সমললৈ যাওক

বিপুলজ্যোতি শইকীয়া

ৱিকিউদ্ধৃতিৰ পৰা

বিপুলজ্যোতি শইকীয়া হৈছে এজন অসমীয়া কবি, বিজ্ঞানী তথা গণিত-লেখক । তেওঁ কেইবাখনো কবিতা পুথিৰ লগতে জনপ্ৰিয় গণিতৰো পুথি ৰচনা কৰিছে। ইয়াৰে গণিত সম্পৰ্কীয় সোণালী সংখ্যা শীৰ্ষক পুথিখনে জনপ্ৰিয় বিজ্ঞানৰ পুথি হিচাপে ২০০০ চনত অসম সাহিত্য সভাৰ অনিল কুমাৰ শৰ্মা সোঁৱৰণী বঁটা লাভ কৰিছিল।[]

  1. গণিতক পদাৰ্থ বিজ্ঞানৰ ভাষা বুলি কোৱা হয়। কিন্তু এই ভাষা এক সাধাৰণ ভাষা নহয়। গণিত একে সময়তে ভাষা আৰু যুক্তিৰ সমাহাৰ।[]
  2. সুদূৰ অতীতৰে পৰা সংখ্যাই মানুহক আকৰ্ষণ কৰি আহিছে। সেয়ে, বিভিন্ন সময়ত বিভিন্নজনে সংখ্যাক আৰু বিভিন্ন ধৰণে ভাগ কৰিছে। এনে ভাগবোৰো বেছ আকৰ্ষণীয়। []
  3. এই কথাত কোনো সন্দেহ নাই যে বৃহৎ সংখ্যাবোৰৰ নিজস্ব এক আবেদন আছে। দৈনন্দিন জীৱনৰ শ হেজাৰ লাখ কোটিৰ ঊৰ্ধৰ এই সংখ্যাবোৰৰ এক স্বৰ্গীয় সৌন্দৰ্য আছে। এইবোৰ যেন আমাৰ কল্পনাৰ সিপাৰৰ জগৎ এখনৰ বাসিন্দা! সুদূৰ অতীতৰে পৰাই মানুহক বৃহৎ সংখ্যাৰ ধাৰণা আৰু কল্পনাই আকৰ্ষণ কৰি আহিছে।[]
  4. সংখ্যাতত্ত্ববিদসকলৰ বাবে বৃহৎ সংখ্যাৰ গুৰুত্ব অপৰিসীম।[]
  5. ব্যৱহাৰিক প্ৰাসঙ্গিকতা থাকক বা নাথাকক, সংখ্যাতত্ত্ববিদসকলে বৃহৎ সংখ্যা সম্পৰ্কে বিভিন্ন ধৰণৰ আকৰ্ষণীয় হিচাপ-নিকাচ কৰি থাকে।[]
  6. সামগ্ৰিক বিচাৰত আমাৰ চাৰিওফালৰ বিশ্ব চৰাচৰ অতিশয় জটিল আৰু অনিশ্চিত। কিন্তু তাৎপৰ্যপূৰ্ণ কথা এয়ে যে এই সৰ্বগ্ৰাসী জটিলতাৰ মাজতো কিছুমান নিয়মিত আৰু বিধিসন্মত ঘটনা-পৰিঘটনা আৱিষ্কাৰ কৰিব পাৰি। []
  1. ১.০ ১.১ ১.২ ১.৩ ১.৪ ১.৫ ১.৬ শইকীয়া, বিপুলজ্যোতি (২০১৩)। সোণালী সংখ্যা। ষ্টুডেণ্টচ্‌ ষ্ট'ৰচ। ISBN: 978-81-7665-503-3