সমললৈ যাওক

মনোভাবেই সকলো (গ্ৰন্থ)

ৱিকিউদ্ধৃতিৰ পৰা

মনোভাবেই সকলো হৈছে কুল কমল সেনাপতিৰ দ্বাৰা অনূদিত জেফ কেলাৰAttitude is everything গ্ৰন্থৰ অসমীয়া অনুবাদ৷ গ্ৰন্থখন বনলতা প্ৰকাশনে ২০২৩ চনত প্ৰকাশ পৰি উলিয়ায়৷

উদ্ধৃতিসমূহ[সম্পাদনা কৰক | উৎস সম্পাদনা]

  1. যেতিয়া আপুনি জীৱনত কোনো এক নতুন স্থিতি লয় (নতুন উচ্চতাত উপনীত হ’ব বিচাৰে) তেতিয়া এনেকুৱা সমস্যাৰ সৈতে মোকাবিলা আপুনি কৰিবই লাগিব। আপুনি এই সত্যৰ সন্মুখীন হ’ব লাগিব যে কিছুমান লোকে আপোনাৰ সিদ্ধান্তক অস্বীকাৰ কৰিব। মই এইটোও শিকিছিলোঁ যে নতুন দিশত আগবাঢ়িবলৈ হ’লে আপুনি প্ৰায়ে আপোনাৰ জীৱনৰ কিছুমান বস্তু এৰি দিবলগীয়া হ’ব আৰু আপুনি কেইখোজমান পিছলৈ যাবলগীয়াও হ’ব পাৰে।[১]
  2. মনোভাবৰ দ্বাৰা সকলো সম্ভৱ হয়![১]
  3. যেতিয়া আপুনি এনেদৰে চিন্তা কৰে, কথা কয় আৰু কাম কৰে যাতে ই আপোনাক সফলতা লাভ কৰাত সহায় কৰিব, তেতিয়া আপুনি জানি লওক যে আপুনি আপোনাৰ পূৰ্ণ শক্তি প্ৰয়োগ কৰিছে আৰু আপুনি আপোনাৰ জীৱনত অসাধাৰণ ফলাফল প্ৰাপ্তিৰ পথত গৈ আছে।[২]
  4. আপোনাৰ মনোভাব হ’ল আপোনাৰ সেইখন খিৰিকী; যাৰ জৰিয়তে আপুনি সমগ্ৰ পৃথিৱীখন দেখা পায়।[৩]
  5. মই আপোনাক নিশ্চয়কৈ অলপ উৎসাহ দিব পাৰোঁ। আৰু আন মানুহেও আপোনাক উৎসাহিত কৰিব পাৰে। কিন্তু শেষত, আপোনাক আপোনাৰ নিজৰ বাহিৰে কোনেও সহায় কৰিব নোৱাৰে।[৪]
  6. আপুনি, আৰু কেৱল আপুনিয়েই আপোনাৰ মনোভাব নিয়ন্ত্ৰণ কৰিব পাৰে।[৫]
  7. আমি যি ভাবোঁ, আমি সেইটোৱেই হৈ পৰোঁ৷[৬]
  8. আমি যি বিষয়ে চিন্তা কৰোঁ সেয়াই হৈ পৰোঁ৷[৭]
  9. যেতিয়া আমি নিজৰ ওপৰত বিশ্বাস ৰাখি ইতিবাচক ভাবত আমাৰ ধ্যান কেন্দ্ৰীভূত কৰোঁ, তেতিয়া আমাৰ লক্ষ্য প্ৰাপ্ত কৰিব পাৰোঁ।[৮]
  10. আজি আপুনি য’ত আছে, তালৈ আপোনাৰ বিশ্বাস আৰু চিন্তাৰ ভিত্তিতহে আহি উপনীত হৈছেহি, আৰু এই স্থিতিৰ পৰা আগলৈও, আপোনাৰ চিন্তাইহে এইটো নিশ্চিত কৰিব যে ভৱিষ্যতলৈ আপুনি ক’ত থাকিবগৈ৷[৯]
  11. যিবোৰ ছবিয়ে আপোনাৰ মনত আধিপত্য বিস্তাৰ কৰি আছে, সেইবোৰৰ ওপৰত সদায়েই আপোনাৰ নিয়ন্ত্ৰণ থাকে।[১০]
  12. বিপৰ্যয়ে আমাৰ লুকাই থকা সম্ভাৱনাক উলিয়াই আনে।[১১]
  13. এটা ডাঙৰ মনোভাব ৰাখিবলৈ প্ৰতিভা, ধন বা ভাল চেহেৰাৰ প্ৰয়োজন নাই। আপুনি মাত্ৰ উচ্চ শক্তিৰ, ইতিবাচক সঁহাৰি ব্যৱহাৰ কৰাৰ অভ্যাস গঢ়ি তুলিব লাগিব, আৰু তেতিয়া আপুনিও মই পোৱা ধৰণেই উত্তেজনাপূৰ্ণ ফলাফল পাবলৈ ধৰিব![১২]
  14. অভিযোগ কৰাটো আমাৰ জীৱনত প্ৰত্যাহ্বানৰ সন্মুখীন হোৱাৰ উপায় নহয়৷[১৩]
  15. নিজৰ ভয়ৰ পৰা পলায়ন কৰাটো পৰাজিত হোৱাৰ ৰণকৌশল।[১৪]
  16. “বিফলতা” বুলি কোনো বস্তুৱেই নাই— কেৱল পৰিণামহে আছে, যি আনবোৰ সফলতাতকৈ কিছু অধিক সফল। বিফলতাৰ অৰ্থ এইটো নহয় যে আপুনি আপোনাৰ প্ৰচেষ্টাৰ অন্তিম ক্ৰমত উপনীত হৈছে আৰু আগলৈ সেই সফলতা সম্ভৱ নহয়। সফলতা তেতিয়াহে অসম্ভৱ যেন লাগিব, যেতিয়া আপুনি হাৰ মানিব। হাৰ মনাটো চূড়ান্ত সিদ্ধান্ত। কিন্তু প্ৰতিশ্ৰুতিবদ্ধতা আৰু অধ্যৱসায়ৰ সৈতে অব্যাহত ৰখা প্ৰচেষ্টা সফলতালৈ পৰিৱৰ্তন হ’ব পাৰে৷[১৫]
  17. জীৱন হৈছে জয়-পৰাজয়ৰ এক দীঘলীয়া শাৰী, আৰু এয়া আনকি আটাইতকৈ সফল লোকৰ ক্ষেত্ৰতো প্ৰযোজ্য। বিজয়ীসকল হ’ল সেই সকল যিকলে জানে যে জীৱনত কোনো শিশুৰ দৰে, খোজ কঢ়াৰ আগতে চোঁচৰা —আৰু দৌৰবলৈ শিকাৰ আগতে খোজ কাঢ়িব লাগিব। ইমানেই নহয়, প্ৰতিটো নতুন লক্ষ্যই বিফলতাৰ এক নতুন সংহতি কঢ়িয়াই আনে। এইটো আপোনাৰ ওপৰত নিৰ্ভৰ কৰে যে আপুনি এইধৰণৰ হতাশাবোৰক অস্থায়ী বিফলতা আৰু প্ৰত্যাহ্বান হিচাপে গণ্য কৰে, নে সেয়া অতিক্ৰম কৰিবলৈ দুৰ্লংঘ্য বাধা হিচাপে গণ্য কৰে।[১৬]
  18. যদি আপুনি ইতিবাচক আৰু উৎসাহী মনৰ হয়, তেন্তে মানুহে আপোনাৰ সৈতে সময় কটাব বিচাৰিব।[১৭]
  19. আপুনি সম্মুখীন হোৱা প্ৰতিজন ব্যক্তিক মৰ্যাদা আৰু সন্মান সহকাৰে ব্যৱহাৰ কৰক।[১৮]

উৎস[সম্পাদনা কৰক | উৎস সম্পাদনা]

  • সেনাপতি, কুল কমল (2023)। মনোভাবেই সকলো। বনলতা, পৃষ্ঠা:20-168। ISBN: 978-93-5849-371-9