সমললৈ যাওক

খুছৱন্ত সিং

ৱিকিউদ্ধৃতিৰ পৰা

খুছৱন্ত সিং এগৰাকী প্ৰসিদ্ধ ভাৰতীয় সাহিত্যিক, উপন্যাসিক, স্তম্ভ লেখক, সাংবাদিক আৰু ইতিহাসবিদ। ১৯৫০ চনত ' দা মাৰ্ক অৱ বিষ্ণু এণ্ড আদাৰ ষ্টৰীজ' নামৰ গ্ৰন্থখনেৰে তেওঁ সাহিত্যিক জীৱন আৰম্ভ কৰে। জীৱনকালত তেওঁ প্ৰায় ৮৪খন গ্ৰন্থ ৰচনা কৰিছে বুলি জনা যায়। তাৰোপৰি ১৯৭০ ৰ পৰা ১৯৮০ চনৰ ভিতৰত তেওঁ বহুতো আলোচনী আৰু বাতৰিকাকতত সম্পাদক হিচাপে কাম কৰিছিল। ১৯৮০ চনৰ পৰা ১৯৮৬ চনলৈ তেওঁ ৰাজ্যসভাৰ মনোনীত সদস্য আছিল। তেওঁ ১৯৭৪ চনত ভাৰত চৰকাৰৰ পদ্মভূষণ আৰু ২০০৭ চনত পদ্মবিভূষণ সন্মান লাভ কৰে। ২০১৪ চনৰ ২০ মাৰ্চ তাৰিখে তেওঁ ৯৯ বছৰ বয়সত মৃত্যু বৰণ কৰে।

  1. যেতিয়া পৃথিৱীখন ৰাতিৰ আৱৰণেৰে আবৃত হৈ থাকে, তেতিয়া মনৰ দাপোনখন আকাশৰ দৰে হয়, য’ত চিন্তাবোৰে তৰাৰ দৰে জিলিকি উঠে।[১]
  2. নৈতিকতা ধনী মানুহৰ কথা। দুখীয়া মানুহৰ নৈতিকতা থাকিব নোৱাৰে। গতিকে তাৰ সলনি তেওঁলোকৰ ধৰ্ম আছে।[১]
  3. এয়াই দিল্লী। যেতিয়া জীৱনটো আপোনাৰ বাবে অসহনীয় হৈ পৰে তেতিয়া আপোনাৰ প্ৰয়োজন মাথোঁ নিগমবোধ ঘাটত এঘণ্টা সময় কটোৱাৰ- তাত মৃতকক জুইত জ্বলাই দিয়া চাব আৰু মৃতকৰ বাবে তেওঁলোকৰ আত্মীয়সকলৰ কান্দোন শুনিব। তাৰ পিছত ঘৰলৈ আহি হুইস্কিৰ পেগ দুটামান ল'ব। দিল্লীত মৃত্যু আৰু মদ্যপানে জীৱনটো জীয়াই থকাৰ যোগ্য কৰি তোলে।[১]
  4. আপোনাৰ নীতি হ’ব লাগে সকলো চোৱা কিন্তু একো নোকোৱা। পৃথিৱীখন ইমানেই দ্ৰুতগতিত সলনি হয় যে যদি আপুনি উঠিব বিচাৰে তেন্তে আপুনি কোনো ব্যক্তি বা দৃষ্টিভংগীৰ সৈতে নিজকে একাকাৰ কৰিব নোৱাৰে।[১]
  5. বেয়াৰ প্ৰতি সচেতনতা ভালৰ প্ৰচাৰৰ বাবে এক অপৰিহাৰ্য পূৰ্বচৰ্ত।[১]
  6. ইমানবোৰ দেৱতা, ইমানবোৰ ধৰ্ম্ম, ইমানবোৰ একাঁ-বেঁকা বাট, কিন্তু সেই সকলোবোৰৰ ভিতৰত কেৱল দয়ালু হোৱাৰ কলাটোৱেই এই দুখী পৃথিৱীখনক আটাইতকৈ দৰকাৰী।[১]
  7. মানুহৰ তেজত যিমান ভালপোৱা থাকে, সেই একেই পৰিমাণে অপৰাধপ্ৰৱণতা থাকে। জন্মতেই কোনো অপৰাধী হৈ নাহে। ভোক, অভাৱ আৰু অন্যায়ৰ দ্বাৰা অপৰাধীৰ সৃষ্টি হয়।[১]