সমললৈ যাওক

ৰোমেইন ৰ'লেণ্ড

ৱিকিউদ্ধৃতিৰ পৰা
যুদ্ধক মই ঘৃণনীয় বুলি বিবেচনা কৰোঁ, কিন্তু যিসকলে ইয়াত অংশগ্ৰহণ নকৰাকৈ ইয়াৰ প্ৰশংসা কৰে তেওঁলোক মোৰ বাবে আৰু অধিক ঘৃণনীয়।

ৰোমেইন ৰ'লেণ্ড ((ইংৰাজী: Romain Rolland; ২৯ জানুৱাৰী ১৮৬৬ – ৩০ ডিচেম্বৰ ১৯৪৪)এজন ফৰাচী লেখক আছিল, যিয়ে ১৯১৫ চনত তেওঁৰ প্ৰধান গ্ৰন্থ ‘জিন-ক্ৰিষ্টোফ’ প্ৰকাশৰ পিছত সাহিত্যৰ নোবেল বঁটা লাভ কৰিছিল।

  • নতুন ভ্ৰাম্যমাণ থিয়েটাৰৰ উত্থানৰ বাবে এটাই প্ৰয়োজনীয় চৰ্ত, যে মঞ্চ আৰু প্ৰেক্ষাগৃহটো জনসাধাৰণৰ বাবে মুকলি হ’ব লাগে, যাতে তেওঁলোকে জনসাধাৰণ আৰু তেওঁলোকৰ কাম-কাজক অন্তৰ্ভুক্ত কৰিব পাৰে।
- লে থিয়েট্ৰে ডু প্যুপল (১৯০৩)
  • যুদ্ধক মই ঘৃণনীয় বুলি বিবেচনা কৰোঁ, কিন্তু যিসকলে ইয়াত অংশগ্ৰহণ নকৰাকৈ ইয়াৰ প্ৰশংসা কৰে তেওঁলোক মোৰ বাবে আৰু অধিক ঘৃণনীয়।
- "ইণ্টাৰ আৰ্মা কেৰিটাছ," জাৰ্নেল ডি জেনেভ (৩০ অক্টোবৰ, ১৯১৪), ৰোডা থমাছ ট্ৰিপ (সম্পা.), দ্য ইণ্টাৰনেশ্যনেল থিছাৰাছ অৱ কোটেচনছ (এন ৱাই: থমাছ ৱাই. ক্ৰৱেল, ১৯৭০), পৃষ্ঠা ৬৮৫ত উদ্ধৃত।
  • আপুনি গ'থেৰ বংশধৰ নে আটিলা দ্য হানৰ বংশধৰ?
- বেলজিয়ামৰ কেথলিক ইউনিভাৰ্চিটি অৱ লুভেনৰ একাডেমিক লাইব্ৰেৰী জ্বলোৱাৰ প্ৰতিক্ৰিয়া স্বৰূপে ১৯১৪ চনত জাৰ্মানসকললৈ লিখা এখন মুকলি চিঠি। বাৰ্বাৰা ডব্লিউ টাচমেন, দ্য গানছ অৱ আগষ্ট (এন ৱাই: মেকমিলান, ১৯৬২), পৃষ্ঠা ৩২১ত উদ্ধৃত।
  • মানুহে ভুল কৰে; সেইটোৱেই জীৱন। কিন্তু কাৰোবাক ভালপোৱাটো কেতিয়াও ভুল নহয়।
- কিম্বাৰ্লি কিৰবাৰ্গাৰে তেওঁৰ গ্ৰন্থ ‘অন ৰিলেচনশ্বিপছ: এ বুক ফৰ টিনেজাৰ্ছ’ (১৯৯৯)ত উল্লেখ কৰা অনুসৰি।
- "Romain Rolland Quotes"