ইন্দিৰা পি পি বৰা

ৱিকিউদ্ধৃতিৰ পৰা
ইন্দিৰা পি পি বৰা

ইন্দিৰা পি পি বৰা এগৰাকী ভাৰতীয় শাস্ত্ৰীয় নৃত্যশিল্পী আৰু নৃত্য পৰিচালক। তেওঁ অসমৰ সত্ৰীয়া নৃত্য, ভাৰতনাট্যম আৰু কুচিপুড়ি নৃত্যৰ নৃত্যপটীয়সী। ভাৰতৰ শাস্ত্ৰীয় নৃত্যসমূহৰ ভিতৰত অন্যতম সত্ৰীয়া নৃত্যৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে গুৰু ইন্দিৰা পি পি বৰা বিশেষভাৱে জনাজাত।[১] তেওঁ ১৯৮২ চনত গুৱাহাটীত কলাভূমি নামেৰে সত্ৰীয়া আৰু ভাৰতনাট্যম শিক্ষানুষ্ঠান স্থাপন কৰিছিল। বৰ্তমান তেওঁ আমেৰিকা যুক্তৰাষ্ট্ৰৰ কলৰাড'ত অৱস্থিত নাট্যসংগম নৃত্য একাডেমীৰ কলাত্মক সঞ্চালক। ১৯৯৬ চনত তেওঁ সংগীত নাটক একাডেমী বঁটা লাভ কৰিছিল। ২০১৯ চনত কেৰালা চৰকাৰে সত্ৰীয়া নৃত্যৰ জনপ্ৰিয়কৰণত তেওঁ আগবঢ়োৱা অৱদানৰ স্বীকৃতি স্বৰূপে গুৰু গোপীনাথ নাট্য পুৰস্কাৰ প্ৰদান কৰিছিল। ২০২০ চনত ভাৰত চৰকাৰে তেওঁক দেশৰ চতুৰ্থ সৰ্বোচ্চ অসামৰিক সন্মান পদ্মশ্ৰী প্ৰদান কৰে।[২]

উদ্ধৃতি[সম্পাদনা কৰক | উৎস সম্পাদনা]

  1. সত্ৰীয়াত সকলো কোমল। পূব ভাৰতৰ সকলো নৃত্যশিল্পীৰ দৰে, ওডিছি আৰু মণিপুৰীৰ দৰে শৰীৰৰ ভাষাটোও অতি লেহুকা। অসমত মানুহবোৰে এনেকৈয়ে গতি কৰে।[৩]
  2. সত্ৰীয়া নৃত্য ৰূপত ভক্তি প্ৰধান। ই এক জীৱন্ত পৰম্পৰা। অসমৰ মঠ-মন্দিৰত আজিও তেওঁলোকে ইয়াক চৰ্চা কৰে। মই ব্যক্তিগতভাৱে নিজে অতি উদাৰমনা আৰু বিদেশী দৰ্শকৰ বাবে উপভোগ্য কৰাৰ ক্ষেত্ৰত একেবাৰেই ৰক্ষণশীল নহয়। আপুনি সত্ৰীয়াত যীচু খ্ৰীষ্টৰ ক্ৰুচবিদ্ধ হোৱা ঘটনাক প্ৰতিনিধিত্ব কৰিব পাৰে, যদি আপুনি বিচাৰে। ইয়াক অন্য ৰূপ আৰু বিষয়বস্তুৰ সৈতে মিহলি কৰিব পাৰি। এই সকলোবোৰেৰে মই মাত্ৰ পৃথিৱীখনলৈ অলপ সুখ কঢ়িয়াই আনিব বিচাৰোঁ।[৩]
  3. মই শৰীৰৰ ভাষাক গুৰুত্ব দিওঁ। সেইটো বৰ গুৰুত্বপূৰ্ণ। কিন্তু মই বেছি ৰক্ষণশীল নহয়। আমাৰ পৰম্পৰাবোৰ ভগাই দিলেই পৃথিৱীখন অধিক ধনী হ’ব। কাৰণ, গোটেই পৃথিৱীখনেই এটা পৰিয়াল - আমি এক![৩]
  4. উশাহ লওঁতে সংগীত অনুভৱ কৰা উচিত, স্পন্দন অনুভৱ কৰা উচিত৷[৪]
  5. প্ৰফুল্ল প্ৰসাদ বৰাই মোক ৰাষ্ট্ৰীয় মঞ্চ দিলে। মই তেওঁৰ প্ৰতি সদায় কৃতজ্ঞ, কাৰণ তেওঁৰ উৎসাহ অবিহনে মই এগৰাকী গৃহিণী হ’লোহেঁতেন।[৫]
  6. শিল্প-সংস্কৃতিৰ কোনো চৰ্টকাট নাই। মাত্ৰ দুমাহ শিকি মঞ্চত পৰিৱেশন কৰাৰ কথা ভবাটো বহুত ভুল। যদি তেওঁলোকে সকলো কাম নিষ্ঠাৰে কৰে, তেন্তে ই তেওঁলোকক আগুৱাই যোৱাত সহায় কৰাই নহয়, তেওঁলোকৰ সমাজকো সহায় কৰিব। আৰু তেতিয়া বিশ্বই তেওঁলোকক চিনি পাব আৰু তেওঁলোকৰ প্ৰতিভাক চিনি পাব। কিন্তু অতি দুখৰ বিষয় যে, নৱ প্ৰজন্মৰ ধৈৰ্য নাই। তেওঁলোকে শিকিবলৈ এজন ভাল গুৰুৰ ওচৰলৈ যাব লাগে৷[৫]

তথ্য সূত্ৰ[সম্পাদনা কৰক | উৎস সম্পাদনা]

  1. Guru Indira P P Bora. প্ৰকাশক: sattriyakristi.com. Archived from the original on 2020-03-19. আহৰণ কৰা হৈছে: 2020-03-18.
  2. Padma Vibhushan for Mary Kom, Padma Bhushan for SC Jamir, Padma Shri for 13 others from Northeast. প্ৰকাশক: nenow.in. আহৰণ কৰা হৈছে: 2020-03-18.
  3. ৩.০ ৩.১ ৩.২ ইন্দিৰাৰ সৈতে সাক্ষাৎকাৰ. আহৰণ কৰা হৈছে: 25 এপ্ৰিল 2024.
  4. Satriya will always be a concert... আহৰণ কৰা হৈছে: 25 এপ্ৰিল 2024.
  5. ৫.০ ৫.১ taking satriya to the world. আহৰণ কৰা হৈছে: 25 এপ্ৰিল 2024.