সমললৈ যাওক

ৱিকিউদ্ধৃতি:পৃষ্ঠা কেনেকৈ সম্পাদনা কৰে

ৱিকিউদ্ধৃতিৰ পৰা
(ৱিকিউদ্ধৃতি:How to edit a pageৰ পৰা পুনঃনিৰ্দেশিত)

ৱিকিউদ্ধৃতি হৈছে এটা ৱিকি, অৰ্থাত্‍ প্ৰত্যেকেই যিকোনো অসুৰক্ষিত পৃষ্ঠা সম্পাদনা কৰিব পাৰে আৰু সকলো পঢ়ুৱৈৰ বাবে প্ৰবন্ধটো উন্নত কৰিব পাৰে। আপুনি ইয়াৰ বাবে পঞ্জীয়ন কৰাৰ প্ৰয়োজন নাই। সম্পাদনা কৰাজনক "ৱিকিমিডিয়ান" বুলি কোৱা হয়। সম্পাদনা যি স্তৰৰে নহওক, ৱিকিউদ্ধৃতিক সহায় কৰাৰ বাবে তেওঁ গৌৰৱ কৰিব পাৰে।

টোকা: আপুনি পৰীক্ষাগাৰ ব্যৱহাৰ কৰি পৃষ্ঠা সম্পাদনাৰ পৰীক্ষা-নিৰীক্ষা কৰিব পাৰে।

সম্পাদনা

[উৎস সম্পাদনা]

ৱিকিউদ্ধৃতিৰ বেছিভাগ পৃষ্ঠা‍ই সম্পাদনা কৰা সহজ। মাত্ৰ পৃষ্ঠাৰ ওপৰত থকা "সম্পাদনা" টেবটো (বা অনুচ্ছেদ-সম্পাদনা সংযোগত) ক্লিক কৰক। তেতিয়া পৃষ্ঠাখনৰ পাঠ অংশ থকা এটা সম্পাদনা ঘৰ খোল খাব।


এই পৃষ্ঠাখনত আপুনি অন্তৰ্ভুক্ত কৰিব বিচৰা পাঠ টাইপ কৰিব পাৰে, ৱিকি চিহ্নসমূহৰে উপস্থাপন শৈলী সলাব পাৰে, আৰু ছবি বা তালিকাও সন্নিৱিষ্ট কৰিব পাৰে। কোনো সহায়ৰ বাবে "সাঁচি থওক"ৰ ওচৰত থকা "সম্পাদনাৰ সহায়"ত ক্লিক কৰিব পাৰে।

বিশেষ সজ্জাৰ প্ৰয়োজন নহ’লে খালী ঠাই এৰি শাৰীটো আৰম্ভ নকৰিব। খালী শাৰী এটা এৰি অনুচ্ছেদ পৃথক কৰিব পাৰি। নিৰ্দিষ্ট গঠন বা উপস্থাপনৰ বাবে ৰচনাশৈলীৰ নিৰ্দেশিকা চাওক।

আপোনাৰ সম্পাদনা শেষ হ’লে সম্পাদনা ঘৰৰ তলত থকা সৰু খালী ঠাইডোখৰত সম্পাদনা সাৰাংশ লিখক। ইয়াৰ বাবে সংক্ষিপ্ত ৰূপত বৰ্ণনা কৰাৰ দৰে আপুনি ছৰ্টহেণ্ডো ব্যৱহাৰ কৰিব পাৰে। সম্পাদনাৰে সৈতে পৃষ্ঠাখন কেনে দেখা যাব তাক চাবলৈ "খচৰা দেখুৱাওক" বুটামটো টিপক। আপুনি সম্পাদনা কৰা পৃষ্ঠা আৰু পূৰ্বৰ সংস্কৰণৰ মাজত পাৰ্থক্য চাবলৈ "সালসলনি দেখুৱাওক" বুটামটো ক্লিক কৰক। যদি আপুনি আপোনাৰ সম্পাদনাত সন্তুষ্ট, তেন্তে সাহসী হওক আৰু "পৃষ্ঠা সাঁচক" বুটামটো টিপি দিয়ক। আপোনাৰ সালসলনি লগে লগে সকলো ৱিকিউদ্ধৃতিৰ সদস্যই দেখা পাব।


টোকা: সম্পাদনা সাৰাংশ শাৰীত আপোনাৰ ~~~~ স্বাক্ষৰে কাম নকৰে।

কথা-বতৰা (আলোচনা) পৃষ্ঠা

[উৎস সম্পাদনা]

আলোচনা পৃষ্ঠাসমূহো প্ৰবন্ধ পৃষ্ঠাৰ লগত একেই। ইয়াতো নতুন অনুচ্ছেদ আৰম্ভ কৰিবলৈ বা গোটেই পৃষ্ঠাটো সম্পাদনা কৰিবলৈ "বিষয় যোগ" বুলি টেব এটা থাকে।

অগুৰুত্বপূৰ্ণ সম্পাদনা

[উৎস সম্পাদনা]

"অগুৰুত্বপূৰ্ণ সম্পাদনা" ঘৰটো চিহ্নিত কৰা মানে আপুনি সম্পাদনা কৰা সংস্কৰণ আৰু পূৰ্বৰ সংস্কৰণৰ মাজত সামান্য পাৰ্থক্যহে আছে : যেনে বৰ্ণাশুদ্ধি, সজ্জা আৰু উপস্থাপন আদি। "অগুৰুত্বপূৰ্ণ সম্পাদনা"ক সম্পাদকে পুনৰীক্ষণ বা বিবাদৰ বিষয় বুলি নাভাবে। কেৱল পঞ্জীভূত সদস্যইহে আন বহু ৱিকিপিডিয়া বিকল্পৰ নিচিনাকৈ "অগুৰুত্বপূৰ্ণ সম্পাদনা" কৰিব পাৰে।

গুৰুত্বপূৰ্ণ সম্পাদনা

[উৎস সম্পাদনা]

সকলো সম্পাদককে সাহসী হ’বলৈ উত্‍সাহ যোগোৱা হয়, কিন্তু গুৰুত্বপূৰ্ণ সম্পাদনা এটা ভালে-কুশলে যাবলৈ সম্পাদকে কিছুমান কথাত চকু দিয়া উচিত। গুৰুত্বপূৰ্ণ সম্পাদনা কৰাৰ আগতে সম্পাদকে প্ৰস্তাৱিত সালসলনিবোৰ প্ৰবন্ধটোৰ "আলোচনা পৃষ্ঠাত"ত উনুকিয়াই দিলে ভাল। বেছি সময় ধৰি চলা সম্পাদনাত ‘সম্পাদনা দ্বন্দ্ব’ টেগ লগাই থ’লে সম্পাদনা দ্বন্দ্বৰ আশংকা কমি যায়। সম্পাদনা শেষ হ’লে সম্পাদনা সাৰাংশই সালসলনিবোৰ চকুত পৰাত সহায় কৰিব।

সকলো সম্পাদক একমত হ’বলৈ গুৰুত্বপূৰ্ণ সম্পাদনা এটাৰ পুনৰীক্ষণ হ’ব লাগে। সেইবাবে প্ৰবন্ধৰ "অৰ্থ" সলনি কৰা সম্পাদনা সদায় গুৰুত্বপূৰ্ণ (অগুৰুত্বপূৰ্ণ নহয়), লাগিলে সি এটা মাত্ৰ শব্দতেই হওক।

গুৰুত্বপূৰ্ণ সম্পাদনা কৰাৰ বাবে আপুনি কোনো চৰ্তৰ হয়ভৰ দিয়াৰ প্ৰয়োজন নাই, কিন্তু ওপৰৰ কথাখিনি মানি চলাটো ভাল। আপুনি ইয়াক নিজৰ মতে কৰিব বিচাৰিলে আপোনাৰ সম্পাদনা "পুনৰ্সম্পাদনা" হোৱাৰো সম্ভাৱনা বাঢ়ি যাব।

গুৰুত্বপূৰ্ণ সম্পাদনা কৰাৰ সময়ত ‘পৃষ্ঠা সাঁচক’ টিপাৰ আগতে আপোনাৰ পাঠখিনি বাহ্যিক "টেক্সট ইডিটৰ"ত (যেনে ৱিণ্ড’জ ন’টপেড) কপী কৰি থোৱা উচিত যাতে ব্ৰাউজাৰৰ কিবা সমস্যা হ’লে আপোনাৰ কামখিনি হেৰাই নাযায়।

"উৎস চাওক" - সুৰক্ষিত পৃষ্ঠা

[উৎস সম্পাদনা]

কিছুমান পৃষ্ঠা সম্পাদনাৰ পৰা সুৰক্ষিত কৰি ৰখা হয়। এই পৃষ্ঠাবোৰত সম্পাদনা টেবৰ সলনি উৎস চাওক বুলি থাকে। তথাপিও আপুনি সম্পাদনা আবেদন এখন জমা কৰি পৰোক্ষভাৱে ইয়াক সম্পাদনা কৰিব পাৰে। সুৰক্ষিত পৃষ্ঠা সম্পাদনা কৰিবলৈ অধিকাৰ থকা সম্পাদক এজনে আপোনাৰ আবেদনত সঁহাৰি জনাব। আপুনি উৎস চাওক টেবত ক্লিক কৰি আৰু পৃষ্ঠাখনৰ সোঁফালে তলত থকা "সম্পাদনা আবেদন জমা কৰক/Submit an edit request" সংযোগটো ব্যৱহাৰ কৰি এই কাম কৰিব পাৰে।

ৱিকি চিহ্নসমূহ

[উৎস সম্পাদনা]

ৱিকি চিহ্ন বা মাৰ্ক্‌আপ হৈছে সম্পাদনা ঘৰত দেখা পোৱা মূল পাঠৰ উপৰিও থকা অতিৰিক্ত তথ্যসমূহ যিবোৰে মিডিয়াৱিকি ছফ্টৱেৰৰ সহায়ত প্ৰবন্ধটোৰ ডিছপ্লে', শ্ৰেণীকৰণ আদি প্ৰণালীবোৰ গত লগায়।

ৱিকি পৃষ্ঠাৰ সম্পাদনা সম্পৰ্কীয় অধিক তথ্য

[উৎস সম্পাদনা]

বিশ্ব পৰিৱেশ দিৱস আৰু সজাগতা

                                             -পৰিস্মিতা বৰা।
                                                জাঁজী, শিৱসাগৰ।

" বৃক্ষৰোপণ,জীপাল জীৱন সেউজ পৃথিৱী,সুস্থ মন।"

সমগ্ৰ বিশ্বজুৰি ৫ জুন তাৰিখে" বিশ্ব পৰিৱেশ দিৱস" পালন কৰি আহিছে। তথ্য অনুসৰি ৰাষ্ট্ৰসংঘই ১৯৭২ চনত চুইডেনৰ ৰাজধানী ষ্ট্ৰ'কহোমত পৰিৱেশগত সমস্যাসমূহক লৈ  ভৱিষ্যতে জনগণক সজাগ কৰিবলৈ ৫ জুনৰপৰা ১৬ জুনলৈকে এখন সন্মিলন অনুষ্ঠিত কৰিছিল।  তাৰ পাছৰ পৰাই ১৯৭৩ চনৰ ৫ জুন তাৰিখে সমগ্ৰ বিশ্বজুৰি "বিশ্ব পৰিৱেশ দিৱস " প্ৰথম বাৰৰ বাবে উদযাপন কৰে । তেতিয়াৰ পৰাই "বিশ্ব পৰিৱেশ দিৱস" উপলক্ষে বিশ্বজুৰি বৃক্ষৰোপণ কাৰ্যসূচি পালন কৰি আহিছে। ২০২৬ বৰ্ষৰ "বিশ্ব পৰিৱেশ দিৱস" ৰ বিষয়বস্তু হ'ল - "প্ৰকৃতিৰ পৰা অনুপ্ৰাণিত। জলবায়ুৰ বাবে। আমাৰ ভৱিষ্যতৰ বাবে। " 
        পৰিৱেশ বুলিলে আমাৰ চৌদিশে আগুৰি থকা গছ-গছনি, বায়ু, পানী, মাটি, মানুহ আদিকে বুজায়।
  মানুহৰ জীৱনত পৰিৱেশৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ।

আমি সকলো প্ৰকৃতিৰ ওপৰতে নিৰ্ভৰশীল।প্ৰকৃতি অবিহনে মানুহ জীয়াই থকাটো অসম্ভৱ । গতিকে প্ৰকৃতিক জীয়াই কৰি ৰখাৰ আমাৰ সকলোৰে দায়িত্ব বুলি ভাৱো।

 বৰ্তমান সময়ত আমাৰ চৌদিশে বিভিন্ন সমস্যা দেখিবলৈ পোৱা যায়। তাৰে ভিতৰত মূল সমস্যা কেইটা হৈছে- গোলকীয় উষ্ণতা বৃদ্ধি, প্লাষ্টিক প্ৰদূষণ,বায়ু প্ৰদূষণ, পানী প্ৰদূষণ ইত্যাদি। 
        বৰ্তমান সময়ত সমগ্ৰ বিশ্বজুৰি ভুগি থকা আটাইতকৈ ডাঙৰ সমস্যাটোৱেই হ'ল -গোলকীয় উষ্ণতা বৃদ্ধি। জধে -মধে কৰা বন ধ্বংসৰ বাবে হোৱা সমস্যা , কল -কাৰখানাৰ পৰা নিৰ্গত হোৱা ধোঁৱাৰ পৰা হোৱা সমস্যাকে ধৰি আন বহুতো সমস্যা ইয়াৰ মূল কাৰণ বুলিব পাৰি। গতিকে আমি ইয়াৰ পৰা পৰিত্ৰাণ পাবলৈ হ'লে সকলোৱে বিষয়টো গুৰুত্বসহকাৰে লৈ এনে কাৰ্যৰ পৰা বিৰত থকাতো উচিত আৰু সুবিধা অনুযায়ী বৃক্ষৰোপণ কৰি ইয়াৰ লালন -পালনৰো  দায়িত্ব হাতত ল'ব লাগে বুলি ভাৱো। ইয়াৰোপৰি প্লাষ্টিক কমকৈ ব্যৱহাৰ কৰা, পানী অপচয় কৰাৰ পৰা বিৰত থকা আৰু চৌপাশৰ পৰিৱেশক পৰিষ্কাৰ -পৰিচ্ছন্নতাৰে আমি এই সেউজীয়া ধৰণী ৰক্ষা কৰিব পাৰোঁ ।
"গছ থাকিলেহে যিহেতু মানুহো থাকিব"

গতিকে কেৱল "বিশ্ব পৰিৱেশ দিৱস" বুলিয়েই বৃক্ষৰোপণৰ দৰে মহৎ কাৰ্যসূচী কেৱল ৫ জুন তাৰিখেহে পালন কৰি সামৰি নথৈ অন্য দিনতো আমি বৃক্ষৰোপণ কৰা উচিত।

     আমাৰ হিয়াৰ আমঠু জুবিন গাৰ্গ ডাঙৰীয়াইও বৃক্ষৰোপণ কৰা , বন্যপ্ৰাণীৰ সুৰক্ষা কৰা আৰু প্ৰকৃতিৰ ধ্বংসৰ বিৰোধিতা কৰি সজাগতা সৃষ্টি কৰা দেখিবলৈ পোৱা গৈছিল। ইয়াৰ পৰিৱৰ্তে তেখেতে প্ৰাকৃতিক সংৰক্ষণ কৰাতো আমাৰ নৈতিক দায়িত্ব বুলি বিশ্বাস কৰিছিল।
  গতিকে আহক আমি সকলোৱে একেলগ হৈ এখন সেউজ পৃথিৱী আৰু এক সুস্থ পৰিৱেশ গঢ়ি তুলো।

নীতি আৰু দস্তুৰসমূহ

[উৎস সম্পাদনা]

ৱিকিৰ উদ্দেশ্যৰ লগত সংগতি থকা তথ্যহে সন্নিৱিষ্ট কৰিব অন্যথা সেইবোৰ বিলোপ কৰা হ'ব পাৰে। আপোনাৰ চিন্তা গ্ৰহণযোগ্য হ'বনে নাই জানিবৰ বাবে আলোচনা পৃষ্ঠা ব্যৱহাৰ কৰিব পাৰে। আপোনাৰ বৰঙণি কি অনুজ্ঞাপত্ৰৰ আধাৰত অন্তৰ্ভুক্ত হ'ব জানি লওক।

  • নীতি আৰু পথনিৰ্দেশিকাসমূহ