অমৰ প্ৰেম (চলচ্চিত্ৰ)

ৱিকিউদ্ধৃতিৰ পৰা

অমৰ প্ৰেম (ইংৰাজী: Amar Prem) শক্তি সামন্তৰ দ্বাৰা পৰিচালিত এখন ভাৰতীয় ৰোমাণ্টিক ড্ৰামা চলচ্চিত্ৰ। ১৯৭২ চনৰ ২৮ জানুৱাৰীত চলচ্চিত্ৰখনে মুক্তি লাভ কৰে। চলচ্চিত্ৰখন ১৯৭০ চনত মুক্তিপ্ৰাপ্ত অৰবিন্দ মুখাৰ্জীৰ দ্বাৰা পৰিচালিত নিশি পদ্ম শীৰ্ষক বঙালী চিনেমাখনৰ পুনৰ্নিমাণ। বিভূতিভূষণ বন্দ্যোপাধ্যায়হিঙেৰ কছুৰী নামৰ বঙালী চুটিগল্পটোৰ আধাৰত দুয়োখন চলচ্চিত্ৰৰে চিত্ৰনাট্য লিখিছে অৰবিন্দ মুখাৰ্জীয়ে। চলচ্চিত্ৰখনে মানৱীয় মূল্যবোধ আৰু সম্পৰ্কৰ অৱনতি চিত্ৰিত কৰিছে আৰু এজন ল’ৰাৰ এগৰাকী বেশ্যাৰ প্ৰতি থকা নিষ্পাপ প্ৰেমৰ এক সুন্দৰ উদাহৰণ উপস্থাপন কৰি ইয়াৰ বিপৰীত প্ৰতিচ্ছবি দেখুৱাইছে। চলচ্চিত্ৰখনৰ মুখ্য চৰিত্ৰত অভিনয় কৰিছে শৰ্মিলা ঠাকুৰ, ৰাজেশ খান্না আৰু বিনোদ মেহৰাই।

সংলাপসমূহ[সম্পাদনা কৰক | উৎস সম্পাদনা]

আনন্দ বাবু[সম্পাদনা কৰক | উৎস সম্পাদনা]

  1. পুষ্পা, ম‌ই এই চকুপানী চাব নোৱাৰোঁ। আই হে’ট টীয়েৰ্ছ!
  2. মোৰ ঘৰটো তাচপাতৰ ঘৰ। যিমানেই সাজিবলৈ চেষ্টা কৰোঁ, সিমানেই ভাঙি যায়।
  3. তোমাৰ এই গলৰ বিষে যিকোনো লোকৰ মনৰ বিষ আঁঁতৰাব পাৰে।
  4. বহুত বিচৰাৰ পিছত গম পালোঁ যে জীৱনত মিঠা কেৱল দুই ঠাইতেই পোৱা যায়। মিঠাইৰ দোকানত আৰু দ্বিতীয়তে তোমাৰ মাতত।
  5. মোৰ বিবাহেই মোৰ জীৱনৰ আটাইতকৈ ডাঙৰ অভিশাপ।