সাঁচ:আজিৰ উদ্ধৃতি/মে'-২০২৪/১

ৱিকিউদ্ধৃতিৰ পৰা
“জীৱন মানে মই বুজোঁ কাম৷ যাৰ যি কাম৷ যি মানুহে কাম নকৰে তেনে মানুহৰ কোনো জীৱন থাকিব পাৰে বুলি মই বিশ্বাস নকৰোঁ৷ সেয়েহে মোৰ চকুত আটাইতকৈ ঘৃণনীয় জীৱন হ’ল নিষ্কৰ্মা সন্ন্যাসীৰ জীৱন৷ একমাত্ৰ কামেই মানুহৰ জীৱনটো নিত্য-নৱ-ৰূপত গঢ়ি থাকে৷ একমাত্ৰ কামৰ দ্বাৰাই মানুহে প্ৰাগৈতিহাসিক কালৰ সেই আদিম বৰ্বৰ অৱস্থাৰ পৰা ক্ৰমাৎ উন্নতি কৰি কৰি আজিৰ অৱস্থা পাইছেহি৷ কামেই হ'ল জীৱনৰ শ্ৰেষ্ঠতম উপাসনা৷”
~ হোমেন বৰগোহাঞি, আত্মানুসন্ধান ~