বেণুধৰ শৰ্মা

ৱিকিউদ্ধৃতিৰ পৰা

বেণুধৰ শৰ্মা (ইংৰাজী: Benudhar Sharma) সাহিত্য অকাডেমি বঁটা লাভ কৰা দ্বিতীয়গৰাকী অসমীয়া ব্যক্তি।[১] ইয়াৰ উপৰিও তেখেত এজন সাহিত্যিক, প্ৰত্নতত্ত্ববিদ, সাংবাদিক, সমাজ সংস্কাৰক, বুৰঞ্জীবিদ, গৱেষক আৰু ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ এগৰাকী আগশাৰীৰ মুক্তিযোদ্ধা আছিল।[২] ১৯৫৬ চনৰ অসম সাহিত্য সভাৰ সভাপতি পদত অধিষ্ঠিত হৈছিল।[৩] তেওঁৰ সাহিত্যত বুৰঞ্জীৰ সমল ভৰি থকাৰ বাবে তেওঁক 'ইতিহাস ৰত্ন', 'বুৰঞ্জীৰ যাদুকৰ' আদি নামেৰেও বহুতে বিভূষিত কৰিছিল। ৰত্নকান্ত বৰকাকতীদেৱে বেণুধৰ শৰ্মাক 'বুৰঞ্জী সূৰ্য' আখ্যা দি সন্মান জনাইছিল।

উদ্ধৃতি[সম্পাদনা কৰক | উৎস সম্পাদনা]

  • ভোট, ডফলা, কপাহবোৰ, আবৰ, মিচিমি, চিংফৌ কাৰেং, খেন, খামতি, নগা খাচীয়া, জয়ন্তীয়া, গাৰো, কুকী এইবিলাক পৰ্বতীয়া মানুহে অসম খনক ওৰণিৰ দৰে আবৃত কৰি ৰাখিছে।[৪]
  • দেওবাৰে ৰাতিপুৱা-ৰাতিপুৱা বাল্যাশ্ৰম ছাত্ৰ সমাজলৈ যাব লাগে। সমাজত পদ্য আৰু ৰচনা লেখি, পঢ়ি শুনাব লাগে আৰু বাদ-প্ৰতিবাদ অৰ্থাৎ তৰ্কও কৰিব লাগে।[৫]

উৎস[সম্পাদনা কৰক | উৎস সম্পাদনা]

  1. সাহিত্য অকাডেমি বঁটা বিজয়ী অসমীয়াসকলৰ তথ্য. প্ৰকাশক: সাহিত্য অকাডেমি. আহৰণ কৰা হৈছে: নৱেম্বৰ ১৬, ২০১২.
  2. সাহিত্য অকাডেমি বঁটা বিজয়ী অসমীয়া, লিখক :- সমীন কলিতা(পৃষ্ঠা নং- ১৭)
  3. ১৯১৭ চনৰ পৰা অসম সাহিত্য সভাৰ সভাপতিসকলৰ তালিকা সাঁচ:Webarchive অসম সাহিত্য সভাৰ ৱেবছাইট, আহৰণ: ১৮ নৱেম্বৰ, ২০১২
  4. https://xahitya.org/%E0%A6%85%E0%A6%B8%E0%A6%AE%E0%A7%80%E0%A6%AF%E0%A6%BC%E0%A6%BE%E0%A7%B0-%E0%A6%85%E0%A6%B8%E0%A7%8D%E0%A6%A4%E0%A6%BF%E0%A6%A4%E0%A7%8D%E0%A6%AC-%E0%A7%B0%E0%A6%95%E0%A7%8D%E0%A6%B7%E0%A6%95/
  5. মজিয়াৰ পৰা মেজলৈ; বেণুধৰ শৰ্মা