সমললৈ যাওক

জুবিন গাৰ্গ

ৱিকিউদ্ধৃতিৰ পৰা
(Zubeen Gargৰ পৰা পুনঃনিৰ্দেশিত)
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ বাৰ্ষিক অনুষ্ঠানত জুবিন গাৰ্গ

জুবিন গাৰ্গ (ইংৰাজী: Zubeen Garg; ১৮ নৱেম্বৰ, ১৯৭২ - ১৯ ছেপ্টেম্বৰ, ২০২৫) ভাৰতৰ এগৰাকী প্ৰসিদ্ধ কণ্ঠশিল্পী। ইয়াৰ উপৰি তেওঁ এগৰাকী সংগীত পৰিচালক, সুৰকাৰ, গীতিকাৰ, চলচ্চিত্ৰ অভিনেতা, সমাজকৰ্মী আৰু পৰিৱেশ হিতৈষী। বঙালী চিনেমা শুধু তুমিৰ কাৰণে জুবিনে ২০০৫ চনত তেওঁ শ্ৰেষ্ঠ সংগীত বঁটা লাভ কৰিছিল। হিন্দীৰ ইয়া আলী গীতটোৰ বাবে জুবিনে ২০০৭ চনত গ্ল’বেল ইণ্ডিয়ান ফিল্ম এৱাৰ্ড আৰু ষ্টাৰডাষ্ট এৱাৰ্ডত শ্ৰেষ্ঠ নেপথ্য সংগীত শিল্পীৰ বঁটা (পুৰুষ) লাভ কৰিছে। ইয়াৰ উপৰি Echoes of Silence ৰ বাবে শ্ৰেষ্ঠ সংগীত পৰিচালক হিচাপে ৰাষ্ট্ৰীয় বঁটা (ৰজত কমল) বঁটা লাভ কৰে।

  1. শেষ বুলিলেইতো শেষ নহয়। আকৌ আৰম্ভ হয়। শেষ নহয়।
  2. কিতাপ নথকা জাতিক গামোচাই বচাব নোৱাৰে।
  3. 'কথা কমকৈ ক'ব, চুটিকৈ ক'ব, যি ক'ব খাৰাংখাচ ক'ব, চিঞৰি ক'ব আৰু কৰিম বোলা কামটো কৰি দেখুৱাব, কাকো খাতিৰ নকৰিব।'
  4. আজিকালি নিজে গোৱাতকৈ বেলেগক গোৱাই বেছি ভাল পাওঁ। কিন্তু হিমন্ত দা (হিমন্ত বিশ্ব শৰ্মা)ক আজিলৈকে গোৱাব পৰা নাই। এদিন হিমন্ত দাকো গোৱাম।[]
  5. মই প্ৰতিখন ছবিতে ৰূপ সলনি কৰি থাকোঁ, ক’ৰবাত টকলা হৈ যাওঁ, ক’ৰবাত চুলি থাকে। এইখনত এনেদৰে ওলাইছোঁ। ৰৈ ৰৈ বিনালেত মই অন্ধ হৈ ওলাম।[]
  6. মই কেৱল গৰিমাৰ কথা শুনো। তাই মোক নকৰোঁ বুলি কোৱা কামো কৰাব পাৰে।[]
  7. ইউকেলিপ্টাছ গছৰ দৰে ওখ হ’ব খোজোঁ। মই চিৰদিন, চিৰন্তন...আকাশ চুব খোজোঁ।[]
  8. ‘শিল্পীক সন্মান দিয়াটো উচিত। শিল্পীয়ে কাকো বেয়া ব্যৱহাৰ নকৰে, গতিকে ভালকৈ কথা বতৰা পাতি ল’লে সকলো সমস্যাৰ সমাধান হয়৷’[]
  9. মোৰ স্বাভিমান বহুত বেছি আছে, সেয়ে মই কাজিয়া লাগি দিওঁ। শিল্পীৰ কোনো জীৱন বীমা নাথাকে, বেছিভাগ শিল্পীয়ে ব্যৱসায় কৰিবও নাজানে৷[]
  10. সৰুৰে পৰা কাশ্মীৰ সন্দৰ্ভত কাজিয়াৰ কথা শুনি আহিছোঁ। বিগত কেইবছৰমানত কাশ্মীৰৰ পৰিস্থিতি ভাল হৈছিল। কাশ্মীৰৰ বাবে পৰ্যটন উদ্যোগে মূল। এনেকুৱা ঘটনা হ’লে কাশ্মীৰলৈ মানুহ নোযোৱা হ’ব। (পহলগামৰ ২০২৫ৰ নৰসংহাৰৰ ঘটনাৰ প্ৰতিক্ৰিয়া)[]
  11. মোক দিছে ‘সূৰ্যকণ্ঠ’, মই হাঁহিছোঁ। মই সূৰ্যৰ লগত নাথাকোঁৱেই।[]
  12. মই মৰিলে এইটো (মায়াবিনী ৰাতিৰ বুকুত) গানেই বাজিব লাগিব।[]
  13. মোৰ কোনো জাতি নাই, মোৰ কোনো ধৰ্ম নাই, মই মুক্ত, মই কাঞ্চনজংঘা...।[][]
  14. 'মোৰ মানত 'ভগৱান' মোৰ মা।'
  15. 'মানুহক দুখ দি ঈশ্বৰক পূজা কৰি লাভ নাই, দুখীজনৰ মুখত হাঁহি বিৰিঙাব পাৰিলেই ঈশ্বৰক সেৱা কৰা হয়।'
  16. 'মই অসমৰ নিমখ, মই নহ'লে আঞ্জাও নহয়, দাইলো নহয়, আলুপিটিকাও নহয়, মই সকলোতে আছোঁ!'
  17. মোৰ কথা- মই অকল মানুহৰ লগত থাকিম, মই কোনো ধনী মানুহৰ লগত নাথাকো, কোনো মিনিষ্টাৰৰ লগত নাথাকো, চিধা কথা। মই অকল মানুহৰ লগত থাকিম, কমন মানুহ, জেনেৰেল মানুহৰ লগত- যাক দৰকাৰ আছে।
  18. মোৰ সকলো মানুহক দি যাম৷ নিজৰ কাৰণে একো নাৰাখোঁ৷ অকল চিতাখনৰ বাহিৰে৷[]

“কা” আইন সম্পৰ্কে

[সম্পাদনা কৰক | উৎস সম্পাদনা]
  1. “কা” কাৰ্যকৰী হ’বই নোৱাৰে, এইটো এটা অদকাৰী কাম কৰিছে।[]
  2. “কা”-ৰ বাবে আগৰ দৰে প্ৰতিবাদ নকৰোঁ। কিন্তু মই একে জেগাতে (ঠাইতে) আছোঁ। কা আমাক নালাগে, কিন্তু প্ৰতিবাদ লাগে। কোনো জি পি সিং থাকক, হিমন্ত বিশ্ব শৰ্মা থাকক; লাভ নাই। আমাৰ ৫ টা ল’ৰা মৰিল, এইবাৰ কাকো মৰিবলৈ নিদিওঁ। কেৱল সকলোৱে কা-ৰ বিৰুদ্ধে প্ৰতিবাদ কৰিব লাগে।[১০]
  3. NO CAA. লাগিলে ভোট নিদিব। ভোট নিদিলে কোনো মন্ত্ৰী-বিধায়কেও একো কৰিব নোৱাৰে। গতিকে আপোনালোকে চাই ল’ব। মই ভোট নিদিওঁ, আপোনালোকেও নিদিব। যদি “কা” দিয়ে, তেন্তে ভোট নিদিব। খতম।[১০]
  4. আকৌ কা আন্দোলন কৰিলে এই পুলিচখিনিয়েই মোক মাৰিবলৈ আহিব। জি পি সিঙে আদেশ দিছে। কিন্তু মই আহিলে আকৌ এওঁলোকেই মোক চিকিউৰিটি দিয়ে। হোৱাট ইজ দিছ? ইজ দিছ ডেম’ক্ৰেচী?[১০]
  5. কোনো মোদী বা হিমন্ত বিশ্ব শৰ্মাক মই খাতিৰ নকৰোঁ। মোদীয়ে ভাইয়ো-বেহেনো কৰি থাকি লাভ নাই। মোদীয়ে ইংৰাজী ক’ব নাজানে। মোদীয়ে ইংৰাজী শিকি লওক। মোক কোনেও ঘেণ্টাও একো কৰিব নোৱাৰে। জি পি সিঙে আৰক্ষীৰ হতুৱাই কাৰোবাক গ্ৰেপ্তাৰ কৰিব পাৰে, কিন্তু মোক নোৱাৰে।[১০]

মৃত্যু সম্পৰ্কে

[সম্পাদনা কৰক | উৎস সম্পাদনা]
  1. “মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন মোৰ ব্যক্তিগত সম্পত্তি নহয়। মই মোৰ মানুহজনক হেৰুৱাইছোঁ, তেখেতক মই ঘূৰাই নাপাও কেতিয়াও। কিন্তু তেওঁ উচিত ন্যায় পাব লাগিব। জুবিন গাৰ্গক ন্যায় দিয়ক।” — গৰিমা গাৰ্গ[১১]
  2. “প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুত আমি সকলো বুজাব নোৱাৰাকৈ মৰ্মাহত হৈ আছো। আমাৰ দুখ দুগুনে বৃদ্ধি কৰিছে শিল্পীগৰাকীৰ মৃত্যুকলৈ সৃষ্টি হোৱা ৰহস্যই। শিল্পীগৰাকীৰ অস্বাভাৱিক মৃত্যুক ৰাইজে মানি ল'ব পৰা নাই। সকলোৱে তদন্ত আৰু ন্যায়ৰ দাবী কৰিছোঁ। ছাত্ৰ সন্থায়ো ন্যায়ৰ বাবে মুখ্যমন্ত্ৰীলৈ পত্ৰ প্ৰেৰণ কৰিছো। নিৰপেক্ষ তদন্ত হ'ব লাগে।” — উৎপল শৰ্মা[]

জুবিন গাৰ্গ সম্পৰ্কে বিভিন্নজনৰ মন্তব্য

[সম্পাদনা কৰক | উৎস সম্পাদনা]
  1. জুবিন বৰ 'টেলেন্টেড' ল'ৰা। মই ভাবোঁ সি খুব অধ্যয়ন কৰে। জুবিনে নিজক আৰু শ্ৰোতাক ভালদৰে জানে, সেই কাৰণে ইমান জনপ্ৰিয়তা আৰু তেওঁ সৃষ্টিৰ প্ৰতি শ্ৰোতাৰ ইমান আগ্ৰহ। – ভূপেন হাজৰিকা
  2. জুবিন সঁচাই আচৰিত। ইমান কম বয়সতে, ইমান সোনকালে জনপ্ৰিয়তা লাভ কৰা দেখি আচৰিত হওঁ। জুবিন কোনো ৰেডিঅ'ৰ শিল্পী নহয়। দূৰদৰ্শনৰ শিল্পী নহয় বা তেনেধৰণৰ কোনো বেকগ্ৰাউণ্ডো নাই। জুবিনে যোগ্যতাৰ ভিত্তিত জনপ্ৰিয়তা পাইছে নিঃসন্দেহে। — হীৰেন ভট্টাচাৰ্য[১২]
  3. ভাৰততে নহয়, পৃথিৱীৰ ভিতৰতে জুবিনে যি স্থান লাভ কৰিলে, যি ভৰসা, যি মৰম জয় কৰিলে, সেয়া অতুলনীয়৷ যদি আপুনি জুবিনৰ বিদায়ৰ এই বিষাদময় দৃশ্য নেদেখে, তেন্তে কেতিয়াও বিষাদৰ গভীৰতা প্ৰকৃতাৰ্থত বুজি নাপাব৷ শোক মানে কি, সেইকথা সম্পূৰ্ণকৈ উপলব্ধি কৰিব নোৱাৰিব৷ অসমৰ কত মানুহ মূক হৈ পৰিছে, ৰাতি উজাগৰে আছে, দিবা-ৰাত্ৰি কান্দি আছে৷ এইগৰাকী মহান শিল্পীক মোৰ প্ৰণিপাত জনাইছোঁ৷ — ৰৱীশ কুমাৰ[১৩]
  4. অসমে যি কৰি দেখুৱালে সেয়া অবিশ্বাস্য৷ কিন্তু কিয়? এজন শিল্পীকো এনেদৰে ইমান ভালপোৱাৰে বিদায় দিয়া যায়! সমগ্ৰ অসম ওলাই আহিছে ৰাজপথলৈ৷ গোটেই অসম ক্ৰন্দনৰত৷ কোন বিজেপি, কোন কংগ্ৰেছ, কোন হিন্দু, কোন মুছলমান কোনো ভেদাভেদ নাই৷ পৃথিৱীৰ আন কোনো শিল্পীয়ে তেওঁৰোনিজৰ ৰাজ্যত, নিজৰ মানুহখিনিৰ মাজত, কেতিয়াবা ইমান ভালপোৱা পাইছেনে নাই মই নাজানো৷ কোনো জননেতা বা জনপ্ৰিয় ব্যক্তিৰ মৃত্যুত পৃথিৱীৰ কোনো অঞ্চলৰ সৰ্বস্তৰৰ মানুহ এনেদৰে ৰাজপথলৈ নামি আহিছেনে নাই মই নাজানো৷ — তছলিমা নাছৰিন (জুবিন গাৰ্গৰ ৰাজহুৱা শ্ৰদ্ধাঞ্জলি সম্পৰ্কে৷)[১৪]
  5. ভূপেন হাজৰিকা আছিল স্বাধীনতাৰ পিছৰ সমাজ আৰু বিশ্বচেতনা সম্পৃক্ত শিল্পী; জুবিন গাৰ্গ হৈছে বিশ্বায়নৰ যুগত জন্ম লোৱা নতুন প্ৰজন্মৰ প্ৰতিনিধি। ভূপেন হাজৰিকা আৰু জুবিন গাৰ্গ দুয়োজনেই অসমীয়া সংগীতৰ গৌৰৱ। — ড° শৰৎ বৰকটকী।[১৫]
  6. যিগৰাকী শিল্পীয়ে মৃত্যুৰ পূৰ্বেই নিজৰ অন্তিম শয়নৰ বাবে গান গাব পাৰে তেওঁৰ অন্তৰ কিমান বহল আৰু পৰিষ্কাৰ হ’ব পাৰে সেয়া সহজেই অনুমান কৰিব পাৰি। — ডাঃ হিতেশ বৰুৱা।[]
  7. মই দেখিছোঁ জুবিনৰ কণ্ঠত এনে এক সুৰৰ যাদু আছে, যি মানুহক, শ্ৰোতাক সহজেই আকৰ্ষণ কৰিব পাৰে। — ড॰ নগেন শইকীয়া[১৬]
  8. দৰ্শক আৰু সাধাৰণ মানুহক আকৰ্ষণ কৰিব পৰা যি ক্ষমতা, গীতৰ বজাৰত গীত বিক্ৰীৰ যি নিশ্চয়তা প্ৰদান, তেওঁৰ সৃষ্টিৰ পোহৰৰ প্ৰতিফলনত জিলিকি উঠাৰ যি হেঁপাহ, সেইবোৰেই তেওঁৰ নক্ষত্ৰ-স্থান স্থিৰ কৰি ৰাখিছে। সমগ্ৰ অসমৰ বিশালসংখ্যক গুণমুগ্ধৰ স্বাৰ্থহীন ভালপোৱাৰ অধিকাৰী হৈছিল জুবিন। — উৎপল দত্ত[১৭]
  9. জুবিনৰ সৈতে দেখা হোৱা মানে এটা মহাসমুদ্ৰৰ সৈতে মুখামুখী হোৱা। সমুদ্ৰৰ বিশালতাই একমাত্ৰ পৰিচয় নহয়, তাৰ গৰ্ভৰ গভীৰতাত লুকাই থাকে অজস্ৰ অমূল্য সম্পদ। জুবিনৰো পৰিচয় বৰ্তমানৰ জনপ্ৰিয়তাই নহয় জুবিনৰো গভীৰ অনুভৱেৰে ভৰা শিল্পী মনত লুকাই আছে এতিয়াও উন্মোচনৰ অপেক্ষাত ৰোৱা অজস্ৰ সম্পদ। — ফণীন্দ্ৰ কুমাৰ দেৱচৌধুৰী[১৮]
  10. তেওঁ (জুবিন) প্ৰকৃতিৰ দান। — ইছমাইল দৰবাৰ[১৮]
  1. এদিন হিমন্ত বিশ্ব শৰ্মাকো গীত গোৱাম. আহৰণ কৰা হৈছে: 19 ছেপ্টেম্বৰ 2025.
  2. ক’লা শশমা হাতত লাখুটি লৈ..... আহৰণ কৰা হৈছে: 19 ছেপ্টেম্বৰ 2025.
  3. ৩.০ ৩.১ ৩.২ জুবিন গাৰ্গে ফলো কৰা একমাত্ৰ ব্যক্তি কোন. আহৰণ কৰা হৈছে: 19 ছেপ্টেম্বৰ 2025.
  4. ৪.০ ৪.১ ৪.২ মোৰ স্বাভিমান বহুত বেছি..... আহৰণ কৰা হৈছে: 19 ছেপ্টেম্বৰ 2025.
  5. ৫.০ ৫.১ ৫.২ মই মৰিলে এইটো গানেই বাজিব লাগিব. আহৰণ কৰা হৈছে: 19 ছেপ্টেম্বৰ 2025.
  6. মোৰ মত. আহৰণ কৰা হৈছে: 6 অক্টোবৰ 2025.
  7. জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলি. আহৰণ কৰা হৈছে: 6 অক্টোবৰ 2025.
  8. ফুকন, গুণ গোবিন্দ (১৬-৩০ নৱেম্বৰ ২০২৫). "মহানায়কৰ মহাপ্ৰস্থান". প্ৰান্তিক চতুৰ্শ্চত্বাৰিংশ বছৰ (চতুৰ্বিংশ সংখ্যা). 
  9. এইটো এটা অদৰকাৰী কাম কৰিছে. আহৰণ কৰা হৈছে: 19 ছেপ্টেম্বৰ 2025.
  10. ১০.০ ১০.১ ১০.২ ১০.৩ কা আহিলে ভোট নিদিব. আহৰণ কৰা হৈছে: 19 ছেপ্টেম্বৰ 2025.
  11. মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন ঘূৰাই দিলে গৰিমা গাৰ্গে. আহৰণ কৰা হৈছে: 6 অক্টোবৰ 2025.
  12. ভট্টাচাৰ্য, হীৰেন, অনুলেখন : মণ্টু শইকীয়া (জানুৱাৰী, ২০০৯)। জুবিন গাৰ্গ জীৱনৰপৰা গানলৈ। গুৱাহাটী। চন্দ্ৰ প্ৰকাশ, পৃষ্ঠা:১,২।
  13. কুমাৰ, ৰৱীশ (২৪ চেপ্তেম্বৰ, ২০২৫). "ঈশ্বৰে অসমক দুখ সহিবলৈ শক্তি দিয়ক". দৈনিক অসম ৬১ (৫০): ১২. 
  14. নাছৰিন, তছলিমা. "শিল্পীৰ বিদায় এনেদৰেই হোৱা উচিত". অসমীয়া খবৰ (৩১০): ৫. 
  15. বৰকটকী, শৰৎ (২৪ ছেপ্তেম্বৰ ২০২৫). "সংগীত জগতৰ কিংবদন্তি". সাপ্তাহিক কলংপাৰ ২৭ (৬): ৯. 
  16. নগেন শইকীয়া. "আজিৰ দিনটো শোক দিৱস হিচাপে গণ্য কৰিব লাগে", ২০ ছেপ্টেম্বৰ ২০২৫. আহৰণ কৰা হৈছে ১২ অক্টোবৰ ২০২৫.
  17. উৎপল দত্ত. "অসমৰ বিনোদন জগতৰ অতুলনীয় নক্ষত্ৰ – জুবিন গাৰ্গ", ২২ ছেপ্টেম্বৰ ২০২৫. আহৰণ কৰা হৈছে ১২ অক্টোবৰ ২০২৫.
  18. ১৮.০ ১৮.১ কপিল ঠাকুৰ (২০১১)। পিতৃৰ দৃষ্টিত জুবিন। গুৱাহাটী। চন্দ্ৰ প্ৰকাশ। ISBN: 9788124408834
:w:
:w:
ৱিকিপিডিয়াত সম্বন্ধিত পৃষ্ঠা: