সমললৈ যাওক

ইণ্টাৰভিউত সফল হ’ব কেনেকৈ

ৱিকিউদ্ধৃতিৰ পৰা

ইণ্টাৰভিউত সফল হ’ব কেনেকৈ দিতিমণি গগৈয়ে অসমীয়া ভাষাত ৰচনা কৰা এখন গ্ৰন্থ।

  1. যিকোনো এখন ক্ষেত্ৰক নিজৰ কেৰিয়াৰ হিচাপে নিৰ্বাচন কৰাৰ পূৰ্বে স্ব- মূল্যায়ন কৰি চোৱাটো জৰুৰী। কাৰণ যিকোনো কেৰিয়াৰ গঢ়ি তোলাটো সহজসাধ্য কাম নহয়। তাৰ বাবে অহৰহ প্ৰচেষ্টা, ধৈৰ্য আৰু কঠোৰ সাধনাৰ প্ৰয়োজন। সেইবাবে কেৰিয়াৰ গঢ়াৰ পৰিকল্পনা হ্ৰস্বম্যাদী নহৈ দীৰ্ঘম্যাদী হোৱাটো সুফলদায়ক।[]
  2. নিজৰ সম্পৰ্কে নিজে কেতিয়াও ভুল ধাৰণা পুহি নাৰাখিব। তদুপৰি, Be True to Yourself, অৰ্থাৎ নিজৰ প্ৰতি শুদ্ধ হওক। আপোনাৰ নিজৰ মাজত থকা প্ৰতিভা বা সম্ভাৱনাখিনি বুজি উঠক আৰু সেইবোৰৰ সদ্ব্যৱহাৰ কৰি কেনেকৈ আপোনাৰ কেৰিয়াৰ গঢ়াত সেইবোৰে সহায় কৰিব পাৰে সেই কথা উপলব্ধি কৰক। সেইবাবেই এইটো একান্ত ব্যক্তিগত বিষয় যে আপোনাৰ নিজৰ সক্ষমতা বা দুৰ্বলতা সম্পৰ্কে কেৱল আপুনিহে জ্ঞাত আৰু সেয়ে আপুনি যদি এখন আৱৰণৰ মাজত সোমাই আছে, তেন্তে তাৰ পৰা বাহিৰ হ'বলৈ আপুনি নিজেই চেষ্টা কৰিব লাগিব।[]
  3. কিবা কথা নাজানিলে নাজানো বুলি স্বীকাৰ কৰিবলৈ শিকক আৰু পৰা কথাখিনি সম্পূৰ্ণ আত্মবিশ্বাসেৰে পাৰোঁ বুলি ক'বলৈ শিকক। তেতিয়া দেখিব নজনা কথাটো জানিবৰ বাবে আপোনাৰ আগ্ৰহ বৃদ্ধি পাব আৰু বিজ্ঞজনৰ পৰা কিবা কথা জানিবলৈ পালে আপুনি সন্তোষ লভিব।[]
  4. কেৰিয়াৰ নিৰ্বাচন কৰাটো এটা জটিল কাম। ই জীৱনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ সিদ্ধান্ত। কাৰণ কেৰিয়াৰ নিৰ্বাচনৰ ওপৰতেই নিৰ্ভৰ কৰে এজন লোকৰ আৰ্থিক অৱস্থা, সামাজিক স্থিতি আৰু তেওঁৰ বিভিন্ন ধৰণৰ মানসিক সন্তুষ্টি। সেইবাবেই এই কামটো কৰোঁতে সদায় বাস্তৱ দৃষ্টিভংগী গ্ৰহণ কৰাটো বাঞ্ছনীয়। কোনো আঁচনি নকৰাকৈ দেখা সপোনক সদায়েই অবাস্তৱ বুলি গণ্য কৰা হয়। সেইবাবে কেৰিয়াৰ নিৰ্বাচন কৰাৰ কথা ভবাৰ লগে লগে সেই লক্ষ্যত উপনীত হ'বৰ বাবে কিছুমান আঁচনি কৰি পেলোৱা উচিত।[]
  5. প্ৰথমতে নিজৰ সিদ্ধান্ত আৰু লক্ষ্য স্থিৰ কৰক। তাৰ পিছত সেই লক্ষ্যত উপনীত হ'বৰ বাবে বিভিন্ন লোকে কি উপায় অৱলম্বন কৰিছে, কেনে পথ বাছি লৈছে সেই সম্পৰ্কে অধ্যয়ন কৰক। আপোনাৰ লক্ষ্যত উপনীত হ'বৰ বাবে বিভিন্ন পথ থাকিব পাৰে, আপুনি কোনটো পথ বাছি ল'ব সেয়া নিৰ্ণয় কৰক। আপোনাৰ কেৰিয়াৰ হ'ব লাগিব আপোনাৰ হিচাবী মনৰ প্ৰতিফলন। আপোনাৰ বিভিন্ন কাম আৰু সিদ্ধান্তৰ ভিতৰত প্ৰশিক্ষণ, শিক্ষাগত অৰ্হতা আহৰণ, অভিজ্ঞতা আহৰণ আদিও সোমাই পৰিব। ইয়াৰ লগতে নিজৰ সৃষ্টিশীল গুণসমূহকো বিকশাই তোলক। আপোনাৰ যিবোৰ গুণে আপোনাক লক্ষ্যত উপনীত কৰাত সহায় কৰিব বুলি ভাবে সেই গুণবোৰ বিকশাই তোলাত অলপো কুণ্ঠাবোধ নকৰিব।[]