সমললৈ যাওক

অসমীয়া সাহিত্যৰ সমীক্ষাত্মক ইতিবৃত্ত

ৱিকিউদ্ধৃতিৰ পৰা

অসমীয়া সাহিত্যৰ সমীক্ষাত্মক ইতিবৃত্ত হৈছে সত্যেন্দ্ৰনাথ শৰ্মাৰ দ্বাৰা ৰচিত অসমীয়া ভাষা সাহিত্যৰ ইতিহাস বিষয়ক এখন গুৰুত্বপূৰ্ণ গ্ৰন্থ৷[]গ্ৰন্থখনৰ প্ৰথম প্ৰকাশ হয় ১৯৮১ চনত৷ এই গ্ৰন্থখনক অসমীয়া ভাষা-সাহিত্য-সংস্কৃতিৰ সংক্ষিপ্ত বুৰঞ্জী বুলি অসমীয়া সাহিত্যত স্বীকৃতি দিয়া হৈছে৷ গ্ৰন্থখনৰ দশম সংস্কৰণত মুঠ সপ্তদশ অধ্যায় আছে৷ দশম সংস্কৰণটো প্ৰকাশ কৰিছে সৌমাৰ প্ৰকাশে৷ মুঠ পৃষ্ঠা-৪৯৬

  1. লম্বোদৰ বৰাই ছাত্ৰ অৱস্থাৰপৰাই সাহিত্য চৰ্চা কৰিছিল। 'আসাম-বিলাসিনী' আৰু গুণাভিৰাম বৰুৱাই সম্পাদনা কৰা 'আসাম-বন্ধু'ত নিয়মিতভাৱে প্ৰবন্ধ দিছিল। 'আসাম তৰা', 'আসাম নিউজ' আদিতো বৰাৰ প্ৰবন্ধ প্ৰকাশ হৈছিল।[]
  2. উত্তৰ-স্বাধীনতা যুগৰ কবিতাৰ ধাৰা দুটা। পুৰণি ৰোমান্টিকধৰ্মী আৰু গতানুগতিক ছন্দৰীতিত ৰচনা কৰা কবিতাৰ এটা ধাৰা ক্ষীণভাৱে হ'লেও যুদ্ধোত্তৰ দুই দশকমানলৈকে নিষ্প্ৰাণ গতিত প্ৰৱাহিত হৈ আহিছিল। এই ধাৰাটিত আধ্যাত্মিকতা, অতীন্দ্ৰিয়বাদ আৰু স্বদেশপ্ৰীতিৰ প্ৰকাশ দেখা যায়। []
  3. মাৰ্কিন মিছনেৰীসকলে বঙ্গদেশৰ শ্ৰীৰামপুৰ মিছনেৰী প্ৰেছত প্ৰথমে অসমীয়া পুথি ছপাব লগা হোৱাত বঙলা আখৰতে অসমীয়া পুথি ছপায়। ৰ আৰু ৱ এই দুটা আখৰ পিছত প্ৰৱৰ্তন কৰে।[]