সমললৈ যাওক

উইলিয়াম জেমছ

ৱিকিউদ্ধৃতিৰ পৰা
উইলিয়াম জেমছৰ আলোকচিত্ৰ

উইলিয়াম জেমছ (ইংৰাজী: William James; ১১ জানুৱাৰী, ১৮৪২ – ২৬ আগষ্ট, ১৯১০) আছিল এজন আমেৰিকান দাৰ্শনিক, ইতিহাসবিদ আৰু মনোবিজ্ঞানী আৰু আমেৰিকাত মনোবিজ্ঞানৰ পাঠ্যক্ৰম আগবঢ়োৱা প্ৰথমজন শিক্ষাবিদ। জেমছক ১৯ শতিকাৰ শেষৰ ভাগৰ এগৰাকী আগশাৰীৰ চিন্তাবিদ, আমেৰিকাৰ অন্যতম প্ৰভাৱশালী দাৰ্শনিক আৰু "আমেৰিকান মনোবিজ্ঞানৰ পিতৃ" বুলি গণ্য কৰা হয়।

  • নিজৰ কামৰ প্ৰশংসা বা স্বীকৃতি পোৱাটো মানুহৰ মনৰ গোপনতম বাসনা।[১]
  • যি মানুহৰ কাৰণে সিদ্ধান্ত ল’ব নোৱাৰাটো এটা অভ্যাসত পৰিণত হয়, তেওঁতকৈ অসুখী মানুহ আৰু কোনো হ’ব নোৱাৰে৷ [২]
  • ক্ৰিয়াই অনুভূতিক অনিসৰণ কৰি চলে, কিন্তু বাস্তৱত ক্ৰিয়া আৰু অনুভূতি একেলগে গতি কৰে৷ যি ইচ্ছাৰ অনুৱৰ্তী, সিয়েই ক্ৰিয়াক নিয়ন্ত্ৰণ কৰে, আমি পৰোক্ষভাৱে অনুভূতিক নিয়ন্ত্ৰণ কৰিব পাৰোঁ৷ সেয়ে আমি নিজকে সাহসী কৰি তুলিবলৈ হ’লে আমাৰ ইচ্ছাক নিয়ন্ত্ৰণত ৰাখিব লাগিব৷ আৰু সেই কাম কৰিব পাৰিলেই আমাৰ মনৰ পৰা ভয় ভাৱ দূৰ হৈ যাব৷[৩]
  • আমাৰ সকলো বৈজ্ঞানিক আৰু দাৰ্শনিক আদৰ্শ অজ্ঞাত দেৱতাৰ বেদী।[৪]
  • আপুনি য’তেই নাথাকক কিয় আপোনাৰ পৃথিৱীখন বনাইছে আপোনাৰ নিজৰ বন্ধুৱেই।[৫]
  • মানুহৰ জীৱনত কেতিয়াবা এনে কিছুমান তাৎপৰ্যপূৰ্ণ অভিজ্ঞতা হয়, যিবোৰ অভিজ্ঞতাই মানুহজনৰ জীৱনটোকেই সলনি কৰি দিব পাৰে।[৬]
  • মানুহৰ দৈনন্দিন প্ৰয়োজনবোৰ পূৰ্ণ হ'লেই মানুহ সুখী হোৱা উচিত। অভাৱে দুখ সৃষ্টি নকৰে; দুখ সৃষ্টি কৰে প্ৰাচুৰ্যই।[৬]
  • আমি যিমান জাগৰিত হৈ থকা উচিত তাৰ আধাখিনিহে হৈ থাকো। আমাৰ যিমান মানসিক আৰু শাৰীৰিক সম্পদ আছে তাৰ মাত্ৰ এটা ক্ষুদ্ৰ অংশহে আমি ব্যৱহাৰ কৰি থাকোঁ। বহলাই ক'বলৈ হ'লে এজন মানুহে তেওঁৰ সামৰ্থ্যৰ সীমাৰ বহু তলত বাস কৰে। তেওঁৰ বিভিন্ন ধৰণৰ ক্ষমতা থাকে যিবোৰ তেওঁ ব্যৱহাৰ নকৰে।[৭]
  1. নিয়মীয়া বাৰ্তা, ২২ মে' ২০২১
  2. উদ্ধৃতি অভিধান, ৰক্তাভ জ্যোতি বৰা, পৃ: নং, ৩৫২, প্ৰকাশক: উৎপল হাজৰিকা, বাণী মন্দিৰ
  3. উদ্ধৃতি অভিধান, ৰক্তাভ জ্যোতি বৰা, পৃ: নং, ২৪৫, প্ৰকাশক: উৎপল হাজৰিকা, বাণী মন্দিৰ
  4. William James, The Dilemma of Determinism (September 1884), The Unitarian Review and Religious Magazine
  5. Ralph Barton Perry, The Thought and Character of William James (1935), Vol. II, Ch. 91
  6. ৬.০ ৬.১ হোমেন বৰগোহাঞি, গীতিমালিকা নেওগ (২০০৩)। জীৱন-জিজ্ঞাসা, পৃষ্ঠা:৪৪-৪৫।
  7. কে. ভি. গোপালকৃষ্ণণ (২০১২)। সমাজলৈ বিপ্লৱ অনা উদ্ভাৱকসকল। নেশ্যনেল বুক ট্ৰাষ্ট অৱ ইণ্ডিয়া। ISBN: 978-81-237-3429-9
:w:
:w:
ৱিকিপিডিয়াত সম্বন্ধিত পৃষ্ঠা: