সমললৈ যাওক

অনুপ্ৰেৰণা (সফল, শান্তিপূৰ্ণ আৰু সুখী জীৱনৰ বাবে)

ৱিকিউদ্ধৃতিৰ পৰা

অনুপ্ৰেৰণা (সফল, শান্তিপূৰ্ণ আৰু সুখী জীৱনৰ বাবে) অসমীয়া ভাষাত ৰচিত এখন অনুপ্ৰেৰণামূলক গ্ৰন্থ। গ্ৰন্থখনৰ লেখক পলাশ কলিতা

উদ্ধৃতি[সম্পাদনা কৰক | উৎস সম্পাদনা]

  • সফলতা হৈছে এক যাত্ৰা, সফলতা লক্ষ্যস্থান নহয়।[১]
  • অনুপ্ৰেৰণা হৈছে এক আন্তৰিক উপলব্ধি।[২]
  • আপুনি নিজক লৈ আপোনাৰ মনত যিখন প্ৰতিচ্ছবি আঁকে বা যি ধাৰণাৰ সৃষ্টি কৰি লয় সেইমতেই আপোনাৰ জীৱনটো পৰিচালিত হয় তথা সেইমতেই জীৱন গঢ় লয়।[৩]
  • আলুক যদি আমি ঠাণ্ডা পানীত ৰাখি থওঁ তেতিয়া ই একেদৰেই থকিব। কিন্তু যেতিয়া আলুটোক আমি গৰম পানীত সুমুৱাই দিম তেতিয়াই ই স্বকীয়তা হেৰুৱাই পেলায়। ইয়াক পিটিকিব ফেনেকিব পৰা হয়। ইয়াৰ বিপৰীতে কিন্তু চেনিৰ আচৰণ হয় বেলেগ। চেনিক যেতিয়া গৰম পানীত পেলাই দিয়া হয় তেতিয়া ই পানীখিনিৰ লগত মিহলি হৈ গৈ পনিখিনিকে সলনি কৰি পেলায়। গতিকে আমিও জীৱনটো উপভোগ কৰিবলৈ হ'লে চেনি হ'বলৈ যত্ন কৰিব লাগিব। অৰ্থাৎ জীৱনৰ অনাকাংক্ষিত পৰিস্থিতিবোৰত আলুৰ নিচিনাকৈ সিজি পিটিকা হোৱাৰ পৰিৱৰ্তে চেনিৰ নিচিনাকৈ পৰিস্থিতিটোৰ লগত মিলি গৈ তাক এক নতুন ৰূপ দিব পাৰিব লাগিব।[৪]
  • আমি যেতিয়া লাহে লাহে নতুনকৈ খোজ কাঢ়িবলৈ শিকোঁ আৰু লাহে লাহে খোজকাঢ়ি গৈ চকী বা মেজ এখনত খুন্দা খাই বাগৰি পৰি কান্দিবলৈ লওঁ, তেতিয়া মা-দেউতা, পৰিয়াল বা সমাজৰ আন কোনো লোকে কি কৰে বাৰু। চকীখন বা টেবুলখনত চাপৰ এটা মাৰি এইটো বুজাবলৈ চেষ্টা নকৰে জানো যে চকী বা মেজখনত লাগি পৰি যোৱা বাবে বা আঘাত পোৱা বাবে শিশুটোৰ একো দোষ নাই, দোষটো কেৱল চকী বা মেজখনৰহে৷ কাৰণ সেইখন অহা যোৱা বাটত ৰাখি থোৱা হৈছে৷ তেতিয়া আমাক এইটো শিকোৱা হয়নে যে চকীখনত খুন্দা নোখোৱাকৈ ফালৰি কাটি যোৱাৰ দায়িত্বটো আমাৰ নিজৰ।[৫]

উৎস[সম্পাদনা কৰক | উৎস সম্পাদনা]