সৰ্বেপল্লী ৰাধাকৃষ্ণণ

ৱিকিউদ্ধৃতিৰ পৰা
সৰ্বপল্লী ৰাধাকৃষ্ণণৰ আলোকচিত্ৰ

ড॰ সৰ্বেপল্লী ৰাধাকৃষ্ণণ (৫ ছেপ্টেম্বৰ, ১৮৮৮ – ১৭ এপ্ৰিল, ১৯৭৫) এগৰাকী ভাৰতীয় দাৰ্শনিক, শিক্ষাবিদ আৰু ৰাজনীতিবিদ আছিল। তেওঁ স্বাধীন ভাৰতৰ প্ৰথম উপৰাষ্ট্ৰপতি আছিল। ইয়াৰোপৰি ১৯৬২ চনৰ পৰা ১৯৬৭ চনলৈকে ভাৰতৰ ৰাষ্ট্ৰপতি পদতো নিৰ্বাচিত হৈছিল।

উদ্ধৃতিসমূহ[সম্পাদনা কৰক | উৎস সম্পাদনা]

“মোৰ জন্মদিন হিচাপে উদযাপন কৰাৰ পৰিৱৰ্তে, ৫ ছেপ্তেম্বৰৰ দিনটো শিক্ষক দিৱস হিচাপে পালন কৰিলে মই বেছি সুখী হ’ম।”
“কিতাপ হৈছে এনে এক উপায়, যাৰ সহায়ত আমি বিভিন্ন সংস্কৃতিৰ মাজত সাঁকো নিৰ্মাণ কৰিব পাৰোঁ‌।”
  • জ্ঞানে আমাক শক্তি দিয়ে, প্ৰেমে দিয়ে সম্পূৰ্ণতা।[১]
  • কু-সংস্কাৰেই হ'ল পৃথিৱীৰ আটাইতকৈ গধুৰ বোজা।[১]
  • আমি আমাৰ দেশখনক কঠোৰ পৰিশ্ৰমৰেহে গঢ়িব পাৰিম; শ্লোগানেৰে নহয়।[১]
  • মানুহ জ্ঞান-বিজ্ঞানৰ যোগেদি বহুদূৰ আগবাঢ়ি গৈছে যদিও অধ্যাত্ম জীৱনৰ ক্ষেত্ৰত পূৰ্ব-পুৰুষসকলৰ তুলনাত পিছ পৰি আছে।[১]
  • চৰিত্ৰ জীৱনৰ প্ৰকৃত লক্ষ্য। চৰিত্ৰৰ ওপৰতে এটা জাতিৰ ভাগ্য গঢ় লৈ উঠে। আমি মহান জাতি এটা গঢ়ি তুলিবলৈ হ’লে অধিকসংখ্যক চৰিত্ৰবান ডেকা-গাভৰুক প্ৰশিক্ষণ দি লব লাগিব।[২]
  • মানুহৰ সংহতি সাধনত যিয়ে সহায় কৰে, সিয়ে ধৰ্ম আৰু সেই সংহতি যি বিনষ্ট কৰে সেয়ে অধৰ্ম৷[৩]
  • মোৰ জন্মদিন হিচাপে উদযাপন কৰাৰ পৰিৱৰ্তে, ৫ ছেপ্তেম্বৰৰ দিনটো শিক্ষক দিৱস হিচাপে পালন কৰিলে মই বেছি সুখী হ’ম।[৪]
  • যিসকলে আমাক নিজাকৈ ভবাত সহায় কৰে, সেইসকলহে প্ৰকৃত শিক্ষক।[৪]
  • সহনশীলতা হৈছে সীমিত মনে অব্যৱহৃত অসীমৰ প্ৰতি আগবঢ়োৱা শ্ৰদ্ধা।[৪]
  • কিতাপ হৈছে এনে এক উপায়, যাৰ সহায়ত আমি বিভিন্ন সংস্কৃতিৰ মাজত সাঁকো নিৰ্মাণ কৰিব পাৰোঁ‌।[৪]
  • কেৱল জ্ঞান আৰু বিজ্ঞানৰ আধাৰতহে এক সুখী আৰু আনন্দময় জীৱন সম্ভৱ।[৪]
  • শিক্ষাৰ অন্তিম উৎপাদন এজন মুক্ত সৃজনশীল ব্যক্তি হোৱা উচিত, যি ইতিহাসগত পৰিস্থিতি আৰু প্ৰকৃতিৰ ৰোষৰ বিৰুদ্ধে সংগ্ৰাম কৰিব পাৰে।[৪]
  • মানুহক ঘৃণা কৰাটো সহজ কথা কিন্তু মানুহক ভাল পাবলৈ চেষ্টা কৰাটো কঠিন কাম৷[৫]
  • জীৱনটো এক মহৎ উপহাৰ। যিসকলে জীৱনক ভাল নাপায় সেইসকল এই উপহাৰ গ্ৰহণৰ অনুপযুক্ত।[৬]
  • আমি কোনো বিশেষ জাতি ধৰ্ম বা আদৰ্শবাদৰ সপক্ষে নহওঁ, মানৱতাই আমাৰ লক্ষ্য, শান্তিয়েই আমাৰ কাম্য৷[৭]
  • ভগৱানে আমাৰ প্ৰত্যেকৰ মাজেৰেই অনুভৱ কৰে, দুঃখ ভোগ কৰে৷ তেওঁৰ গৰিমা, জ্ঞান, সৌন্দৰ্য আৰু ভালপোৱা আমাৰ প্ৰত্যেকৰ মাজেৰেই প্ৰকাশিত হয়৷[৪]

উৎস[সম্পাদনা কৰক | উৎস সম্পাদনা]

  1. ১.০ ১.১ ১.২ ১.৩ পণ্ডিত প্ৰবৰ ড॰ সৰ্বপল্লী ৰাধাকৃষ্ণণ; লেখক: অশ্বিনী কুমাৰ শৰ্মা; প্ৰথম প্ৰকাশ: ২০০৬ চন
  2. হিৰণ্ময়ী দেৱী (১৯৯৯). হিৰণ্ময়ী দেৱীৰ বিভিন্ন অনুভৱ পৃষ্ঠা: ২২. আহৰণ কৰা হৈছে: ৩১ আগষ্ট ২০২১.
  3. উদ্ধৃতি অভিধান, ৰক্তাভ জ্যোতি বৰা
  4. ৪.০ ৪.১ ৪.২ ৪.৩ ৪.৪ ৪.৫ ৪.৬ ডঃ সৰ্ৱেপল্লী ৰাধাকৃষ্ণণৰ বাণী. প্ৰকাশক: nilacharai.com (4 ছেপ্তেম্বৰ, 2018). আহৰণ কৰা হৈছে: 6 ছেপ্টেম্বৰ 2022.
  5. (সম্পা)ব্ৰজেন চন্দ্ৰ দাস (২০১৭)। জ্ঞানজ্যোতি। জ্ঞানজ্যোতি ২০১৬ সম্পাদনা সমিতি।
  6. সৰ্বপল্লী ৰাধাকৃষ্ণণ. "দিনটোৰ বাণী", পৃষ্ঠা. ১. আহৰণ কৰা হৈছে ১ মাৰ্চ ২০২৩.
  7. (সম্পা)অপূৰ্ব তালুকদাৰ (২০২৩)। মহৎ লোকৰ বাণী। নিষ্ঠা প্ৰকাশন।

বাহ্যিক সংযোগ[সম্পাদনা কৰক | উৎস সম্পাদনা]