অমিতাভ বচ্চন
অৱয়ব


অমিতাভ হৰিবংশ বচ্চন (ইংৰাজী: Amitabh Haribansh Bacchan) হৈছে এগৰাকী ভাৰতীয় চলচ্চিত্ৰ অভিনেতা। তেখেতৰ জন্ম হৈছিল ১১ অক্টোবৰ, ১৯৪২ চনত। ১৯৭০-ৰ দশকত তেখেতে অভিনীত বোলছবিৰ জৰিয়তে খ্যাতি অৰ্জন কৰে 'খঙাল যুৱক' (Angry Young Man) হিচাপে। তেওঁ ভাৰতীয় বোলছবি ইতিহাসৰ আটাইতকৈ প্ৰখ্যাত তাৰকা।
অভিনয়ৰ বাহিৰেও তেখেতে দূৰদৰ্শনত অনুষ্ঠানৰ পৰিবেশনা কৰিছে। কেইখন মান বোলছবিত গান গোৱাৰ উপৰিও তেখেতে অলপ সময়ৰ বাবে ৰাজনীতিত যোগদান কৰি সংসদলৈ নিৰ্বাচিত হৈছিল।
উদ্ধৃতি
[সম্পাদনা কৰক | উৎস সম্পাদনা]- মই এনেকুৱা এজন মূৰ্খ।
- উৎস: টাইমছ অফ ইণ্ডিয়া
- যেতিয়ালৈকে আপুনি সামাজিক স্বাধীনতা লাভ নকৰে, তেতিয়ালৈকে আইনে যি স্বাধীনতা প্ৰদান কৰে, আপোনাৰ বাবে কোনো লাভ নাই।
- উৎস: অপইণ্ডিয়া
- মই ইংৰাজীত কথা কব পাৰো, ইংৰাজীত খোজ কাঢ়িব পাৰো, ইংৰাজীত হাঁহিব পাৰো। কাৰণ, ইংৰাজী এটা ধেমেলীয়া ভাষা।
- উৎস: ইণ্ডিয়া টিভি
- “এজন পাৰ্চী, এজন মুছলমান, এজন শিখ আৰু এজন হিন্দুৰ ২০২৪ চনত মৃত্যু হয় আৰু সমগ্ৰ দেশে শোক অনুভৱ কৰে আৰু তেওঁলোকক সকলোৱে এজন ভাৰতীয় হিচাপে মনত ৰাখে।"
- উৎস:[১]
- “ঐতিহাসিক ২০২৪ চনলৈ ধন্যবাদ!! মোৰ জীৱন সলনি কৰা এটা বছৰ। আপোনালোকক সদায় মনত ৰাখিম!! কৃতজ্ঞতা। আপোনালোক সকলোকে বিশেষ ধন্যবাদ আপোনালোকৰ আলিংগনমূলক মৰমেৰে মোক শক্তিশালী কৰাৰ বাবে।’’
- উৎস:[২]
মন্তব্য
[সম্পাদনা কৰক | উৎস সম্পাদনা]- "অমিতাভ বচ্চন জীক ৮০ তম জন্মদিনৰ শুভেচ্ছা জনাইছোঁ। তেওঁ ভাৰতৰ সবাতোকৈ অনন্য চলচ্চিত্ৰ ব্যক্তিত্ববোৰৰ মাজৰ এগৰাকী, যিয়ে দৰ্শকসকলক প্ৰজন্মৰ পিছত প্ৰজন্ম ধৰি মন্ত্ৰমুগ্ধ কৰি ৰাখিছে, মনোৰঞ্জন দি আহিছে। তেওঁৰ দীৰ্ঘায়ু আৰু সুস্বাস্থ্য কামনা কৰিছোঁ। (নৰেন্দ্ৰ মোদী)[১]
- অমিতাভৰ গুৰু-গম্ভীৰ কণ্ঠ আৰু তেওঁৰ চাৱনিৰ বাবে মই তেওঁক নিৰ্বাচন কৰিছিলোঁ। আমই ক’বলৈ কোনো দ্বিধাবোধ নকৰোঁ যে এই ছবি( আনন্দ)ত অমিতাভে ৰাজেশ খান্নাতকৈয়ো ভাল অভিনয় কৰিছিল।"(হৃষিকেশ মুখাৰ্জী)[২]
- মই বিজি উঠিছিলোঁ, গম্ভীৰ কণ্ঠস্বৰ আৰু চকুৰ চাৱনিৰেই যিকোনো চৰিত্ৰক শক্তিশালী কৰি তোলাৰ এক আশ্চৰ্য ক্ষমতা ছিল তেওঁৰ। সেইকাৰণেই মই “নমকহাৰাম’’ ছবিত তেওঁৰ চৰিত্ৰটো 'এংৰি ইয়ং মেন'ৰ ৰূপ দিছিলোঁ।"(হৃষিকেশ মুখাৰ্জী)[২]
বাহ্যিক সংযোগ
[সম্পাদনা কৰক | উৎস সম্পাদনা]- ↑ শুভেচ্ছা বাণী. আহৰণ কৰা হৈছে: 19 এপ্ৰিল 2025.
- ↑ ২.০ ২.১ অমিতাভ বচ্চন. আহৰণ কৰা হৈছে: 19 এপ্ৰিল 2025.