাৰেং ঘৰ কাঠ আৰু শিলেৰে নিৰ্মাণ আৰম্ভ কৰিছিল। তাৰ পাছত স্বৰ্গদেউ প্ৰমত্ত সিংহয়ে ইয়াক ইটাৰে নিৰ্মাণ কৰে। তেওঁ গড়গাঁও কাৰেঙৰ চাৰিওফালে প্ৰায় পাঁচ কিলোমিটাৰ দৈৰ্ঘ্যৰে ইটাৰ দেৱাল আৰু প্ৰৱেশদ্বাৰ নিৰ্মাণ কৰিছিল।[২] ১৭৫২ চনত কাৰেংঘৰটো বেয়াকৈ ক্ষতি হয়। সেয়ে আহোম স্বৰ্গদেউ ৰাজেশ্বৰ সিংহই ইয়াক পুনৰ নিৰ্মাণ কৰায়।[২][৩]

গড়গাঁৱৰ সৈতে জড়িত উদ্ধৃতি[সম্পাদনা কৰক | উৎস সম্পাদনা]

  • গড়গাঁও,
    কথা শুনি তল যাওঁ।[৪]
  • গড়গঞা কটাৰিৰ ডাবেই কাটে।[৪]
  • ইয়াতে মাৰিলে টিপা,
    গড়গাঁও পালেগৈ শিপা[৪]
  • গড়গাঁও পিছল বাট,
    বুঢ়াকো নিচিনি, ডেকাকো নিচিনি
    হাতেপতি লাখুটিপাত[৪]
  • গড়গঞা হাতী,
    টিকাও নকৰে কাতি[৪]
  • গড়গঞা মিতিৰৰ ভাও,
    মুখে বোলে, "থাক,থাক",
    ভৰিৰে হেঁ‌চোকে নাও।[৪]

তথ্যসূত্ৰ[সম্পাদনা কৰক | উৎস সম্পাদনা]

  1. Assam Monuments and Museums - Gargaon Palace. প্ৰকাশক: mapsofindia.com. আহৰণ কৰা হৈছে: 29 জুলাই 2020.
  2. ২.০ ২.১ Kareng Ghar - onlinesivasagar.com. Abhijit Borah. প্ৰকাশক: onlinesivasagar.com. আহৰণ কৰা হৈছে: 29 জুলাই 2013.
  3. Kareng Ghar, Gargaon. প্ৰকাশক: Assam Online Portal (২০১৩). আহৰণ কৰা হৈছে: 29 জুলাই 2013.
  4. ৪.০ ৪.১ ৪.২ ৪.৩ ৪.৪ ৪.৫ ড° সূৰ্য্যকুমাৰ ভূঞা (২০২৩)। শৰাইঘাটৰ সুবচনী। অসম প্ৰকাশন পৰিষদ, পৃষ্ঠা:১০১।