প্ৰতিভা ৰায়

ৱিকিউদ্ধৃতিৰ পৰা
(ড॰ প্ৰতিভা ৰায়ৰ পৰা পুনঃনিৰ্দেশিত)

ড৹ প্ৰতিভা ৰায়(ইংৰাজী: Dr.Pratibha Ray;) এগৰাকী ভাৰতীয় সাহিত্যিক আৰু শিক্ষাবিদ। ২০১১ বৰ্ষত তেওঁক ভাৰতীয় সাহিত্যৰ সৰ্বোচ্চ সন্মান জ্ঞানপীঠ বঁটাৰে সন্মানিত কৰা হয়। প্ৰতিভা ৰায়ৰ জন্ম হয় ১৯৪৩ চনৰ ২১ জানুৱাৰীত উৰিষ্যাৰ অবিভক্ত কটক জিলাত(বৰ্তমানৰ জগতসিঙপুৰ জিলা)।[১] বালিকুডা অঞ্চলৰ এখন অত্যন্ত ভিতৰুৱা গাঁও আলাবোলত জন্মগ্ৰহণ কৰা প্ৰতিভা ৰয় সন্মানীয় মূৰ্তিদেৱী বঁটা লাভ কৰা প্ৰথমগৰাকী মহিলা সাহিত্যিক। ১৯৯১ চনত তেওঁ এই বঁটা লাভ কৰে।[২]

উদ্ধৃতি[সম্পাদনা কৰক | উৎস সম্পাদনা]

  1. জীৱনত চকুপানীৰো মূল্য আছে আৰু অশ্ৰুমোচনৰো এক সুকীয়া সৌন্দৰ্য আছে। ঠিক তেনেকৈ দুখৰো মূল্য আছে - কাৰণ দুখৰ পিছত সুখ হয়। যি হ'ব লগা থাকে সেয়াতো হ'বই। সেয়ে সুখৰ সময়ত আনন্দ উপভোগ নকৰি দুখৰ কল্পনাত আগতীয়াকৈ কন্দাৰ কিবা অৰ্থ আছেনে?[৩]
  2. নিজৰ একো লাভ নহ'লেও কিছুমান মানুহে আনক দুখ দি ভাল পায়।[৪]
  3. সুন্দৰ বস্তুৰ ফালে প্ৰত্যেক মানুহেই আকৃষ্ট হয়। নিজৰ কৰি পোৱাৰ স্বপ্ন জাগে। উচিত পথেৰে নাপালে অন্যায় পথেৰে হ'লেও মানুহে লাভ কৰা চেষ্টা কৰে।লোভাতুৰ মানুহে তেতিয়া বুজি নাপায় সেই সুন্দৰ বস্তু পোৱাৰ শক্তি বা যোগ্যতা আছে নে নাই? সমগ্ৰ চেষ্টা বিফল হ'লে দুখ পায়।[৫]
  4. মানুহে যেতিয়া নিজৰ ওপৰতে আস্থা হেৰুৱায় তেতিয়া এনেয়ে এটা বিকল্প পথ বিচাৰি লয়। যন্ত্ৰণামুক্ত হ'বৰ বাবে নিজকে প্ৰতাৰণা কৰে।[৬]
  5. পৃথিৱীত মানুহেই একমাত্ৰ ভৱিষ্যৎ আৰু মৃত্যু সচেতন জীৱ। সেয়ে মানুহক ভয় আৰু দুঃচিন্তাই লগ এৰা নিদিয়ে। মানুহে ভৱিষ্যতৰ সপোন দেখে। কল্পনাৰ জগতত নিজকে এৰি দিয়ে। সেয়ে সপোনক বাস্তৱক ৰূপ দিব নোৱাৰিলে দুখ ভোগ কৰে। [৭]

মন্তব্য[সম্পাদনা কৰক | উৎস সম্পাদনা]

উৎস[সম্পাদনা কৰক | উৎস সম্পাদনা]

  1. Odia writer Pratibha Ray named for Jnanpith Award : East, News – India Today. indiatoday.intoday.in (2012). আহৰণ কৰা হৈছে: 28 December 2012.
  2. Balakrishnan, Hariharan (2007). The Hindu : Literary Review / Personality : 'The sky is not the limit'. hindu.com. Archived from the original on 30 April 2007. আহৰণ কৰা হৈছে: 28 December 2012.
  3. ড৹ প্ৰতিভা ৰায় (দ্বিতীয় প্ৰকাশ,২০১১)। যাজ্ঞসেনী। বাণী প্ৰকাশ প্ৰাইভেট লিমিটেড, পৃষ্ঠা:৩৬।
  4. ড৹ প্ৰতিভা ৰায় (দ্বিতীয় প্ৰকাশ,২০১১)। যাজ্ঞসেনী। বাণী প্ৰকাশ প্ৰাইভেট লিমিটেড, পৃষ্ঠা:৪০।
  5. ড৹ প্ৰতিভা ৰায় (দ্বিতীয় প্ৰকাশ,২০১১)। যাজ্ঞসেনী। বাণী প্ৰকাশ প্ৰাইভেট লিমিটেড, পৃষ্ঠা:৪০।
  6. ড৹ প্ৰতিভা ৰায় (দ্বিতীয় প্ৰকাশ,২০১১)। যাজ্ঞসেনী। বাণী প্ৰকাশ প্ৰাইভেট লিমিটেড, পৃষ্ঠা:৭৩।
  7. ড৹ প্ৰতিভা ৰায় (দ্বিতীয় প্ৰকাশ,২০১১)। যাজ্ঞসেনী। বাণী প্ৰকাশ প্ৰাইভেট লিমিটেড, পৃষ্ঠা:৭৯।

বাহ্যিক সংযোগ[সম্পাদনা কৰক | উৎস সম্পাদনা]

:w:
:w:
ৱিকিপিডিয়াত সম্বন্ধিত পৃষ্ঠা: