সমললৈ যাওক

এ গেম অফ থ্ৰোনছ

ৱিকিউদ্ধৃতিৰ পৰা

এ গেম অফ থ্ৰোনছ (ইংৰাজী: A Game of Thrones) হৈছে আমেৰিকান লেখক জৰ্জ আৰ আৰ মাৰ্টিনৰ কল্পকাহিনীমূলক উপন্যাস শৃংখলা এ ছং অফ আইচ এণ্ড ফায়াৰৰ প্ৰথমখন উপন্যাস। ১৯৯৬ চনৰ ১ আগষ্টত গ্ৰন্থখন প্ৰথমবাৰৰ বাবে প্ৰকাশ পায়। উপন্যাসখনে ১৯৯৭ চনৰ লোকচ বঁটা লাভ কৰাৰ লগতে আৰু ১৯৯৭ চনৰ নেবুলা বঁটা আৰু ৱৰ্ল্ড ফেণ্টাছী বঁটাৰ বাবে মনোনীত হয়। উপন্যাসখনত থকা ডেনেৰিছ টাৰ্গেৰিয়ান নামৰ চৰিত্ৰটোৰ অধ্যায়সমূহক লৈ গঠিত ব্লাড অৱ দ্য ড্ৰেগন নামৰ উপন্যাসিকাখনে ১৯৯৭ চনত শ্ৰেষ্ঠ উপন্যাসিকাৰ হিউগো বঁটা লাভ কৰে। ২০১১ চনৰ জানুৱাৰী মাহত উপন্যাসখন নিউয়ৰ্ক টাইমছৰ বেষ্টচেলাৰৰূপে পৰিগণিত হয় আৰু ২০১১ চনৰ জুলাই মাহত তালিকাৰ ১ নং স্থানত উপনীত হয়।

  • আপুনি কি সেই কথা কেতিয়াও পাহৰি নাযাব, কিয়নো নিশ্চয়কৈ জগতখনে নাপাহৰিব। ইয়াক নিজৰ শক্তি কৰি লওক। তেতিয়া ই কেতিয়াও আপোনাৰ দুৰ্বলতা হ’ব নোৱাৰে। ইয়াক নিজৰ কৱচ কৰি লওক, আৰু ইয়াক আপোনাক কেতিয়াও আঘাত দিবলৈ ব্যৱহাৰ কৰা নহ’ব।[১]
  • ভয়ে তৰোৱালতকৈও গভীৰভাৱে কাটে।[১]
  • কিছুমান পুৰণি ঘাঁ‌ কেতিয়াও সঁচাকৈয়ে নুশুকায়, আৰু সামান্যতম শব্দত আকৌ ৰক্তক্ষৰণ হয়।[১]
  • শীতকাল আহি আছে।[১]
  • যেতিয়া তুষাৰপাত হয় আৰু শুভ্ৰ বতাহ বলে, তেতিয়া অকলশৰীয়া কুকুৰনেচীয়াটোৰ মৃত্যু হয় কিন্তু জাকটো বাচি থাকে।[১]
  1. ১.০ ১.১ ১.২ ১.৩ ১.৪ A Game of Thrones Quotes. প্ৰকাশক: www.goodreads.com. আহৰণ কৰা হৈছে: 4 ছেপ্টেম্বৰ 2022.