মৃণাল কলিতা
মৃণাল কলিতা হৈছে এগৰাকী অসমীয়া লেখক, অধ্যাপক। বকুল ফুলৰ দৰেকে ধৰি কেইবাখনো গ্ৰন্থ ৰচনা কৰা কলিতা বৰ্তমান পাণ্ডু কলেজৰ গণিত বিভাগৰ সহযোগী অধ্যাপক।[১]
উদ্ধৃতি[সম্পাদনা কৰক | উৎস সম্পাদনা]
বকুল ফুলৰ দৰে[সম্পাদনা কৰক | উৎস সম্পাদনা]
- দুখৰ সাগৰত বুৰি যাব খুজিলেও, আন্ধাৰত হেৰাই যাব খুজিলেও কেতিয়াবা বুৰি যাব নোৱাৰি, হেৰাই যাব নোৱাৰি - নিৰ্মলহঁতৰ দৰে নিৰ্মল হৃদয়ৰ বন্ধুৱে, অনুভৱ মাষ্টৰৰ দৰে মানুহে পাৰত উঠাবলৈ, পোহৰলৈ আনিবলৈ হাত মেলি ৰৈ থাকে।[১]
- মাটিৰে কোনোবাই বল এটাও সাজিব নাজানে, আন কোনোবাই আকৌ তাৰপৰাই ধুনীয়া মূৰ্তি সজাই তোলে৷ গণিতৰ সূত্ৰ, সংজ্ঞা, উপপাদ্য জনাৰ পিছতো কোনোবাই এটা অংকও নিজাকৈ কৰিব নোৱাৰিব পাৰে, আন কোনোবাই আকৌ সেই একেখিনি সূত্ৰ, সংজ্ঞা, উপপাদ্য ব্যৱহাৰ কৰি অংকবোৰ নিজেই কৰি পেলাব পাৰে৷ ধুনীয়াকৈ৷[১]
- শাস্ত্ৰীয়ে চাই দিয়া শুভ দিনটোলৈ যদি এসপ্তাহ ৰ’ব লগা হয়! ভাল কামবোৰ যিটো দিনতেই আৰম্ভ কৰা হয়, সেই দিনটোৱেই শুভ৷[১]
- ষ্টেণ্ড কৰা নকৰাটো হয়তো ডাঙৰ কথা নহয়, ডাঙৰ কথা হ’ল, ইহঁত দুজনৰ সংগ্ৰাম আৰু উত্তৰণৰ কাহিনী৷ এজনে নিজৰ ঘৰৰ প্ৰতিকূল অৱস্থাৰ বিৰুদ্ধে সংগ্ৰাম কৰিছে আৰু আনজনে নিজৰ শৰীৰত জন্মতে লৈ অহা ত্ৰুটিৰ বিৰুদ্ধে সংগ্ৰাম কৰিছে৷ ডাঙৰ কথা হ’ল, সিহঁত বহুত চোকা ল’ৰাৰ দৰে স্বাৰ্থপৰ নহয়৷ সিহঁতৰ মনোবল যেনে তীব্ৰ, তেনেকৈ সিহঁত খুব স্পৰ্শকাতৰো৷[১]
- কিছুমান কথা চিৰদিন একান্তই নিজৰ হৈ থাকি যায়; হেৰাই যায় মৃত্যুৰ সৈতে৷[১]
- ’নেতা ওলাইছ? চেকনিৰ কোবত পিঠি ফালি যাব৷ নিজৰ পঢ়া-শুনা নষ্ট কৰিলি, একো উপায় নাপাই নেতা হ’লি৷ এতিয়া স্কুলখন ধ্বংস কৰিবলৈ আহিছ? আজি যে টিভিৰ সাংবাদিক লৈ দৌৰি আহিছ, গাঁৱৰ স্কুলখনৰ সমস্যাবোৰৰ কথা কাক ক’বলৈ গৈছিলি? সমস্যাবোৰৰ কথা কোনোবাদিনা ভাবিছিলি? তহঁতে লম্ফ-জম্ফ বহুত সহ্য কৰিলোঁ৷ স্কুলখনৰ ভালৰ কথা একো নাভাব- ঠিকে আছে৷ কিন্তু কিবা বেয়া কৰিবলৈ আহিবি- পিঠিত চেকনি চিঙিম৷ চেকনি বাদেই দিছিলো বুজিছ- তহঁতৰ নেতাগিৰিৰ ভূত জাৰিবৰ বাবেহে চেকনি হাতত তুলিছো-৷’ [১]
- তুমি কি গীত শুনা, কি কিতাপ পঢ়া- সেইবোৰে তুমি ক'ব নোৱাৰাকৈয়ে তোমাৰ ভিতৰৰ মানুহটোক গঢ় দিয়ে। ভৱিষ্যতে তুমি যʼতেই নাথাকা, যিয়েই নকৰা- তুমি তোমাৰ ভাগৰ কামবোৰ কিমান সততা আৰু গভীৰতাৰে কৰিবা, সেয়া ঠিক কৰিব তোমাৰ ভিতৰৰ মানুহটোৱে। তুমি জীৱনটো কেনেধৰণে গ্ৰহণ কৰিবা, কেনেধৰণে জীৱনৰ সমস্যাবোৰৰ মুখামুখি হ'বা- সেইবোৰো তোমাৰ মনৰ ভিতৰৰ সম্পদবোৰৰ ওপৰত নিৰ্ভৰ কৰে। গান শুনা, বাহিৰা কিতাপ পঢ়া- এইবোৰ মাথোঁ আজৰি সময় কটোৱাৰ উপায় নহয়।[১]
- বেৰৰ ফুটাৰে দেখা তৰাভৰা আকাশ আৰু ভঙা বেৰৰ মাজেৰে সৰকি অহা জোনাকত কোনো সৌন্দৰ্য নাথাকে। [১]