পাৰ্থ চট্টোপাধ্যায়

ৱিকিউদ্ধৃতিৰ পৰা

পাৰ্থ চট্টোপাধ্যায় (ইংৰাজী: Dr. Partha Chattopadhyay) বঙালী সাহিত্য আৰু সাংবাদিকতাৰ ক্ষেত্ৰখনৰ সৈতে জড়িত এজন ব্যক্তি। পাৰ্থ চট্টোপাধ্যায়ৰ জন্ম হয় ১৯৩৯ চনত পশ্চিমবঙ্গৰ উত্তৰ ২৪ পৰগণা জিলাৰ গোবৰডাঙ্গা গাঁৱত।[১][২]

উদ্ধৃতিসমূহ[সম্পাদনা কৰক | উৎস সম্পাদনা]

  1. যদি কাৰোবাৰ ভালপোৱা
    কোনো বান্ধোনেৰে নাবান্ধিবা
    ঘূৰি আহে যদি পুনু ওচৰলৈ
    ভালপায় তোমাক নিশ্চয় জানিবা৷ (If you love something/Set it free/If it comes back/It is yours;/If it does not/It never was.)[৩]
  2. কেতিয়াও নিজকে নিঃশেষ কৰি বিলাই নিদিব৷ নিজৰ কাৰণে কিছু অৱশিষ্ট ৰাখিব৷[৩]
  3. কোনোবাই যদি গোটেই দিনটো গুৰুতৰ কায়িক পৰিশ্ৰম কৰে, অৰ্থাৎ পৰিশ্ৰম থকা কাম বা খেলাধূলা বা ব্যায়াম কৰে, দিনে কেইবাৰ মান হাঁহে, নিয়মিত স্ত্ৰীসহবাস কৰে আৰু গভীৰ শোকত শিশুৰ দৰে কান্দে তেওঁক এজন যোগীৰ দৰেই সংযমী বুলি ক’ব পাৰি। কাৰণ, কোনো ষ্ট্ৰে’ছে তেওঁক স্পৰ্শ কৰিব নোৱাৰে।[৪]
  4. বন্ধু-বান্ধৱৰ আগত মনৰ কথা খুলি ক’ব পাৰিলে মানসিকভাৱে এটা ‘কেথাৰছিছ’ হয়। তাৰ ফলত ভাবাৱেগ মনৰ মাজত গ্লানি ৰূপত জমা হ’ব নোৱাৰে। যিবোৰ ল’ৰা- ছোৱালীয়ে বাল্যকালৰ পৰা প্ৰিয় বন্ধু পায় তেওঁলোকৰ মানসিক গঠন নিঃসংগ ল’ৰা- ছোৱালীতকৈ বহু বেছি সুস্থ হয়৷[৪]
  5. খেতিয়কসকল সৰল, কাৰণ তেওঁৰ কামৰ মাজত কোনো জটিলতা নাই৷ তেওঁ খুউব বেছি বুদ্ধিৰ প্ৰয়োগ কৰিবলগা নহয়৷ আধুনিক সৃজনশীল খেতিয়কৰ কথা স্বতন্ত্ৰ৷ প্ৰতি একৰত উৎপাদন বঢ়াবলৈ হ’লে বুদ্ধি লাগে৷[৫]
  6. পৃথিৱীত কোনোবাই মানুহ চিনি পোৱা বুলি যদি দাবী কৰে তেন্তে মই ক’ম যে তেওঁ মিছা কথা কৈছে৷ মানুহ চিনি পালে পৃথিৱীৰ ইতিহাসত ‘বিশ্বাসঘাতক’ শব্দটো নাথাকিলহেঁতেন৷[৬]
  7. এজন মানুহৰ প্ৰকৃত মানুহ হোৱা-নোহোৱাটো তাৰ জাতি, বৰ্ণ বা ভাষাৰ ওপৰত নিৰ্ভৰ নকৰে। নিৰ্ভৰ কৰে কিছু পৰিমাণে তাৰ উত্তৰাধিকাৰ, কিছু পৰিমাণে পাৰিবাৰিক পৰিৱেশ, আৰু বেছিভাগেই তাৰ ব্যক্তিসত্ত্বাৰ ওপৰত। যাক বৈজ্ঞানিকসকলে আখ্যা দিছে ইন্‌ডিভিজুৱালিটি (individuality).[৭]

উৎস[সম্পাদনা কৰক | উৎস সম্পাদনা]

  1. ড॰ পাৰ্থ চট্টোপাধ্যায়. প্ৰকাশক: Rokomari. আহৰণ কৰা হৈছে: 10 May 2020.
  2. অনুবাদক - গোস্বামী, ড॰ গোলকেশ্বৰ (দ্বিতীয় সংস্কৰণ, জানুৱাৰী ২০১০)। কেনেকৈ স্মৃতিশক্তি বঢ়াব। বীণা লাইব্ৰেৰী।
  3. ৩.০ ৩.১ মানুহ কেনেকৈ চিনিব পাৰি 2012, পৃষ্ঠা. 112.
  4. ৪.০ ৪.১ মানুহ কেনেকৈ চিনিব পাৰি 2012, পৃষ্ঠা. 108.
  5. মানুহ কেনেকৈ চিনিব পাৰি 2012, পৃষ্ঠা. 76.
  6. মানুহ কেনেকৈ চিনিব পাৰি 2012, পৃষ্ঠা. 69.
  7. মানুহ কেনেকৈ চিনিব পাৰি 2012, পৃষ্ঠা. 25.

বাহ্যিক সংযোগ[সম্পাদনা কৰক | উৎস সম্পাদনা]