সমললৈ যাওক

কেশদা মহন্ত

ৱিকিউদ্ধৃতিৰ পৰা

কেশদা মহন্ত (ইংৰাজী: Keshada Mahanta (১৭ ছেপ্টেম্বৰ, ১৯৩৯ – ২৬ মাৰ্চ, ২০১৮)এগৰাকী অসমীয়া লেখিকা, গৱেষক আৰু সমালোচক। তেখেতৰ ৰচনা ‘অসমীয়া ৰামায়ণী সাহিত্য: কথাবস্তুৰ আঁতিগুৰি’ৰ বাবে তেখেতে ২০১০ চনৰ ‘সাহিত্য অকাডেমি বঁটা’ লাভ কৰিছিল। অসমীয়া, সংস্কৃত আৰু হিন্দী ভাষাত সমান ব্যুৎপত্তিৰে লিখিব পৰা কেশদা মহন্তক মুখ্যতঃ এগৰাকী সমালোচক আৰু ৰচনাকাৰ।[]

তেখেতৰ কেইবাখনো ৰচনাকৃতি "পাঞ্চজন্য", "হিন্দু বিশ্ব পৰিষদ পত্ৰিকা" (পাটনা), "ৰাষ্ট্ৰ সেৱক" (গুৱাহাটী) আদি পত্ৰিকাত প্ৰকাশিত। তেখেতৰ ৰচনাসমূহ গম্ভীৰ আৰু গৱেষণা আধাৰিত। তেখেতৰ অনুবাদ গ্ৰন্থ "ৰামচৰিত মানস" তেখেতৰ স্বামী বাপচন্দ্ৰ মহন্তৰ লগত যুটিয়াভাৱে বিৰচিত। দীৰ্ঘদিনীয়া ৰোগত ভুগি থাকি ২০১৮ চনৰ ২৬ মাৰ্চত যোৰহাটত তেখেতে মৃত্যুবৰণ কৰে।[]

কালিদাসৰ সাহিত্য

  1. ভাৰতীয় সংস্কৃতিৰ প্ৰতিনিধি কবি কালিদাসৰ অমৰ ৰচনাৱলীত ভাৰতীয় সংস্কৃতিৰ আত্মা প্ৰতিবিম্বিত হৈ আছে৷ []
  2. কালিদাসৰ সাহিত্যত ভাৰতীয় মনৰ উত্তৰোত্তৰ বৰ্ধিষ্ণু উচ্চ আকাংক্ষা প্ৰতিফলিত হৈছে৷ []
  3. কালিদাসৰ সাহিত্যত নায়ক-নায়িকাৰ উচ্ছল যৌৱনৰ প্ৰণয়ৰ ক্ষেত্ৰতো স্মৃতিশাস্ত্ৰৰ বিধি-ব্য্যৱস্থা অনুসৰণ কৰা হৈছে৷ []
  4. ধৰ্ম, অৰ্থ আৰু কাম- এই তিনিও পুৰুষাৰ্থৰ প্ৰতি সমানভাৱে আসক্ত হোৱাটোৱেই প্ৰাচীন ভাৰতীয় আদৰ্শ আছিল৷ []
  5. ধৰ্মৰ অবিৰোধী কামভাৱহে প্ৰাচীন ভাৰতীয়সকলৰ আদৰ্শ প্ৰেম আছিল৷ []
  1. নৰ্থ লখিমপুৰ কলেজ আলোচনী, ২০১৭-১৮ বৰ্ষ, সম্পাদক- তুলিকা সেনাপতি, পৃষ্ঠা সংখ্যা-২২
  2. Sahitya Akademi awardee Keshada Mahanta dead. প্ৰকাশক: The Assam Tribune (27 March 2018). Archived from the original on 1 April 2018. আহৰণ কৰা হৈছে: 27 March 2018.
  3. কালিদাসৰ সাহিত্য, বনলতা, ২০১৪, পৃষ্ঠা. ১.
  4. কালিদাসৰ সাহিত্য, বনলতা, ২০১৪, পৃষ্ঠা. ২.
  5. কালিদাসৰ সাহিত্য, বনলতা, ২০১৪, পৃষ্ঠা. ৩.
  6. ৬.০ ৬.১ কালিদাসৰ সাহিত্য, বনলতা, ২০১৪, পৃষ্ঠা. ১১.