সমললৈ যাওক

নীলমণি ফুকন (জ্যেষ্ঠ)

ৱিকিউদ্ধৃতিৰ পৰা
(নীলমনি ফুকন (ককা)ৰ পৰা পুনঃনিৰ্দেশিত)

নীলমণি ফুকন (ইংৰাজী: Nilmoni Phukan; ২২ জুন, ১৮৮০-২০ জানুৱাৰী, ১৯৭৮) [১] হৈছে অসমীয়া সাহিত্যত ককা উপনামেৰে জনাজাত এগৰাকী প্ৰাতঃস্মৰণীয় সাহিত্যিক, তথা একাধাৰে এগৰাকী ৰাজনীতিবিদ, সুবক্তা, কবি, কথা-সাহিত্যক, সম্পাদক আৰু ব্যৱসায়ী। তেওঁৰ ভাষাৰ ওজস্বীতা আৰু বাগ্মীতাৰ বাবে বাগ্মীবৰ পোছাকী সম্ভাষণ দিয়া হৈছিল। তেওঁৰ কবিতাসমূহত ৰহস্য সন্ধানী ভাবৰ পৰিচয় ঘটাৰ লগতে মানৱ প্ৰেম তথা সৌন্দৰ্য অনুভূতিৰ প্ৰকাশো দেখা পোৱা যায়। তেওঁৰ প্ৰায়বোৰ কবিতাই আছিল ছনেট গঢ়ী।

উদ্ধৃতিসমূহ[সম্পাদনা কৰক | উৎস সম্পাদনা]

  1. মনোৰমা
    নোহোৱাঁ উৰ্ব্বশী স্বৰ্গৰ বিকাৰ
    বিশ্ব জিনি থকা সৌন্দৰ্য্যৰ;
    আঁচলত উৰা বিজুলী-আঁৰৰ
    চঞ্চলতা মাথোঁ চমকৰ।
  2. ই মিলন গুণে কি শোভা শোভিছে,
    কিয়নো আজি অন্তৰে কান্দিছে।
    অতীত অতীজ, স্মৃতি সুৱৰি যে,
    প্ৰাণ বীণা আজি সঘনে বাজিছে॥[২]
  3. হে ভাই সুমৰি গৌৰৱ কাহিনী
    আৰভোঁহো আহাঁ বীৰ পুজা ধ্যান
    আলোকি জ্ঞানেৰে দেখুৱালে কি যে,
    মানৱ-জনম, নিজ জীৱনত,
    মথি ধৰ্ম্ম-সিন্ধু, অমৃত লৱনু,
    কৰিলে যিজনে প্ৰীতি ভৰা প্ৰাণ।[৩]

তথ্যসংগ্ৰহ[সম্পাদনা কৰক | উৎস সম্পাদনা]

  1. Mohan B. Daryanani (1999)। Who's who on Indian stamps। Mohan B. Daryanani। ISBN: 978-84-931101-0-9
  2. লক্ষ্মীৰাম বৰুৱা. সঙ্গীত-কোষ.
  3. লক্ষ্মীৰাম বৰুৱা. সঙ্গীত-কোষ.