সমললৈ যাওক

কথা-গীতা

ৱিকিউদ্ধৃতিৰ পৰা

কথা-গীতা মদ্ভাগৱত গীতাৰ বৈকুণ্ঠনাথ ভট্টাচাৰ্য বা চমুকৈ ভট্টদেৱে কৰা অসমীয়া গদ্য ভাঙনি। ভট্টদেৱক অসমীয়া গদ্যৰ জনক বুলি কোৱা হয়। তেওঁ ৰচনা কৰা তিনিখন গদ্যধৰ্মী গ্ৰন্থ কথা-ভাগৱত, কথা-গীতা আৰু কথা-ৰত্নাৱলীৰ ভিতৰত কথা-গীতাৰ ৰচনা ৰীতি অতি সৰল আৰু ঘৰুৱা কথাৰ বেছি ওচৰ চপা।

  1. যেন মনুষ্যে জীৰ্ণবস্ত্ৰক পৰিত্যাগ কৰি, নবীন বস্ত্ৰক গ্ৰহণ কৰে, এমনে আত্মায়ো পুৰাণ দেহক এড়ি, নবীন দেহক স্বীকাৰ কৰে; কৰ্ম্মনিবন্ধন নূতন দেহ অৱশ্যে হৈব। জীৰ্ণ দেহনাশত শোক কৰিতে নালাগে। এই আত্মাক অস্ত্ৰেয়ো নাকাটে, অগ্নিয়ো নদহে, জলেয়ো কোমল নকৰে, বায়ুয়ো নুশুখাৱে।[]
  2. স্বৰূপত আত্মাৰ জন্ম নাই, মৰণো নঘটে, আছে হেনো নোহে, টুটনো নাই, পৰিণামো নেদেখি, বৃদ্ধিয়ো নহয়; এতেকে শৰীৰ নষ্ট হৈলে, আত্মাৰ নাশ নাই।[]
  3. যেখন পুৰুষে অযত্নে আত্মসুখত তুষ্ট হুয়া ক্ষুদ্ৰ বিষয় অভিলাষ এড়ে, তেখনে তাক: স্থিতপ্ৰজ্ঞ বুলি। আৰো তাৰ কিছো লক্ষণ শুনা, দুষ্‌খতো মনে ক্ষোভ নহে, সুখতো স্পৃহা নকৰে, কাহাতো প্ৰীতি ভয় নকৰে, এমনে স্থিতপ্ৰজ্ঞৰ লক্ষণ কাহাক বোলে।[]
  1. ১.০ ১.১ ১.২ ৰচনা- ভট্টদেৱ, সম্পাদনা- পণ্ডিত শ্ৰীযুক্ত হেমচন্দ্ৰ দেৱগোস্বামী (১৮৪৫ শক). কথা-গীতা, ২য় অধ্যায়. প্ৰকাশক: শ্ৰীশৰৎচন্দ্ৰ গোস্বামী. আহৰণ কৰা হৈছে: 6 January 2022.
:w:
:w: