ইলোৰা ৰায়চৌধুৰী

ৱিকিউদ্ধৃতিৰ পৰা

ইলোৰা ৰায়চৌধুৰী (ইংৰাজী: Ellora Roychoudhury) মৰণোত্তৰভাৱে নেত্ৰদান আৰু দেহদান কৰা অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথমগৰাকী মহিলা।[১][২][৩][৪][৫][৬] তেখেত আছিল এগৰাকী বাঁওপন্থী কৰ্মী আৰু বিশিষ্ট সমাজ সেৱক। অসম কেশৰী অম্বিকাগিৰী ৰায়চৌধুৰীৰ বংশধৰ প্ৰয়াত হেমন্ত ৰায়চৌধুৰী আৰু মাতৃ বীনা ৰায়চৌধুৰীৰ জীয়ৰী ইলোৰা ৰায়চৌধুৰীয়ে ২০০৩ চনৰ ১৫ মে' তাৰিখে দুৰাৰোগ্য কৰ্কটৰোগত আক্ৰান্ত হৈ মৃত্যুমুখত পৰে।[১][২] মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৩৪ বছৰ। ইলোৰা ৰায়চৌধুৰীৰ মৃত্যুয়ে অসমত এক নতুন আন্দোলনৰ সূচনা কৰে। তেওঁৰ প্ৰথম মৃত্যুবাৰ্ষিকীত (১৫ মে', ২০০৪) ইলোৰা বিজ্ঞান মঞ্চ নামৰ স্বেচ্ছাসেৱী সংগঠনটোৰ প্ৰতিষ্ঠা হয়। ইয়াৰ জৰিয়তে অসমতো মৰণোত্তৰ অংগদান, নেত্ৰদান আৰু চিকিৎসা বিজ্ঞানৰ উৎকৰ্ষ সাধনৰ বাবে দেহদান আৰম্ভ হয়। পৰৱৰ্তী কালত ইলোৰা বিজ্ঞান মঞ্চ অসমত অন্ধবিশ্বাস আৰু কুসংস্কাৰৰ বিৰুদ্ধে বৈজ্ঞানিক মানসিকতা প্ৰসাৰৰ এক অগ্ৰণী অনুষ্ঠানত পৰিণত হয়।[৭]

উদ্ধৃতি[সম্পাদনা কৰক | উৎস সম্পাদনা]

  1. বৈষয়িক বিষয়বস্তু আৰু ব্যক্তিগত সুখ-দুখ তথা লাহ-বিলাহৰ প্ৰতি মোৰ কোনো মায়া মোহ নাই৷[৮]
  2. চিন্তা নকৰিবা, মই অন্ততঃ আৰু দহ বছৰ জীয়াই থাকিব লাগিব, এই পৃথিৱীত মোৰ কৰিবলগীয়া বহু কাম বাকী আছে৷ (মৃত্যু আগমূহুৰ্তত কোৱা কথা৷)[৮]

মন্তব্য[সম্পাদনা কৰক | উৎস সম্পাদনা]

  • আমি তেওঁৰ সাহসী সিদ্ধান্তক প্ৰশংসা কৰিছোঁ আৰু উত্তৰ-পূৰ্বাঞ্চলত বৈজ্ঞানিক মানসিকতা প্ৰসাৰত ই সহায়ক হ’ব বুলি আশা কৰিছোঁ৷

-মাণিক সৰকাৰ (ত্ৰিপুৰাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী)[৯]

  • দেশৰ গণতান্ত্ৰিক মহিলা আন্দোলনৰ বাবে ইলোৰা প্ৰেৰণাৰ উৎস হৈ ৰ’ল৷ আমি তেওঁৰ বাবে গৰ্ববোধ কৰিছোঁ৷

-বৃন্দা কাৰাট৷[৯]

  • ‘মৃত্যুক শিল্প’ বোলা কথাষাৰ তেওঁ কেতিয়াও অন্তৰৰ পৰা গ্ৰহণ কৰিব পৰা নাছিল; কিন্তু ইলোৰাই প্ৰমাণ কৰিলে, মৃত্যু এক অভিনৱ শিল্প৷

-নিত্য বৰা৷[৯]

তথ্য সূত্ৰ[সম্পাদনা কৰক | উৎস সম্পাদনা]

  1. ১.০ ১.১ "A life less ordinary ends with noble gesture", The Telegraph,15 May,2003,Guwahati
  2. ২.০ ২.১ Body donor's family carries out last wish, Telegraph, 17 February 2005.
  3. GMCH leads by Ellora example, The telegraph, 18 October, 2003
  4. সাক্ষাৎকাৰ : ড° অনিমা গুহৰ দৃষ্টিৰে ড° অমলেন্দু গুহ
  5. মৰোণোত্তৰ দেহদান
  6. First Muslim body donor in Assam, The Hindu, 18 May, 2011.
  7. How to Donate Body For Medical Research,The Sentinel, 31 December 2018
  8. ৮.০ ৮.১ মজুমদাৰ, হেমলতা (২০২৩)। অন্যন্যা ইলোৰা। ইলোৰা বিজ্ঞান মঞ্চ, পৃষ্ঠা:১৭।
  9. ৯.০ ৯.১ ৯.২ "চিকিৎসা মহাবিদ্যালয়ত সজীৱ হৈ থাকিব ইলোৰাৰ স্মৃতি". অসমীয়া প্ৰতিদিন. ৫ জুন ২০০৩.