আইজাক নিউটন
অৱয়ব

ছাৰ আইজাক নিউটন (ইংৰাজী: Sir Isaac Newton; ২৫ ডিচেম্বৰ, ১৬৪২ − ৩১ মাৰ্চ, ১৭২৭) আছিল একাধাৰে পদাৰ্থ বিজ্ঞানী, গণিতজ্ঞ, জ্যোতিৰ্বিজ্ঞানী, প্ৰাকৃতিক দাৰ্শনিক (Natural Philosopher), ৰসায়ন বিজ্ঞনী, ধৰ্মতাত্বিক ইংৰাজ ৰয়েল চচাইটিৰ সদস্য তথা ইতিহাসৰ সবাতোকৈ প্ৰভাৱশালী ব্যক্তিসকলৰ ভিতৰত অন্যতম।
উদ্ধৃতিসমূহ
[সম্পাদনা কৰক | উৎস সম্পাদনা]- মই জ্যোতিষ্কৰহে গতি গণনা কৰিব পাৰোঁ, কিন্তু মানুহৰ উন্মাদনা নহয়।
- মই কোনো প্ৰকল্প তৈয়াৰ নকৰোঁ; কাৰণ প্ৰপঞ্চৰ পৰা যি নিৰ্গত নহয়, সেয়ে হ’ল প্ৰকল্প,— আৰু ভৌতিকেই হওক বা অধিভৌতিকেই হওক, ঐন্দ্ৰজালিক গুণসম্পন্নই হওক বা ভৌতিক গুণসম্পন্নই হওক, পৰীক্ষামূলক দৰ্শনত প্ৰকল্পৰ স্থান নাই।[১]
- বিশ্ব-ব্ৰহ্মাণ্ডৰ প্ৰতিটো ক্ৰিয়াৰে এক সমান আৰু বিপৰীতমুখী প্ৰতিক্ৰিয়া সদায় বিদ্যমান৷[২]
- যদি মই আনতকৈ অধিক দূৰত দেখিছো, তেন্তে সেয়া মই মহাপুৰুষৰ কান্ধত থিয় হোৱাৰ বাবেই।[৩] [৪]
- আন কোনো প্ৰমাণ নাথাকিলেও ঈশ্বৰৰ অস্তিত্বৰ বিষয়ে মোক পতিয়ন নিয়াবলৈ কেৱল বুঢ়া আঙুলিটোৱেই যথেষ্ট।[৪]
- মোৰ শক্তিবোৰ সাধাৰণ। কেৱল মোৰ পৰীক্ষা-নিৰীক্ষাই মোক সফলতা কঢ়িয়াই আনে।[৪]
- প্ৰতিভা হৈছে ধৈৰ্য্য।[৪]
উৎস
[সম্পাদনা কৰক | উৎস সম্পাদনা]- ↑ বৰ্মন, শিৱনাথ (১৯৭৬)। আইনষ্টাইন আৰু পদাৰ্থ জগত। গুৱাহাটী। অসম প্ৰকাশন পৰিষদ।
- ↑ উদ্ধৃতি অভিধান, ৰক্তাভ জ্যোতি বৰা, পৃ: নং, ৩৭৯, প্ৰকাশক: উৎপল হাজৰিকা, বাণী মন্দিৰ
- ↑ On the Shoulders of Giants. আহৰণ কৰা হৈছে: 24 এপ্ৰিল 2026.
- ↑ ৪.০ ৪.১ ৪.২ ৪.৩ Isaac Newton Quotes. আহৰণ কৰা হৈছে: 24 এপ্ৰিল 2026.
