সমললৈ যাওক

কুলেন্দু পাঠক

ৱিকিউদ্ধৃতিৰ পৰা
কুলেন্দু পাঠক

ড° কুলেন্দু পাঠক (ইংৰাজী: Kulandu Pathak; জন্ম: ১ জানুৱাৰী, ১৯৪৩) এগৰাকী অধ্যাপক, গৱেষক, বিজ্ঞানী, শিক্ষাবিদ, নিবন্ধকাৰ, বক্তা আৰু প্ৰশাসক। তেওঁ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য্য আৰু কটন মহাবিদ্যালয়ৰ (এতিয়া বিশ্ববিদ্যালয়) পদাৰ্থবিজ্ঞান বিভাগৰ অধ্যাপক আছিল। তেওঁ ‘অসম বিজ্ঞান সমিতি’ৰ প্ৰাক্তন সাধাৰণ সম্পাদক আৰু সভাপতি আৰু ভলিউণ্টেৰী হেল্‌থ এছ'চিয়েশ্বন অৱ ইণ্ডিয়াৰো প্ৰাক্তন সভাপতি আছিল।[]

  1. আমি ইংৰাজে দি থৈ যোৱা কলনিয়েল পাঠ্যক্ৰমৰপৰা মুক্ত হ’ব পৰাই নাই৷ কলনি এখন চলাবলৈ যেনেকুৱা শিক্ষা লাগে, ইংৰাজসকলে সেইধৰণৰ শিক্ষাহে ভাৰতত প্ৰদান কৰিছিল৷ তেওঁলোক গুছি যোৱাৰ পাছতো আমাৰ শিক্ষা পদ্ধতি কিন্তু একেদৰেই থাকিল৷[]
  2. মানুহে কিয় পঢ়ে! মানে পঢ়ি শুনি এসময়ত চাকৰি পাব লাগিব! এই দৰ্শনটোৰ আমাৰ কোনো দিনেই সলনি নহ’ল৷[উৎসৰ প্ৰয়োজন]
  3. উচ্চ শিক্ষিত এচামেই হাতত গ্ৰহৰত্ন কিমান পিন্ধে! সেই শ্ৰেণীটোৰ বিষয়ে কি ক’ম আৰু! তেওঁলোকৰ শিক্ষাই ভাল নহ’ল! পঢ়িব লাগে বাবে কেৱল পঢ়িলে৷[উৎসৰ প্ৰয়োজন]
  4. ক’ৰবাত ঈশ্বৰ আছে বুলিও মই নাভাবো আৰু আমি মানৱ সমাজে ইতিমধ্যেই সকলো কথা জানি পেলাইছোঁ বুলিও নাভাবোঁ৷[উৎসৰ প্ৰয়োজন]
  5. মানুহক কোনে বুজাব যে এই ধৰ্ম-ধৰ্ম কৰি মানুহৰ একো লাভালাভ নহয়৷ ধৰ্ম বচাবলৈকে একাংশইতো বোমাও ফুটাই![উৎসৰ প্ৰয়োজন]
  6. ধৰ্মৰ নামত থকা উন্মাদনা যদি মানুহৰ কমে, তেন্তে চৰকাৰৰো কমিব৷[উৎসৰ প্ৰয়োজন]
  7. অসমত কিমানবোৰ বিশ্ববিদ্যালয় আছে- নেটত বিচাৰিও মই এটা শুদ্ধ উত্তৰ বিচাৰি উলিয়াব নোৱাৰিলোঁ। ইতিমধ্যে অসম চৰকাৰে সাত/আঠখন কলেজক বিশ্ববিদ্যালয় পৰ্যায়লৈ উন্নীত কৰিছে। সামগ্ৰিকভাৱে বিচাৰ কৰিলে এইটো একপ্ৰকাৰ ইতিবাচক কাৰ্য। কিন্তু কানাডাৰ পৰা ঘূৰি আহি গম পালোঁ যে বিশ্ববিদ্যালয় হিচাপে কাৰ্যকৰী হ’বলৈ প্ৰয়োজনীয় কমিটিবোৰ গঠিত হোৱা নাই। এই দিশত যথেষ্ট ক্ষিপ্ৰতাৰে আগবঢ়া উচিত আছিল।[]
  8. নতুন শিক্ষানীতিয়ে (পূৰ্বৰ কোঠাৰী কমিছনেও) দেশৰ মুঠ আয়ৰ শতকৰা ছভাগ শিক্ষাৰ ক্ষেত্ৰত বিনিয়োগ কৰাটো বিচাৰিছিল। এই আশা অতীতত পূৰণ হোৱা নাছিল আৰু (বৰ্তমানৰ অশান্ত বিশ্ব পৰিৱেশত) অদূৰ ভৱিষ্যতত পূৰণ হোৱাৰ সম্ভাৱনা অতি ক্ষীণ। গতিকে, অসমৰ দৰে ৰাজ্যত বিশ্ববিদ্যালয়বোৰ চলিবলৈ প্ৰয়োজনীয় ধন আহিব ক’ৰ পৰা?[]
  9. ১৯৫২ চনত কলম্বিয়া বিশ্ববিদ্যালয়ৰ পৰা Ph.D ডিগ্ৰি লাভ কৰাৰ পিছত ড° ভূপেন হাজৰিকা অসমলৈ ঘূৰি আহে। সেই সময়তো তেখেত এগৰাকী সুপ্ৰতিষ্ঠিত শিল্পী আৰু গায়ক। এনে এগৰাকী যোগ্য ব্যক্তিক কেন্দ্ৰ কৰি বিশ্ববিদ্যালয়ে “মাছ-কমিউনিকেশ্যন’’ বিষয়টো আৰম্ভ কৰিব পাৰিলেহেঁতেন আৰু সোনকালেই এই বিষয়ৰ বিশ্বজোৰা নহ’লেও দেশজোৰা বিখ্যাত শিক্ষাকেন্দ্ৰ হ’ব পাৰিলেহেঁতেন।[]
  1. সম্পাদক- পৰেশ মালাকাৰ, দুদুলমণি শৰ্মা (২০১২)। আমাৰ শৈশৱ। অন্বেষা, পৃষ্ঠা:২৫০। ISBN: ৮১-৮৯০০৩-৬০-৭
  2. কুলেন্দু পাঠকৰ সৈতে সাক্ষাৎকাৰ- (সাক্ষাৎ গ্ৰহণঃ ভাস্কৰ ভূঞা). আহৰণ কৰা হৈছে: 25 মে' 2024.
  3. ৩.০ ৩.১ ৩.২ পাঠক, ড° কুলেন্দু (১-১৫ জানুৱাৰী ২০২৬). "বিশ্ববিদ্যালয়ৰ কথা". প্ৰান্তিক পঞ্চচত্বাৰিংশ বছৰ (তৃতীয় সংখ্যা): ১৮-১৯.