সমললৈ যাওক

অৰিন্দম বৰকটকী

ৱিকিউদ্ধৃতিৰ পৰা

অৰিন্দম বৰকটকী (ইংৰাজী: Arindam Borkataki; জন্ম: ১৯৭৬) একাধাৰে লেখক, সমালোচক, সম্পাদক আৰু অধ্যাপক। তেওঁ অসম প্ৰকাশন পৰিষদৰ পৰা প্ৰকাশ পোৱা প্ৰকাশ আলোচনীৰো সম্পাদক আছিল। অনুশীলন গ্ৰন্থৰ বাবে তেওঁ ২০১১ বৰ্ষত অসমীয়া ভাষাত ‘সাহিত্য অকাডেমি বঁটা’ লাভ কৰে [১][২] আৰু ‘মুনীন বৰকটকী বঁটা’ লাভ কৰে।[৩] তেওঁ আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ শিক্ষক।[৪]

চাকিগছ কোনোবাই জ্বলাই ৰাখিব লাগিব

  1. পৰিয়ালৰ মানুহৰ দুৰ্নীতিৰ বিৰুদ্ধে পৰিয়ালৰ মানুহেই প্ৰতিবাদ নকৰিলে দুৰ্নীতি বন্ধ নহয়৷[৫]
  2. অসমীয়া বুলি পৰিচয় দি থকাসকল অসমীয়া অসমীয়া পৰিচয়ৰ পৰা আঁতৰি আহিলে এইখন অসমতেই অসমীয়া ভাষিক সংখ্যালঘুত পৰিণত হৈ ভৱিষ্যতে অসমে ত্ৰিপুৰাৰ ৰূপ ল’ব৷[৬]
  3. অসমৰ জনগাঁথনি এনেকুৱা যে কোনো অঞ্চলৰ সংখ্যাগুৰু আন কোনো এটা অঞ্চলত সংখ্যালঘু। গতিকে যেতিয়া কোনো ঠাইত এটা আক্ৰমণ হয়, তাৰ প্ৰতিক্ৰিয়া ধাৰাবাহিক ৰূপত আক্ৰমণ আৰু প্ৰত্যাক্ৰমণৰ ৰূপত আন ঠাইবোৰত বিয়পি পৰে৷[৭]
  4. অসম আন্দোলনৰ পিছত আলফাৰ উত্থানেই অসম আৰু অসমীয়াৰ ৰাজনৈতিক পৰিচয়ক (political identity) সৰ্বভাৰতীয় প্ৰেক্ষাপটত গুৰুত্ব আৰু সমীহ আদায় কৰাৰ সুবিধা কৰি দিলে। এইটোও এটা ডাঙৰ সত্য যে স্বৰাজোত্তৰ কালত তেলৰ নামতেই হওক, ভাষাৰ নামতেই হওক, বিদেশীৰ নামতেই হওক অসমীয়াৰ এটা শ্ৰেণীয়ে আন্দোলন কৰি থাকিব লগা হৈছে।[৮]
  5. যেতিয়ালৈকে আলফাই উত্থাপন কৰা সমস্যাৰ সমাধান নহয়, তেতিয়ালৈকে আলফা সমস্যাৰ সমাধান নহয়৷[৯]