এখাৰ্ট তাল

ৱিকিউদ্ধৃতিৰ পৰা

এখাৰ্ট তাল (ইংৰাজী: Eckart Tolle) এগৰাকী জাৰ্মান/কানাডীয় আধ্যাত্মিক গুৰু, অনুপ্ৰেৰণাদায়ী বক্তা, আৰু লেখক। তেওঁ The Power of Now নামৰ গ্ৰন্থখনৰ ৰচক হিচাপে সুপ্ৰসিদ্ধ।

“যেতিয়া আপুনি মনৰ চিন্তা এটা শুনে, আপুনি কেৱল চিন্তাটোৰ প্ৰতিয়েই নহয়, সেই চিন্তাৰ সাক্ষী হিচাপে নিজৰ প্ৰতিও সচেতন হয়। চেতনাৰ এক নতুন মাত্ৰা আহি পৰে।”

উদ্ধৃতিসমূহ[সম্পাদনা কৰক | উৎস সম্পাদনা]

  1. সাধাৰণতে ভৱিষ্যতক বৰ্তমানতকৈ ভাল বা বেয়া বুলি কল্পনা কৰা হয়। যদি কল্পিত ভৱিষ্যতটো ভাল, তেন্তে ই আপোনাক আশা বা সুখদায়ক প্ৰত্যাশা দিয়ে। যদি বৰ্তমানতকৈ বেছি বেয়া, তেন্তে ই উদ্বিগ্নতাৰ সৃষ্টি কৰে। দুয়োটাই ভ্ৰমাত্মক।
  2. এই মুহূৰ্তত আপোনাৰ কি “সমস্যা” আছে, নিজকে সোধক। অহা বছৰ, কাইলৈ বা এতিয়াৰ পৰা পাঁচ মিনিটৰ পিছত কি সমস্যা আহিব, সেইটো নুসুধিব। এই মুহূৰ্তটোতনো কি ভুল হৈ আছে?
  3. আপুনি যে জুইত হাত নিদিয়ে, তাৰ কাৰণ আপোনাৰ ভয় নহয়। আপুনি জানে যে আপুনি জ্বলি যাব। অপ্ৰয়োজনীয় বিপদৰ পৰা হাত সাৰিবলৈ ভয়ৰ প্ৰয়োজন নাই, মাত্ৰ ন্যূনতম বুদ্ধিমত্তা আৰু কাণ্ডজ্ঞানৰ প্ৰয়োজন।
  4. যদি আপোনাৰ গন্তব্যস্থান, বা ভৱিষ্যতে ল’বলগীয়া পদক্ষেপবোৰৰ সম্পৰ্কত আপুনি ইমানেই মনোযোগ দিয়ে যে আপুনি এতিয়া লোৱা পদক্ষেপতকৈ সেইবোৰ আপোনাৰ বাবে অধিক গুৰুত্বপূৰ্ণ হৈ পৰে, তেন্তে আপুনি যাত্ৰাটোৰ আভ্যন্তৰীণ উদ্দেশ্যক উপলব্ধি কৰাত সম্পূৰ্ণৰূপে ব্যৰ্থ হয়। আপুনি ক'লৈ গৈ আছে বা আপুনি কি কৰিছে তাৰ লগত আভ্যন্তৰীণ উদ্দেশ্যটো কোনোধৰণে জড়িত নহয়, কিন্তু যাত্ৰাটো কেনেকৈ কৰি আছে তাৰ লগত সম্পূৰ্ণৰূপে জড়িত। এই উদ্দেশ্যটোৰ ভৱিষ্যতৰ লগত কোনো সম্পৰ্ক নাই, বৰঞ্চ এই মুহূৰ্তত আপোনাৰ চেতনাৰ গুণগত মানৰ লগতহে সম্পূৰ্ণ সম্পৰ্ক আছে।
  5. যেতিয়া আপুনি মনৰ চিন্তা এটা শুনে, আপুনি কেৱল চিন্তাটোৰ প্ৰতিয়েই নহয়, সেই চিন্তাৰ সাক্ষী হিচাপে নিজৰ প্ৰতিও সচেতন হয়। চেতনাৰ এক নতুন মাত্ৰা আহি পৰে।[১]
  6. বিষণ্ণতাৰ প্ৰধান কাৰণ কেতিয়াও পৰিস্থিতি নহয়, বৰঞ্চ সেই বিষয়ে আপোনাৰ চিন্তাহে। আপুনি ভাবি থকা চিন্তাবোৰৰ প্ৰতি সচেতন হওঁক।
  7. মানুহৰ বেদনাৰ অধিকাংশই অপ্ৰয়োজনীয়। যেতিয়ালৈকে এটা অপৰীক্ষিত মনে আপোনাৰ জীৱনটো চলাই থাকে, এইসমূহ আত্মসৃষ্ট।[১]

উৎস[সম্পাদনা কৰক | উৎস সম্পাদনা]

  1. ১.০ ১.১ Eckart Tolle (1997)। The Power of Now: A Guide to Spiritual Enlightenment। Namaste Publishing।