এইচ এল মেনকেন

ৱিকিউদ্ধৃতিৰ পৰা
এইচ এল মেনকেনৰ আলোকচিত্ৰ

হেনৰী লুই মেনকেন (ইংৰাজী: Henry Louis Mencken; ১২ ছেপ্টেম্বৰ, ১৮৮০ – ২৯ জানুৱাৰী, ১৯৫৬) আছিল এজন আমেৰিকান সাংবাদিক, ৰচনাকাৰ, ব্যংগকাৰ, সাংস্কৃতিক সমালোচক আৰু আমেৰিকান ইংৰাজীৰ পণ্ডিত। তেওঁ সামাজিক দৃশ্যপট, সাহিত্য, সংগীত, বিশিষ্ট ৰাজনীতিবিদ, সমসাময়িক আন্দোলনসমূহৰ ওপৰত ব্যাপক ৰূপত মন্তব্য কৰিছিল।

উদ্ধৃতি[সম্পাদনা কৰক | উৎস সম্পাদনা]

  • বিশ্বাস কৰা প্ৰৱণতাই মানুহক সভ্য নকৰে, মানুহক সভ্য কৰে তেওঁৰ সন্দেহ কৰাৰ প্ৰৱণতাই।[১]
  • মই অমৰত্বত বিশ্বাস নকৰোঁ৷ অমৰত্বৰ প্ৰতি মোৰ কোনো বাসনাও নাই৷ অমৰত্বত বিশ্বাসৰ উৎপত্তিস্থল হ’ল হীন মনোবৃত্তিৰ মানুহৰ শিশুসুলভ অহংবোধ৷ খ্ৰীষ্টীয় ৰূপত ই হ’ল এনে এটা হীন কৌশল যাৰ দ্বাৰা পাৰ্থিৱ জীৱনটো অপেক্ষাকৃতভাৱে বেছিকৈ ভোগ কৰা মানুহবোৰৰ ওপৰত প্ৰতিশোধ ল’ব পাৰি৷[২]
  • পৃথিৱীৰ মহান কলাকাৰসকল কেতিয়াও গোড়া নীতিনিষ্ঠ মানুহ নহয়, আৰু সাধাৰণ অৰ্থত তেওঁলোক সন্মানৰ যোগ্য মানুহো নহয়৷ এই সত্যটো সকলোৱে জানে৷ ইয়ংমেন খ্ৰীষ্টীয়ান এছোচিয়েচনে যিসকল মানুহক সৎ আৰু ধৰ্মিষ্ঠ মানুহ বুলি চিনাক্ত কৰে, তেনেকুৱা কোনো মানুহেই আজিলৈকে এনে এখন ছবি অঁকা নাই, যিখন চাবৰ যোগ্য৷ এনেকুৱা এখন কিতাপ লেখা নাই, যিখন পঢ়িবৰ যোগ্য৷ পুৰুষৰ ক্ষেত্ৰত যিটো কোৱা হ’ল, সেই একেই কথা নাৰীৰ ক্ষেত্ৰতো প্ৰযোজ্য৷[৩]
  • বিশ্বাসৰ অযোগ্য কথাবোৰ বিশ্বাস কৰিব পৰাটোৱে হ’ল মানুহৰ প্ৰধান অভিশাপ, আৰু তেওঁৰ বেছিভাগ দুখ-কষ্টৰ মূল কাৰণ৷[৪]
  • জীৱনৰ অৰ্থ কি হ’ব পাৰে সেই কথা মই নাজানো, কিন্তু মই সন্দেহ কৰিবলৈ বাধ্য হৈছোঁ যে জীৱনৰ কোনো অৰ্থ নাই৷[৫]
  • প্ৰেম হৈছে বুদ্ধিমত্তাক হৰুৱাই কল্পনাৰ বিজয়।[৬]

উৎস[সম্পাদনা কৰক | উৎস সম্পাদনা]

  1. নিয়মীয়া বাৰ্তা, ২৮ মে', ২০২১
  2. উদ্ধৃতি অভিধান, ৰক্তাভজ্যোতি বৰা, পৃ:নং, ১৬, প্ৰকাশক উৎপল হাজৰিকা বাণী মন্দিৰ
  3. উদ্ধৃতি অভিধান, ৰক্তাভজ্যোতি বৰা, পৃ:নং, ৮০, প্ৰকাশক উৎপল হাজৰিকা বাণী মন্দিৰ
  4. উদ্ধৃতি অভিধান, ৰক্তাভজ্যোতি বৰা, পৃ:নং, ২৩৫, প্ৰকাশক উৎপল হাজৰিকা বাণী মন্দিৰ
  5. উক্তি সঞ্চয়ন, শ্ৰী ৰাম চন্দ্ৰ ভূঞা৷ পৃ: নং: ৪৮, প্ৰকাশিকা বীণা বৰা ভূঞা
  6. মিশ্ৰ, তপোবন (১০ ফেব্ৰুৱাৰী ২০২২). লভ ইজ ইন দ্য এয়াৰ: প্রেম সম্পর্কে বিখ্যাত উক্তি. প্ৰকাশক: নীলা চৰাই. আহৰণ কৰা হৈছে: ১৬ ফেব্ৰুৱাৰী, ২০২৩.

বাহ্যিক সংযোগ[সম্পাদনা কৰক | উৎস সম্পাদনা]

:w:
:w:
ৱিকিপিডিয়াত সম্বন্ধিত পৃষ্ঠা: