সমললৈ যাওক

কবীন ফুকন

ৱিকিউদ্ধৃতিৰ পৰা

কবীন ফুকন (ইংৰাজী: Kabin Phukan এগৰাকী অসমীয়া কবি-সাহিত্যিক, সমালোচক আৰু শিক্ষাবিদ। "এই অনুৰাগী এই উদাস" নামৰ কাব্যগ্ৰন্থৰ বাবে ফুকনলৈ মৰণোত্তৰভাৱে আগবঢ়োৱা হয় ২০১১ চনৰ ‘সাহিত্য অকাডেমি বঁটা’।[১] মৰণোত্তৰভাৱে এই সন্মান লাভ কৰা তেখেত চতুৰ্থজন অসমীয়া লেখক।

উদ্ধৃতি[সম্পাদনা কৰক | উৎস সম্পাদনা]

  1. দুটা ভাষাৰ কালিকা ইমানেই বেলেগ যে এটা ভাষাৰ পৰা অইন এটা ভাষালৈ কৰা অনুবাদ সম্পূৰ্ণ আক্ষৰিক হ’লে যথেষ্ট অসুবিধা হয়৷ [২]
  2. শ্ৰোতাৰ সন্মুখত কবিতা পৰিৱেশন কৰাৰ বেলিকা প্ৰাদেশিক পৰম্পৰাবোৰৰ মাজত পাৰ্থক্য আছে৷ [৩]
  3. মই কেতিয়াও দাৰ্শনিক হ'ব নোৱাৰোঁ বা বুৰঞ্জীকাৰ হ'ব নোৱাৰোঁ। কিন্তু কবিতাত মই দৰ্শনৰ অনুভূতিক প্ৰকাশ কৰিব পাৰোঁ বা তাত দাৰ্শনিক জ্ঞানৰ কাব্যিক অনুভূতিক প্ৰকাশ কৰিব পাৰোঁ। ঠিক তেনেকৈ ইতিহাস হিচাপে মই ইতিহাসৰ চৰ্চা কৰিব নোৱাৰোঁ। কিন্তু ইতিহাসৰ কাব্যৰূপ মই দিব পাৰোঁ, মানে ইতিহাসৰ দৰ্শনৰ যিটো কাব্য ৰূপ, তাক দিয়াৰ মই চেষ্টা কৰি আছোঁ।[৪]
  4. মোৰ বাবে ইতিহাস আচলতে অতি গুৰুত্বপূৰ্ণ। মানে ব্যক্তিগত চিন্তা পদ্ধতি মই এতিয়ালৈকে যি ধৰণে শিকি-বুজি লৈছোঁ বা আহৰণ কৰিছোঁ, তাৰ ভিত্তিত ক'ব পাৰোঁ যে ইতিহাসৰ সম্পৰ্কে ধ্যান বা ধাৰণা মোৰ কাৰণে অতি গুৰুত্বপূৰ্ণ। [৪]
  5. কবিতা আচলতে কবিতা হ’বলৈ গ’লে পদ্য হ’ব লাগিব৷ আৰু পদ্যই হ’ল গীতিধৰ্মিতাৰ ভেঁটি৷[৫]
  6. গদ্যৰ এটা শৃঙ্খলা আছে। গদ্য বহু দূৰ আৱেগবৰ্জিত হোৱাৰ থল আছে। কিন্তু গদ্য যে সদায়ে যুক্তিবাদী তাৰ কোনো মানে নাই। গদ্যৰ বাক্যগাঁথনিৰ বেলিকা নিশ্চয় এটা শৃঙ্খলা আছে আৰু সভ্যতা আগ বঢ়াৰ লগে লগে গদ্যৰ বিকাশ অতি চকুত পৰা ধৰণে হৈ আহিছে।[৬]

তথ্যসূত্ৰ[সম্পাদনা কৰক | উৎস সম্পাদনা]