জ্যোতিপ্ৰসাদ মেধি

ৱিকিউদ্ধৃতিৰ পৰা

জ্যোতিপ্ৰসাদ মেধি (জন্ম:১ জুলাই,১৯২৪ -মৃত্যু:৩ ফেব্ৰুৱাৰী,২০১৭) এগৰাকী অসমীয়া পৰিসংখ্যাবিদ। তেওঁ গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰিসংখ্যা বিজ্ঞান বিভাগৰ অধ্যাপক আছিল। পৰিসংখ্যা বিজ্ঞান সম্পৰ্কীয় তেওঁৰ গৱেষণা আৰু পাঠ্যপুথি সমগ্ৰ বিশ্বৰ পৰিসংখ্যা বিজ্ঞান সমাজৰ মাজত সমাদৃত হৈছে।[১][২][৩] Stochastic Processes, Stochastic Models in Queueing Theory, Introduction to Queueing System and Applications, Statistical Methods:In Introductory text, এক দুই যোগ বিয়োগ : সসীম গণিতৰ আদিকথা আদি কেইবাখনো গণিত বিষয়ক পাঠ্যপুথি আৰু জনপ্ৰিয় গ্ৰন্থ ৰচনা কৰিছে।[৪]

উদ্ধৃতিসমূহ[সম্পাদনা কৰক | উৎস সম্পাদনা]

এক দুই যোগ বিয়োগ : সসীম গণিতৰ আদিকথা[সম্পাদনা কৰক | উৎস সম্পাদনা]

  1. গণিত দৰাচলতে এটা বৰ আনন্দদায়ক আৰু কৌতূহলজনক বিষয়। দুৰ্ভাগ্যবশতঃ বহুতো ছাত্ৰ-ছাত্ৰীয়ে প্ৰথমৰ পৰাই বিষয়টোৰ প্ৰতি এটা বিৰাগ ভাব আৰু ভীতিভাব পোষণ কৰে।[৪]
  2. দেশত আৰু বিদেশত বহুদিনৰ শিক্ষকতা কৰাৰ অভিজ্ঞতাৰ পৰা এটা কথা সম্বন্ধে আমাৰ এটা দৃঢ় ধাৰণা হৈছে যে আমাৰ দেশৰ ভাল ছাত্ৰ বিদেশৰ উন্নত দেশৰ ভাল ছাত্ৰৰ সমকক্ষ। কেৱল সা-সুবিধাৰ অভাৱৰ বাবে আৰু সম্যকভাৱে শিক্ষাদানৰ পদ্ধতিৰ আসোঁৱাহৰ বাবে আমাৰ ছাত্ৰ হয়তো কিছু পিছপৰা - কিন্তু সা-সুবিধা পালেই বহুতো সময়ত আমাৰ ছাত্ৰই পাৰদৰ্শিতা দেখুওৱাত সমৰ্থ হ'ব বুলি ভাবিবলৈ থল আছে।[৪]
  3. গণিতত, বিশেষকৈ আধুনিক দিনত, এনে কিছু গুৰুত্বপূৰ্ণ ধাৰণা আছে যে যিবোৰ একেবাৰে কম বয়সতে ছাত্ৰৰ আগত ডাঙি ধৰিব পৰা যায় কিন্তু পাঠ্যপুথিৰ যোগেদি নিশ্চয় নহয় কাৰণ পাঠ্যপুথিৰ বিষয় আৰু উপস্থাপনবোৰ সমূহ ছাত্ৰৰ বাবে আৰু তেনে ধাৰণাবোৰ কেৱলমাত্ৰ ৰাপ থকা ছাত্ৰৰ বাবেহে। এই ধাৰণাবোৰৰ ভিতৰত আছে সংখ্যাতত্ত্বৰ কিছুমান তত্ত্ব, গ্ৰাফতত্ত্ব (লেখতত্ত্ব), কম্বিনেটৰিক্‌ছ, এলগৰিথিমিক পদ্ধতি আদি ।[৪]
  4. কিছুমান সৰু সৰু কথাৰ পৰাই গণিতৰ ধুনীয়া কথা ওলাই পৰে।[৪]
  5. কিছুমান সাধাৰণ ধৰণৰ কথাৰ পৰাই গণিতৰ বহুতো ডাঙৰ ডাঙৰ গৱেষণাৰ পথ গণিতজ্ঞই উলিয়াই দিয়ে।[৪]

উৎস[সম্পাদনা কৰক | উৎস সম্পাদনা]

  1. হেমন্ত কুমাৰ শৰ্মা (নৱেম্বৰ,২০১৯)। চাকৰি কʼতেনো পাম। প্ৰদীপ কুমাৰ ডুবে, পৃষ্ঠা:৯২ ৰ পৰা ১০৭।
  2. "Dr Jyoti Medhi breathes his last".
  3. "ড॰ জ্যোতিপ্ৰসাদ মেধি: এগৰাকী মহান অসমীয়া গণিতজ্ঞ আৰু মোৰ অনুভৱ".
  4. ৪.০ ৪.১ ৪.২ ৪.৩ ৪.৪ ৪.৫ মেধি, জ্যোতিপ্ৰসাদ (২০২৩)। এক দুই যোগ বিয়োগ : সসীম গণিতৰ আদিকথা। অসম বুক হাইভ। ISBN: 978-81-960017-1-1