কবীৰ
অৱয়ব

কবীৰ বা কবীৰ দাস (ইংৰাজী: Kabir Das) ভাৰতৰ এগৰাকী কবি, সন্ত আৰু ধৰ্মগুৰু আছিল। কবীৰৰ লিখনিয়ে হিন্দু ধৰ্মৰ ভক্তি আন্দোলনত প্ৰভাৱিত কৰিছিল আৰু তেওঁৰ পদ বা দোহাসমূহ শিখ ধৰ্মৰ ধৰ্মগ্ৰন্থত গুৰু গ্ৰন্থ চাহিব পোৱা যায়।[১][২][৩] উত্তৰ প্ৰদেশৰ বাৰাণসী নগৰত জন্মগ্ৰহণ কৰা তেখেতে সংগঠিত ধৰ্মসমূহৰ সমালোচনা কৰাৰ বাবে জনাজাত। তেওঁ সকলো ধৰ্মৰ অৰ্থহীন আৰু অনৈতিক প্ৰথা আৰু মূলতঃ হিন্দু আৰু মুছলমান ধৰ্মৰ ভুল প্ৰথাক লৈ প্ৰশ্ন উত্থাপন কৰিছিল।[১]
উদ্ধৃতিসমূহ
[সম্পাদনা কৰক | উৎস সম্পাদনা]- নিন্দুকক ওচৰতে ৰাখা, চোতালতে কুটীৰ সজাই দি।
বিনা চাবোন বিনা পানীৰে, নিৰ্মল কৰে চৰিত্ৰ যি॥
( निंदक नेड़ा राखिये, आँगणि कुटी बँधाइ।
बिन साबण पाँणीं बिना, निरमल करै सुभाइ॥) - কিতাপ পঢ়ি পঢ়ি জগতত পণ্ডিত কোনো নহয়।
প্ৰেমৰ আখৰ আঢ়ৈটা, পঢ়ে যিয়ে তেৱেঁ পণ্ডিত হয়॥
(पोथी पढ़ि-पढ़ि जग मुवा, पंडित भया न कोइ।
धाई आखर प्रेम का, पढ़ै सो पंडित होइ॥) - বেয়া বিচাৰি ওলাই গৈছিলোঁ
বেয়া কাকোৱেই নাপালোঁ
নিজৰ হৃদয়খন বিচাৰি চালোঁ
মোতকৈ বেয়া কাকোৱেই নাপালোঁ। - সাধুক তাৰ জাতি নুসুধিবা
সোধা কেৱল জ্ঞান
তৰোৱালখনকহে গুৰুত্ব দিয়া
পৰি থাকিবলৈ দিয়া তাৰ ম্যান। ( ম্যানৰ অসমীয়া অৰ্থ খাপৰ ) - ইটাই ইটাই লাগিলে জুই জ্বলে; বোকাই বোকাই মিলি যায়৷[৪]
- যিয়ে সকলো মানুহকে সমানভাৱে দেখে, তেৱেঁই ধৰ্মপৰায়ণ৷[৫]
- ভগৱান যদি মুছলমানৰ মছজিদত ৰ'ল নাইবা হিন্দুৰ মন্দিৰতেই ৰ'ল, তেন্তে বাহিৰৰ এই মহা বিশ্বত কোন থাকিব?
- হে মন, সকলো কাম ধীৰে ধীৰে হয়;
মালিয়ে বহু পানী ঢালিলেও, সময় আহিলে হে ফল লাগে।
(মূল দোহা:“धीरे-धीरे रे मना, धीरे सब कुछ होय,
माली सींचे सौ घड़ा, ऋतु आए फल होय।”) [৬] - যি কাম কাইলৈ কৰিম বুলি ভাবিছা, আজি কৰা;
আজি কৰিবলগীয়া কাম এতিয়াই কৰা, সময় গ’লেই সুযোগ নাথাকে।
(মূল দোহা:“काल करे सो आज कर, आज करे सो अब,
पल में प्रलय होएगी, बहुरि करेगा कब।”)[৭] - দুখত সকলোয়ে ঈশ্বৰক স্মৰণ কৰে, সুখত কেও নকৰে;
যদি সুখতো স্মৰণ কৰে, তেন্তে দুখ কিয় আহিব?
(মূল দোহা:“दुख में सुमिरन सब करे, सुख में करे न कोय,
जो सुख में सुमिरन करे, दुख काहे को होय।”)[৮]
কবীৰৰ বিষয়ে উদ্ধৃতি
[সম্পাদনা কৰক | উৎস সম্পাদনা]- জয়সি, ৰহিম, ৰাসখান আদি কবি বিৰল পৰিঘটনা। কবীৰ, নানক আৰু ঘৰিব দাসৰ দৰে সন্তসকলো তেনেকুৱাই। সাহিত্যৰ ক্ষেত্ৰখনত সাংস্কৃতিক ধাৰা দুটাৰ সংশ্লেষণৰ প্ৰয়াস তেওঁলোকে নিজস্ব ধৰণেৰে কৰিছিল। কিন্তু তেওঁলোকৰ প্ৰচেষ্টা বহু পৰিমাণে সীমিত আৰু অল্পকালীন আছিল। তেওঁলোকে মুছলমানসকলৰ মাজত জনপ্ৰিয়তা লাভ কৰাত আৰু প্ৰভাৱিত কৰাত ব্যৰ্থ হৈছিল -হৰ্ষ নাৰায়ণ।[৯]
- কবীৰৰ চিন্তাধাৰা সৰ্বত্ৰ হিন্দু। কবীৰে ইছলাম আৰু হিন্দু ধৰ্মৰ মাজত সংশ্লেষণ আনিছিল বুলি কোৱা উপকথাটো, তেওঁৰ ৰচনা আৰু কোৰআনৰ মাজত তুলনা কৰিলেও জীয়াই নাথাকে। কবীৰ যে এজন সাধাৰণ তাঁতী আছিল যিয়ে ঠিক তেনেকৈয়ে উচ্চমানৰ কবিতা ৰচনা কৰিছিল, সেয়া সমাজবাদীসকলৰ সন্তানৰ বাবে আন এক উপকথা: কবীৰ ভালদৰে পঢ়া-শুনা আছিল আৰু তেওঁৰ ধ্ৰুপদীসমূহক জানিছিল। কবীৰপান্থত প্ৰায়েই মুছলমান নাথাকে, তেওঁক কেৱল হিন্দুসকলেহে শ্ৰদ্ধা কৰে। ভাৰতীয় সংস্কৃতিলৈ তেওঁৰ অৱদান যে অ-ইছলামিক আছিল তাৰ আটাইতকৈ সহজ প্ৰমাণ হ’ল মুছলমান শাসক ছিকন্দৰ লোডীয়ে তেওঁৰ কাফিৰ ধাৰণাসমূহৰ বাবে তেওঁক অত্যাচাৰ কৰিছিল। -কোনৰাড এল্স্ট (১৯৯৩)।[১০]।
- জীৱনকালত হিন্দু আৰু মুছলমান উভয়েই কবীৰক শাৰীৰিকভাৱে আক্ৰমণ কৰিবলৈ সাজু আছিল বুলি প্ৰমাণ পোৱা গৈছে যদিও তেওঁৰ মৃত্যুৰ পিছৰে পৰা কবীৰক নিজৰ বুলি দাবী কৰাৰ বিশেষাধিকাৰৰ বাবে তেওঁলোকে ইজনে সিজনক আক্ৰমণ কৰিবলৈ সাজু হৈ আছে। -[১১]
উৎস
[সম্পাদনা কৰক | উৎস সম্পাদনা]- ↑ ১.০ ১.১ Kabir Encyclopædia Britannica (2015)Accessed: July 27, 2015
- ↑ Hugh Tinker (1990)। South Asia: A Short History। University of Hawaii Press, পৃষ্ঠা:75–77। ISBN: 978-0-8248-1287-4।
- ↑ Ronald McGregor (1984), Hindi literature from its beginnings to the nineteenth century, Otto Harrassowitz Verlag, আই.এচ.বি.এন. 978-3447024136, page 47
- ↑ শঙ্কৰী পৰম্পৰা আৰু হিন্দু মুছলমানৰ সম্পৰ্ক, ইছমাইল হোছাইন; অসমৰ সংস্কৃতি:বৈচিত্ৰ আৰু সমন্বয়, সম্পাঃ বগেন গগৈ
- ↑ ভূপেন হাজৰিকাৰ গীত আৰু জীৱন ৰথ, ড° দিলীপ দত্ত, পৃ, নং, ১৩৯
- ↑ Kabir Granthavali,১৬শ শতিকাৰ সংকলন, ১৯১০ (আধুনিক প্ৰকাশ)
- ↑ Bijak,সংকলন: ১৬শ শতিকাৰ শেষ ভাগ।
- ↑ Bijak,সংকলন: ১৬শ শতিকাৰ শেষ ভাগ।
- ↑ Myths of Composite Culture and Equality of Religions, ১৯৯০, পৃ.২৭
- ↑ Ayodhya and after: Issues before Hindu society, নতুন দিল্লী: ভইছ অফ ইণ্ডিয়া
- ↑ The Bijak of Kabir-ৰ পাতনি, লিণ্ডা হেছ, ১৯৮৩;২০০২