এক দুই যোগ বিয়োগ : সসীম গণিতৰ আদিকথা

ৱিকিউদ্ধৃতিৰ পৰা

এক দুই যোগ বিয়োগ : সসীম গণিতৰ আদিকথা হৈছে জ্যোতিপ্ৰসাদ মেধিয়ে অসমীয়া ভাষাত ৰচনা কৰা এখন জনপ্ৰিয় গণিতৰ গ্ৰন্থ। গ্ৰন্থখন প্ৰথম প্ৰকাশ হৈছিল ১৯৯৪ চনত, দ্বিতীয় প্ৰকাশ হৈছিল ২০১১ চনত আৰু লেখকৰ মৃত্যুৰ পাছত সমসাময়িক আই আই টি গুৱাহাটীৰ গণিত বিভাগৰ অধ্যাপক ড° ভৱ শৰ্মাৰ অনুৰোধমৰ্মে ২০২৩ চনত কিতাপখন নৰূপত প্ৰকাশ কৰিবলৈ আগ-ভাগ লয় লেখকৰ পুত্ৰ দীপাঙ্কৰ মেধিয়ে।[১]

উদ্ধৃতিসমূহ[সম্পাদনা কৰক | উৎস সম্পাদনা]

এক দুই যোগ বিয়োগ : সসীম গণিতৰ আদিকথা[সম্পাদনা কৰক | উৎস সম্পাদনা]

  1. গণিত দৰাচলতে এটা বৰ আনন্দদায়ক আৰু কৌতূহলজনক বিষয়। দুৰ্ভাগ্যবশতঃ বহুতো ছাত্ৰ-ছাত্ৰীয়ে প্ৰথমৰ পৰাই বিষয়টোৰ প্ৰতি এটা বিৰাগ ভাব আৰু ভীতিভাব পোষণ কৰে।[২]
  2. দেশত আৰু বিদেশত বহুদিনৰ শিক্ষকতা কৰাৰ অভিজ্ঞতাৰ পৰা এটা কথা সম্বন্ধে আমাৰ এটা দৃঢ় ধাৰণা হৈছে যে আমাৰ দেশৰ ভাল ছাত্ৰ বিদেশৰ উন্নত দেশৰ ভাল ছাত্ৰৰ সমকক্ষ। কেৱল সা-সুবিধাৰ অভাৱৰ বাবে আৰু সম্যকভাৱে শিক্ষাদানৰ পদ্ধতিৰ আসোঁৱাহৰ বাবে আমাৰ ছাত্ৰ হয়তো কিছু পিছপৰা - কিন্তু সা-সুবিধা পালেই বহুতো সময়ত আমাৰ ছাত্ৰই পাৰদৰ্শিতা দেখুওৱাত সমৰ্থ হ'ব বুলি ভাবিবলৈ থল আছে।[৩]
  3. গণিতত, বিশেষকৈ আধুনিক দিনত, এনে কিছু গুৰুত্বপূৰ্ণ ধাৰণা আছে যে যিবোৰ একেবাৰে কম বয়সতে ছাত্ৰৰ আগত ডাঙি ধৰিব পৰা যায় কিন্তু পাঠ্যপুথিৰ যোগেদি নিশ্চয় নহয় কাৰণ পাঠ্যপুথিৰ বিষয় আৰু উপস্থাপনবোৰ সমূহ ছাত্ৰৰ বাবে আৰু তেনে ধাৰণাবোৰ কেৱলমাত্ৰ ৰাপ থকা ছাত্ৰৰ বাবেহে। এই ধাৰণাবোৰৰ ভিতৰত আছে সংখ্যাতত্ত্বৰ কিছুমান তত্ত্ব, গ্ৰাফতত্ত্ব (লেখতত্ত্ব), কম্বিনেটৰিক্‌ছ, এলগৰিথিমিক পদ্ধতি আদি ।[৪]
  4. কিছুমান সৰু সৰু কথাৰ পৰাই গণিতৰ ধুনীয়া কথা ওলাই পৰে।[৫]
  5. কিছুমান সাধাৰণ ধৰণৰ কথাৰ পৰাই গণিতৰ বহুতো ডাঙৰ ডাঙৰ গৱেষণাৰ পথ গণিতজ্ঞই উলিয়াই দিয়ে।[৬]

উৎস[সম্পাদনা কৰক | উৎস সম্পাদনা]

  1. মেধি, জ্যোতিপ্ৰসাদ (২০২৩)। এক দুই যোগ বিয়োগ : সসীম গণিতৰ আদিকথা। অসম বুক হাইভ। ISBN: 978-81-960017-1-1
  2. পাতনি পৃষ্ঠা
  3. পাতনি পৃষ্ঠা
  4. পাতনি পৃষ্ঠা
  5. পৃষ্ঠা ১০৭
  6. পৃষ্ঠা ১০০