সমললৈ যাওক

ঋতুস্ৰাৱ

ৱিকিউদ্ধৃতিৰ পৰা

ঋতুস্ৰাৱ নাৰীৰ ক্ষেত্ৰত ঘটা এক স্বাভাৱিক প্ৰক্ৰিয়া৷ প্ৰতি মাহে ই হয় বাবে ইয়াক অসমীয়াত সচৰাচৰ মাহেকীয়া আৰু পুষ্পিতা বা তোলনী হোৱা বুলিও কোৱা হয়। প্ৰজননৰ উদ্দেশ্যে নাৰীৰ ডিম্বাশয়ত ডিম্বস্ফুটন হয় আৰু সেই ডিম্ব ফেলোপিয়ান নলীয়েদি জৰায়ুলৈ আহে আৰু ৩-৪ দিন অৱস্থান কৰে।[] এই সময়ত যদি পুৰুষৰ লগত যৌনমিলনৰ মাধ্যমেদি নাৰীৰ জৰায়ুত শুক্ৰকীট নাহে আৰু নহাৰ কাৰণে যদি ডিম্ব নিষিক্ত নহয়, তেতিয়া সি নষ্ট হৈ যায় আৰু জৰায়ুৰ অভ্যন্তৰৰ সৰস স্তৰ (এণ্ডমেট্ৰিয়াম) ভাঙি যায়। এই ভগ্ন আৱৰণ, শ্লেষ্মা আৰু ইয়াৰ ৰক্ত বাহিকাৰ পৰা উৎপাদিত ৰক্তপাত সকলো মিহলি হৈ তৈয়াৰ হোৱা তৰল আৰু তাৰ লগতে ইয়াৰ গোট মৰা আৰু আধা গোট মৰা মিশ্ৰণ কেইবা দিন ধৰি একেৰাহে যোনিপথেৰে নিৰ্গত হয়। এই ক্ষৰণেই ঋতুস্ৰাৱ বা ৰক্তস্ৰাৱ বা ৰজঃস্ৰাৱ। প্ৰতি বছৰে ২৮ মে’ৰ দিনটো ঋতুস্ৰাৱ পৰিচ্ছন্নতা দিৱস হিচাপে পালন কৰা হয়৷[]

  1. “মোৰ ক্লিনিকলৈ অহা বেছিভাগ মহিলাই তেওঁলোকৰ ছোৱালীৰ স্বাস্থ্যৰ বিষয়ে বিভিন্ন চিন্তা আৰু উদ্বেগ প্ৰকাশ কৰে। এই চিন্তিত মাতৃসকলে ঋতুস্ৰাৱৰ প্ৰাথমিক তাৎপৰ্য বুজি নাপায়, কিয়নো তেওঁলোকৰ ১২-১৩ বছৰীয়া ছোৱালীয়ে যৌৱনপ্ৰাপ্তিৰ কাষ চাপিছে।"(ডা° ছানিয়া ছিদ্দিকি)[]
  2. মই বিচাৰো প্ৰতিগৰাকী মহিলাই এই কথা বুজি পাব লাগে যে আমাৰ শৰীৰটো হৰমনেৰে গঠিত আৰু প্ৰতিমাহে ঋতুস্ৰাৱ হোৱাটো এক স্বাভাৱিক প্ৰক্ৰিয়া৷ (সমাজকৰ্মী ফাৰহীন)[]
  3. ঋতুস্ৰাৱৰ বিভিন্ন জীৱন শৈলী আৰু মানসিক অৱস্থাৰ ওপৰত অনিয়মে মহিলাসকলক সমস্যাত পেলায়।[]
  1. Menstruation and the menstrual cycle fact sheet | womenshealth.gov (2018-05-16). Archived from the original on 2015-06-26.
  2. ঋতুস্ৰাৱৰ পৰিচ্ছন্নতা. আহৰণ কৰা হৈছে: 25 ছেপ্টেম্বৰ 2024.
  3. ছানিয়া ছিদ্দিকি. আহৰণ কৰা হৈছে: 25 ছেপ্টেম্বৰ 2024.
  4. ফাৰহীন. আহৰণ কৰা হৈছে: 26 ছেপ্টেম্বৰ 2024.
  5. সুস্বাস্থ্যৰ আধাৰ. আহৰণ কৰা হৈছে: 26 ছেপ্টেম্বৰ 2024.