সমললৈ যাওক

কুলেন্দু পাঠক

ৱিকিউদ্ধৃতিৰ পৰা

ড° কুলেন্দু পাঠক (ইংৰাজী: Kulandu Pathak; জন্ম: ১ জানুৱাৰী, ১৯৪৩) এগৰাকী অধ্যাপক, গৱেষক, বিজ্ঞানী, শিক্ষাবিদ, নিবন্ধকাৰ, বক্তা আৰু প্ৰশাসক। তেওঁ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য্য আৰুলকটন মহাবিদ্যালয়ৰ (এতিয়া বিশ্ববিদ্যালয়) পদাৰ্থবিজ্ঞান বিভাগৰ অধ্যাপক আছিল। তেওঁ ‘অসম বিজ্ঞান সমিতি’ৰ প্ৰাক্তন সাধাৰণ সম্পাদক আৰু সভাপতি আৰু ভলিউণ্টেৰী হেল্‌থ এছ'চিয়েশ্বন অৱ ইণ্ডিয়াৰো প্ৰাক্তন সভাপতি আছিল।[]

  1. আমি ইংৰাজে দি থৈ যোৱা কলনিয়েল পাঠ্যক্ৰমৰপৰা মুক্ত হ’ব পৰাই নাই৷ কলনি এখন চলাবলৈ যেনেকুৱা শিক্ষা লাগে, ইংৰাজসকলে সেইধৰণৰ শিক্ষাহে ভাৰতত প্ৰদান কৰিছিল৷ তেওঁলোক গুছি যোৱাৰ পাছতো আমাৰ শিক্ষা পদ্ধতি কিন্তু একেদৰেই থাকিল৷[]
  2. মানুহে কিয় পঢ়ে! মানে পঢ়ি শুনি এসময়ত চাকৰি পাব লাগিব! এই দৰ্শনটোৰ আমাৰ কোনো দিনেই সলনি নহ’ল৷
  3. উচ্চ শিক্ষিত এচামেই হাতত গ্ৰহৰত্ন কিমান পিন্ধে! সেই শ্ৰেণীটোৰ বিষয়ে কি ক’ম আৰু! তেওঁলোকৰ শিক্ষাই ভাল নহ’ল! পঢ়িব লাগে বাবে কেৱল পঢ়িলে৷
  4. ক’ৰবাত ঈশ্বৰ আছে বুলিও মই নাভাবো আৰু আমি মানৱ সমাজে ইতিমধ্যেই সকলো কথা জানি পেলাইছোঁ বুলিও নাভাবো৷
  5. মানুহক কোনে বুজাব যে এই ধৰ্ম-ধৰ্ম কৰি মানুহৰ একো লাভালাভ নহয়৷ ধৰ্ম বচাবলৈকে একাংশইতো বোমাও ফুটাই!
  6. ধৰ্মৰ নামত থকা উন্মাদনা যদি মানুহৰ কমে, তেন্তে চৰকাৰৰো কমিব৷
  1. সম্পাদক- পৰেশ মালাকাৰ, দুদুলমণি শৰ্মা (২০১২)। আমাৰ শৈশৱ। অন্বেষা, পৃষ্ঠা:২৫০। ISBN: ৮১-৮৯০০৩-৬০-৭
  2. কুলেন্দু পাঠকৰ সৈতে সাক্ষাৎকাৰ- (সাক্ষাৎ গ্ৰহণঃ ভাস্কৰ ভূঞা). আহৰণ কৰা হৈছে: 25 মে' 2024.