নিৰোদ কুমাৰ বৰুৱা
অৱয়ব
(ড° নিৰোদ কুমাৰ বৰুৱাৰ পৰা পুনঃনিৰ্দেশিত)
ড° নিৰোদ কুমাৰ বৰুৱা এগৰাকী অসমীয়া ইতিহাসবিদ। বিগত শতিকাৰ তথা গোপীনাথ বৰদলৈৰ সময়ৰ অসমৰ ইতিহাস অধ্যয়নৰ ক্ষেত্ৰত তেখেত এজন লেখত ল’বলগীয়া ব্যক্তি। ১৯৩৬ চনত অসমৰ নগাঁৱত জন্মগ্ৰহণ কৰা বৰুৱাই কটন কলেজ আৰু বেনাৰস হিন্দু বিশ্ব বিদ্যালয়ত অধ্যয়ন কৰিছিল। তাৰ পিছত তেখেতে ‘লণ্ডন’ আৰু ‘বন’ বিশ্ববিদ্যালয়ৰ পৰা দুবাৰকৈ পি. এইচ. ডি. সম্পূৰ্ণ কৰি জাৰ্মানীত নিগাজিকৈ বাস কৰিবলৈ লয়।
উদ্ধৃতিসমূহ
[সম্পাদনা কৰক | উৎস সম্পাদনা]বৰদলৈ দিনলেখা (১ম খণ্ড)
[সম্পাদনা কৰক | উৎস সম্পাদনা]- বৰদলৈৰ বিশ্বাস আছিল অটল। "সাধাৰণ মানুহ এজনৰ ত্যাগ,দেশপ্ৰেম আৰু মহত্ব ঈশ্বৰৰ ইচ্ছাতেই যে সম্ভৱ হয়" সেই বিষয়ে বৰদলৈৰ ধাৰণা বদ্ধমূল। ইয়াক প্ৰচাৰ কৰিবৰ কাৰণে কাৰাগাৰত থাকোঁতে তেওঁ আনকি এখন উপন্যাস লিখিবলৈকো পাঙিছিল। বন্দীশালত প্ৰতিদিনে ঈশ্বৰ-উপাসনা আৰু প্ৰাৰ্থনাত বহাৰ উপৰিও গীতা, উপনিষদ, কোৰাণ, বাইবেলৰ পাঠ আৰু সেইবোৰৰ চৰ্চা-আলোচনাত তেওঁ সততে নিমগ্ন হৈছিল।[১]
- অসহযোগ আন্দোলনৰ প্ৰাৰম্ভতে ১৯২১ চনত বৰদলৈদেৱৰ ৬ মাহ মাথোন ফাটেক হয়। সেই সময়ত তেখেতৰ বন্দী জীৱনৰ কথা অতি সংক্ষেপে কোৱা হৈছে। তেতিয়াৰ জেল-জীৱন অতিশয় কঠোৰ আছিল। কিন্তু মহাত্মা গান্ধীৰ সাময়িক উপদেশ পালন কৰি ঠিক সময়মতেই তেখেতে জেল-জীৱন হাঁহিমুখে যাপন কৰিছিল। সেইবাৰো তেখেতৰ বিনাশ্ৰম কাৰাদণ্ড থকাত নিজৰ অভ্যাস অনুসৰি সূতা কাটিবলৈ দিছিল। তেখেতে তেতিয়া বহুতো কিতাপ পঢ়িবৰ সুবিধাও পাইছিল ; অৱশ্যে জেলৰ নিয়ম মতে গৱৰ্ণমেণ্টে বাছি দিয়া কিতাপহে পঢ়িবৰ অধিকাৰ আছিল। তেতিয়াৰ দিনৰ খুব নিৰূপিত সংখ্যক খবৰৰ কাগজহে পঢ়িবলৈ দিছিল অৰ্থাৎ জাতীয়তা ভাবাপন্ন কাগজ জেলৰ ভিতৰলৈ যাব নিদিছিল।[২]
- বন্দীশালত সোমোৱাৰ অলপ দিন পিছৰ পৰাই বৰদলৈদেৱে মাছ-মাংস খাবলৈ এৰি সম্পূৰ্ণ নিৰামিষ আহাৰ কৰি চাবলৈ ইচ্ছা কৰিছিল। কিন্তু লগৰীয়া বন্ধুসকলে কেনেবাকৈ স্বাস্থ্য বেয়া হ'ব বুলি মানা কৰি আছিল আৰু তেখেতেও সেই কথা মানি আহিছিল। এতিয়া আন এজন লগৰীয়া পাই ২ জানুৱাৰী তাৰিখৰ পৰা সম্পূৰ্ণ নিৰামিষ আহাৰ কৰিবলৈ ল'লে। পিছৰ ডায়েৰীৰ পৰা দেখা যায় যে তাৰ বাবে তেখেতৰ অলপো স্বাস্থ্য বেয়া হোৱা নাছিল। বৰং ইচ্ছা অনুযায়ী চলিব পাৰি ভালেই পাইছিল। এইবাৰৰ বন্দী-জীৱনত তেখেতে আকৌ মাছ-মাংস খোৱাৰ উল্লেখ পোৱা নাযায়।[২]
- বন্দী অৱস্থাত থাকোঁতে বৰদলৈদেৱে যিবোৰ কিতাপ পঢ়িছিল সেই সকলোবোৰৰে সাৰ কথাকেইটা টোকাত তুলি গৈছিল। এই অভ্যাসৰ দ্বাৰা যে লব্ধ জ্ঞান আৰু দৃঢ়ভাৱে মনত স্থাপিত হয় তাত অলপো সন্দেহ নাই।[২]
- আমাৰ প্ৰদেশত বিয়াল্লিছৰ আন্দোলনৰ প্ৰথম নিৰাপত্তা বন্দী হ'ল স্বৰ্গীয় বৰদলৈ ডাঙৰীয়া আৰু শ্ৰীসিদ্ধিনাথ শৰ্মা। বোম্বাইত নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ অধিবেশনত যোগ দি ঘূৰি আহি আমাৰ প্ৰদেশত সোমোৱা মাত্ৰকে ধুবুৰীত ১২ আগষ্টতে *তেওঁলোক দুজনক বন্দী কৰে আৰু দুয়োকে যোৰহাট জেললৈ চালান দিয়ে আৰু তাতে নিৰাপত্তা বন্দীৰূপে ৰাখে।এইবাৰ যোৰহাট জেললৈ অসমৰ মুখিয়াল কংগ্ৰেছ কৰ্মী সকলোকে নিছিল। বৰদলৈ দেৱ আৰু মৌঃ ফকৰুদ্দিন আলি চাহাব এটা ঘৰত। আন এটা ঘৰত আন ১১ জন, সুকীয়া ঘৰত গড়মূৰৰ ডেকা অধিকাৰী গোস্বামী। এসময়ত আমাৰ ৰাজনৈতিক বন্দীৰ সংখ্যা প্ৰায় সাতশৰ ওপৰ পাইছিলগৈ । গতিকে এইবাৰ জেলৰ অৱস্থা অতি বেয়া হৈছিল বুলিব লাগে। অতবোৰ বন্দীক নিয়ম মতে খোৱা, ল'বলৈ কাপোৰ, শুবলৈ কম্বল, খোৱা বাচন-বৰ্তন দিবলৈ বহুত কষ্ট হৈছিল। পোনতে ৫/৬ শ কয়েদীৰ কাৰণে কলগছৰ দোঙ্গা সাজি কিমান খুৱাব ! গতিকে জেইল কৰ্তীপক্ষই নিয়মিত ৰূপে খাবলৈ-ল'বলৈ দিব নোৱাৰাত আমাৰ কৰ্মীসকলে আনকি অনশন পৰ্যন্ত কৰিবলগীয়া হৈছিল।[২]