চন্দনা গোস্বামী

ৱিকিউদ্ধৃতিৰ পৰা

চন্দনা গোস্বামী হৈছে অসমৰ এগৰাকী লেখক, ঔপন্যাসিক। তেওঁ ২০১২ চনত পাটকাইৰ ইপাৰে মোৰ দেশ গ্ৰন্থখনৰ বাবে সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল।[১]

উদ্ধৃতি[সম্পাদনা কৰক | উৎস সম্পাদনা]

পাটকাইৰ ইপাৰে মোৰ দেশ[সম্পাদনা কৰক | উৎস সম্পাদনা]

  1. ৰত্নপীঠ, কামপীঠ, স্বৰ্ণপীঠ আৰু সৌমাৰপীঠ, চাৰিটি ভূখণ্ডৰে গঠিত বিশাল কামৰূপ ৰাজ্যৰ মাজেৰে বহ্নিমান লৌহিত্যৰ পানীত সূৰুযে সৃষ্টি কৰিছিল ৰঙীন মায়াজালৰ। [১]
  2. অগ্নিয়েই বায়ু, পানী, সূৰ্য্য, চন্দ্ৰ, দিক আৰু উৎপাদিকা শক্তিৰ মূলমন্ত্ৰ। অগ্নিয়েই দৃশ্যমান সকলো বস্তুৰ স্বৰূপ। এই বিশ্বজগত অগ্নিৰেই বহিঃপ্ৰকাশ।[১]
  3. যি প্ৰদেশৰ যি জলবায়ু সেই অনুপাতেহে তাৰ জনপ্ৰাণী। [১]
  4. আকাৰেই শক্তি নুসূচাই, যিদৰে হাতী যুদ্ধক্ষেত্ৰত ঘোঁৰাৰ দৰে নহয়। হাতীৰে প্ৰতিপক্ষক গচকত পেলাই মহতিয়াই নিবলৈহে ভাল। কিন্তু ঘোঁৰা যেন যুদ্ধৰ বাবেই জন্ম হৈছে। যোদ্ধাৰ সমান তীব্ৰগতিত ঘোঁৰায়ো যুদ্ধক্ষেত্ৰত চিন্তা কৰে। প্ৰতিপক্ষৰ আক্ৰমণৰ পৰা পিঠিত বহি ৰোৱা যোদ্ধাক ৰক্ষা কৰাত ঘোঁৰাই যিদৰে আগভাগ লয়, বৰ ভক্তি হয় জন্তুটোৰ প্ৰতি। [১]
  5. বিভিন্নতা আমাৰ চৌদিশে তথাপি আমি বিভিন্নতাক ভয় কৰোঁ কেলেই? আমি ভয় কৰিব লাগে বিভেদকহে। যিয়ে বিভেদক জয় কৰে তাৰ বাবে বিভিন্নতা আশীৰ্বাদ, কিন্তু যিয়ে বিভিন্নতাক জয় কৰিবলৈ বিভেদ মাতে তাৰ বাবে বিভিন্নতা অভিশাপ। [১]
  6. মোৰ দেশৰ পথাৰত যদি হালোৱা-কেওটে পথাৰ চহায়, বুৰুকে ৰুৱে, চুতীয়াই দায়, দেউৰীয়ে চপায়। মৰাণে দিয়া খৰিৰে চৰু নুজুৰিলে, জালোৱা কেওটে মাছ, গুটীয়া কছাৰীয়ে মঙহ, মদাহিয়ে শুকতি, পানী কোচে পানী, নগাই লোণ, মিৰিয়ে দিয়া শাক-পাতেৰে বৰাহীয়ে নেৰান্ধিলে, চুতীয়া থালত মটকণীয়ে নেবাঢ়িলে মোৰ দেশৰ ভাতসাঁজ নহয়গৈ।[১]

উৎস[সম্পাদনা কৰক | উৎস সম্পাদনা]

  1. ১.০ ১.১ ১.২ ১.৩ ১.৪ ১.৫ ১.৬ চন্দনা গোস্বামী (২০০৯)। পাটকাইৰ ইপাৰে মোৰ দেশ। চন্দ্ৰ প্ৰকাশ।