কৃতজ্ঞতাঃ জীৱন আৰু শিক্ষাৰ বাবে এক বিজ্ঞান

ৱিকিউদ্ধৃতিৰ পৰা

কৃতজ্ঞতাঃ জীৱন আৰু শিক্ষাৰ বাবে এক বিজ্ঞান হৈছে অসমীয়া ভাষাত লিখা ডঃ প্ৰাঞ্জল বুঢ়াগোহাঁইৰ এখন গ্ৰন্থ। তেওঁ ৰচনা কৰি থকা 'ইতিবাচক শিক্ষা' ধাৰাবাহিকৰ এইখন প্ৰথম গ্ৰন্থ।[১]

উদ্ধৃতিসমূহ[সম্পাদনা কৰক | উৎস সম্পাদনা]

  1. জীৱনৰ যি দুই-চাৰি কথাই জীৱন চকুত লগাকৈ, জুখিব পৰাকৈ সলাই পেলাব পাৰে তাৰ ভিতৰত কৃতজ্ঞতাও এটা। [২]
  2. শৰীৰ মৃত্যু হোৱাৰ পাছত যিদৰে ৰোগ ধৰা পেলোৱাটো অপ্ৰাসংগিক, ঠিক সেইদৰে উন্মাদ হোৱাৰ পাছত চিকিৎসাৰ বাবে লৰা-ঢপৰা কৰাটোও মূৰ্খামি। [৩]
  3. কৃতজ্ঞতা, আশাবাদ, ভালপোৱা, সহৃদয়তা, সহায় আদি- এইবিলাক বঢ়াব লাগিব, শিকাব লাগিব বিজ্ঞানসন্মতভাৱে, কোনো গতানুগতিকতা আৰু ভণ্ডামিৰ গণ্ডীত থাকি নহয়। [৪]
  4. খং উঠিলে সাধাৰণতে আমি কাজিয়া কৰোঁ, যি টি কৈ পাওঁ, নল'বলগা সিদ্ধান্ত লৈ পেলাওঁ। তাৰমানে ই সুস্থভাৱে চিন্তা কৰা, সিদ্ধান্ত লোৱা বা কাম কৰাৰ ক্ষমতা হ্ৰাস কৰি পেলায়। আন কথাত ই আমাৰ মন-মগজুক অক্ষম কৰি তোলে। [৫]
  5. যদি মনৰ নেতিবাচক অৱস্থা আৰু নেতিবাচক আৱেগে মোক দুৰ্বল কৰিব পাৰে, নিশ্চিতভাৱে মনৰ ইতিবাচক অৱস্থা আৰু আৱেগে আমাক সবলৰ পৰা সবলতৰ কৰিব। বেছি নেতিবাচক মানে যদি বেছি দুৰ্বলতা তেতিয়াহ'লে বেছি ইতিবাচক মানে বেছি সফলতা।[৬]

উত্‍স[সম্পাদনা কৰক | উৎস সম্পাদনা]

  1. ড° প্ৰাঞ্জল বুঢ়াগোহাঁই (প্ৰথম সংস্কৰণ, ছেপ্তেম্বৰ, ২০১৭)। কৃতজ্ঞতাঃ জীৱন আৰু শিক্ষাৰ বাবে এক বিজ্ঞান। ডিব্ৰুগড়। বনলতা।
  2. পৃষ্ঠা ১৬
  3. পৃষ্ঠা ২০
  4. পৃষ্ঠা ২২
  5. পৃষ্ঠা ২৪
  6. পৃষ্ঠা ২৫