ইলন মাস্ক্
নেভিগেশ্যনলৈ যাওক
সন্ধানলৈ যাওক
ইলন ৰিভ্ মাস্ক্ (ইংৰাজী: Elon Reeve Musk; জন্ম: ২৮ জুন ১৯৭১) এগৰাকী প্ৰযুক্তি বিষয়ৰ উদ্যোগী লোক, বিনিয়োগকাৰী আৰু অভিযন্তা। দক্ষিণ আফ্ৰিকা, কানাডা আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ নাগৰিকত্ব থকা ইলন মাস্ক্ স্পেছ্এক্সৰ (SpaceX) প্ৰতিষ্ঠাপক, মুখ্য কাৰ্য্যবাহী বিষয়া আৰু মূল পৰিকল্পনাকাৰী। তেওঁ টেছলা (Tesla Inc.) কোম্পানীটোৰ সহ-প্ৰতিষ্ঠাপক, মুখ্য কাৰ্য্যবাহী বিষয়া আৰু স্থপতি; নিউৰালিংকৰ সহ-প্ৰতিষ্ঠাপক আৰু মুখ্য কাৰ্য্যবাহী বিষয়া আৰু পেইপলৰ সহ-প্ৰতিষ্ঠাপক।