কল্পনা চাওলা

ৱিকিউদ্ধৃতিৰ পৰা

কল্পনা চাওলা (ইংৰাজী: Kalpana Chawla; ১৭ মাৰ্চ, ১৯৬২ – ১ ফেব্ৰুৱাৰী, ২০০৩) এগৰাকী আমেৰিকান মহাকাশচাৰী তথা মহাকাশলৈ যোৱা ভাৰতীয় মূলৰ প্ৰথম মহিলা।[১][২] ১৯৯১ চনৰ এপ্ৰিল মাহত কল্পনা চাওলাই আমেৰিকান নাগৰিক হিচাপে স্বীকৃতি লাভ কৰে।[৩] ১৯৯৭ চনত এগৰাকী অভিযান বিশেষজ্ঞ আৰু মুখ্য ৰ'বটিক আৰ্ম অপাৰেটৰ হিচাপে স্পেছ শ্বাটল্ কলম্বিয়াত কল্পনা চাওলাই প্ৰথম মহাকাশ যাত্ৰা আৰম্ভ কৰে। ২০০৩ চনৰ ১ ফেব্ৰুৱাৰী তাৰিখে স্পেছ শ্বাটল্ কলম্বিয়া পৃথিৱীৰ বায়ুমণ্ডলত পুনঃ প্ৰৱেশ কৰাৰ সময়ছোৱাতেই মহাকাশ যানখন ধ্বংসপ্ৰাপ্ত হৈ ছয়জন মহাকাশচাৰীসহ কল্পনা চাওলাৰ মৃত্যু হয়।[৪] মৰণোত্তৰভাৱে কল্পনা চাওলাক কংগ্ৰেছনেল স্পেছ মেডেল অৱ অন'ৰ, নাছাৰ মহাকাশ উৰণ পদক আৰু নাছাৰ বিশিষ্ট সেৱা পদক প্ৰদান কৰা হৈছে।[৫]

উদ্ধৃতিসমূহ[সম্পাদনা কৰক | উৎস সম্পাদনা]

  1. তৰাবোৰে আমাৰ ভাগ্যক ধৰি নাৰাখে, বৰং আমিহে তাক ধৰি ৰাখোঁ৷[৬]
  2. যদি আপোনাৰ এটা সপোন আছে তেন্তে তাক বাস্তৱায়িত কৰিবলৈ চেষ্টা কৰক। এয়া নিৰ্ভৰ নকৰে যে, আপুনি ভাৰতীয় নাৰী নে অন্য কৰোবাৰ৷[৭]
  3. জীৱনত বহুত মানুহৰ পৰা অনুপ্ৰাণিত হৈছোঁ৷ শিক্ষাগুৰু আৰু মহান লেখকৰ কিতাপৰ পৰা অনুপ্ৰাণিত হৈছোঁ৷[৬]
  4. আটাইতকৈ সহজ পথটোৱেই উত্তম পথ হ’বই লাগিব বুলি কোনো কথা নাই৷[৮]
  5. আপোনাৰ যি কৰিবলৈ মন মেলিছে সেইটোকে কৰা। যদি আপুনি কেৱল লক্ষ্যৰ অৰ্থেহে তাক কৰি আছে আৰু একোৱে উপভোগ কৰা নাই, তেন্তে মই ভাবোঁ আপুনি নিজকে প্ৰতাৰণা কৰিছে।[৭]
  6. যদি আপোনাৰ সপোন আছে তাক অনুকৰণ কৰা৷[৯]

উৎস[সম্পাদনা কৰক | উৎস সম্পাদনা]

  1. Rizvi, Salim (December 11, 2006). Indo-US astronaut follows Kalpana's footsteps. প্ৰকাশক: BBC News.
  2. Taylor Redd, Nola (December 19, 2017). Kalpana Chawla: Biography & Columbia Disaster. প্ৰকাশক: Space.com.
  3. Basu, Biman (May, 2012)। Book Review: Biography of Kalpana Chawla, পৃষ্ঠা:40-41।
  4. Dismukes, Kim (March 12, 2004). Kalpana Chawla – STS-107 Crew Memorial. প্ৰকাশক: National Aeronautics and Space Administration (NASA).
  5. Lyndon, B. (May 2004). Astronaut Bio: Kalpana Chawla 5/04. প্ৰকাশক: Johnson Space Center (NASA).
  6. ৬.০ ৬.১ Kalpana Chawla Quotes in Hindi. প্ৰকাশক: Hindi.boldsky.com. আহৰণ কৰা হৈছে: 28 এপ্ৰিল 2024.
  7. ৭.০ ৭.১ Kalpana Chawla Quotes. প্ৰকাশক: Brainyquote.com. আহৰণ কৰা হৈছে: 28 এপ্ৰিল 2024.
  8. 15 Kalpana Chawla Quotes To Inspire You To Reach For The Stars. প্ৰকাশক: Businessapac.com. আহৰণ কৰা হৈছে: 28 এপ্ৰিল 2024.
  9. Harwood, William (5 December 1997). STS-87 Mission Archive (Complete). প্ৰকাশক: CBS News. আহৰণ কৰা হৈছে: 11 December 2023.

বাহ্যিক সংযোগ[সম্পাদনা কৰক | উৎস সম্পাদনা]

:w:
:w:
ৱিকিপিডিয়াত সম্বন্ধিত পৃষ্ঠা: