সমললৈ যাওক

আইজাক নিউটন

ৱিকিউদ্ধৃতিৰ পৰা
শিল্পীৰ তুলিকাত ছাৰ আইজাক নিউটন

ছাৰ আইজাক নিউটন (ইংৰাজী: Sir Isaac Newton; ২৫ ডিচেম্বৰ, ১৬৪২ − ৩১ মাৰ্চ, ১৭২৭) আছিল একাধাৰে পদাৰ্থ বিজ্ঞানী, গণিতজ্ঞ, জ্যোতিৰ্বিজ্ঞানী, প্ৰাকৃতিক দাৰ্শনিক (Natural Philosopher), ৰসায়ন বিজ্ঞনী, ধৰ্মতাত্বিক ইংৰাজ ৰয়েল চচাইটিৰ সদস্য তথা ইতিহাসৰ সবাতোকৈ প্ৰভাৱশালী ব্যক্তিসকলৰ ভিতৰত অন্যতম।

  1. মই জ্যোতিষ্কৰহে গতি গণনা কৰিব পাৰোঁ, কিন্তু মানুহৰ উন্মাদনা নহয়।
  2. ম‌ই কোনো প্ৰকল্প তৈয়াৰ নকৰোঁ; কাৰণ প্ৰপঞ্চৰ পৰা যি নিৰ্গত নহয়, সেয়ে হ’ল প্ৰকল্প,— আৰু ভৌতিকেই হ‌ওক বা অধিভৌতিকেই হ‌ওক, ঐন্দ্ৰজালিক গুণসম্পন্ন‌ই হ‌ওক বা ভৌতিক গুণসম্পন্ন‌ই হ‌ওক, পৰীক্ষামূলক দৰ্শনত প্ৰকল্পৰ স্থান নাই।[১]
  3. বিশ্ব-ব্ৰহ্মাণ্ডৰ প্ৰতিটো ক্ৰিয়াৰে এক সমান আৰু বিপৰীতমুখী প্ৰতিক্ৰিয়া সদায় বিদ্যমান৷[২]
  1. বৰ্মন, শিৱনাথ (১৯৭৬)। আইনষ্টাইন আৰু পদাৰ্থ জগত। গুৱাহাটী। অসম প্ৰকাশন পৰিষদ।
  2. উদ্ধৃতি অভিধান, ৰক্তাভ জ্যোতি বৰা, পৃ: নং, ৩৭৯, প্ৰকাশক: উৎপল হাজৰিকা, বাণী মন্দিৰ
:w:
:w:
ৱিকিপিডিয়াত সম্বন্ধিত পৃষ্ঠা: